Menu

অসমৰ বাবে ৬০টা শুভ সংবাদ

অসমৰ বাবে ৬০টা শুভ সংবাদ

১. চৰকাৰী প্ৰশাসনযন্ত্ৰৰ ভিতৰচ’ৰাৰ দুৰ্নীতিৰ পুলি পোখাই উৎখাতৰ বাবে সাহসী আৰু সময়োপযোগী কাৰ্যপন্থা হাতত লৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগে৷ বহু বিতৰ্কিত অসম প্ৰশাসনিক সেৱাৰ দুৰ্নীতি, সমাজকল্যাণ বিভাগৰ দুৰ্নীতি আদি বহু নিকৃষ্ট অনিয়ম পোহৰলৈ আনিছে এই বিভাগটোৱে৷ ইতিমধ্যে অসম প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত তিনি মাহতকৈও কম সময়ৰ ভিতৰতে ১০জনক মূল অভিযুক্ত হিচাপে লৈ দাখিল কৰা হৈছে অভিযোগনামা৷ ইয়াৰে আঠজন গ্ৰেপ্তাৰ হৈছে আৰু দুজন পলাতক৷ একোজন প্ৰাৰ্থীৰ পৰা চাকৰিৰ বিনিময়ত ১০ ৰ পৰা ৪০ লাখ টকালৈকে সংগ্ৰহ কৰা হৈছিল৷ এই যোগাত্মক গতিবিধিয়ে স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতি আশাবাদী কৰি তুলিছে অসমবাসীক৷

২. হামৰেনৰ আমৰি উন্নয়ন খণ্ডৰ ভিতৰুৱা গাওঁ চিকদামাখা৷ ৮৯ ঘৰ মানুহ থকা এই গাঁওখন বৰ্তমান দেশৰ অন্যতম পৰিষ্কাৰ গাঁও৷ কিন্তু গাঁওবাসীৰ এই প্ৰচেষ্টা এতিয়াৰ নহয়৷ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ চাৰি বছৰ আগেয়েই এই গাওঁবাসীয়ে আৰম্ভ কৰিছিল নিজৰ ঠাইখনক নিকা কৰি ৰখাৰ অভিযান৷ গাঁও পৰ্যায়ৰ স্বচ্ছতা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিছিল গাঁওখনৰ যুৱচামে৷ তেওঁলোকৰ সেই প্ৰচেষ্টাই দেশৰ অন্যতম পৰিষ্কাৰ গাঁৱৰ সন্মান আনিছে চিকদামাখালৈ৷ ভাৰত চৰকাৰৰ গ্ৰাম্য স্বচ্ছতা সূচকাংকতো শীৰ্ষস্থানত আহিছে এই গাঁওখন৷ ৰাজ্যত পৰিষ্কাৰ পৰিৱেশ গঢ়ি তুলাৰ অন্যতম প্ৰেৰণা হ’ব পাৰে এই গাঁওখনৰ দৃষ্টান্ত৷

৩. গুৱাহাটীৰ ৰিদ্ধিমান দাস আৰু তেওঁৰ সহযোগীসকলৰ আমেৰিকাত থকা প্ৰতিষ্ঠান আইভেৰিফাই ক্ৰয় কৰে বিখ্যাত চীনা প্ৰতিষ্ঠান আলিবাবাই। আইভেৰিফাইত ম’বাইল ফোন আৰু অনলাইন লেনদেনৰ পাছৱৰ্ডৰ বিকল্পৰূপে মানুহৰ চকুৰ মণিৰ প্ৰতিচ্ছবি প্ৰয়োগ কৰা হয়। এই প্ৰযুক্তিৰ বাবে বিশ্ববিখ্যাত হোৱা এই বাণিজ্যিক চুক্তিক বছৰেটাৰ উল্লেখনীয় ঘটনা আখ্যা দিছে ফৱৰ্ছৰ দৰে আলোচনীয়ে।

৪. অসম প্ৰশাসনিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱা সেই সময়ত নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল৷ টিহু মহকুমা ঘোষণাৰ দাবীৰে বিশাল প্ৰতিবাদী সভা এখনৰ আয়োজন হৈছিল টিহুৰ নাথকুছিত৷ মৃগেশ নাৰায়ণ বৰুৱা সেইসভাত বিশেষ কৰ্তব্যৰত হৈ আছিল৷ প্ৰতিবাদী সভাখনৰ মাজতে হঠাৎ এগৰাকী কৰ্তব্যৰত চিআৰপিএফৰ জোৱানে যেনি-তেনি গুলিয়াবলৈ ধৰিলে৷ শান্তিপূৰ্ণ প্ৰতিবাদস্থলীত গুলীৰ আঘাতত বাগৰি পৰিল বহুজন৷ সেই পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মৃগেশ নাৰায়ণ বৰুৱাই জোৱান গৰাকীক নিজ হাতে কাবুলৈ আনি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু বহু নিৰীহ জনতাৰ প্ৰাণ ৰক্ষা কৰে৷

৫. বিলুপ্তিৰ গৰাহত পৰা প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি বাঢ়ৈটোকাৰ সংৰক্ষণৰ বাবে বহু বছৰজুৰি কাম কৰি আহিছে পূৰ্ণিমা দেৱী বৰ্মনে৷ কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়া অঞ্চলত বাঢ়ৈটোকাৰ বাসস্থান আৰু প্ৰজাতি সংৰক্ষণৰ এই কাম সম্ভৱ হৈ উঠিছে স্থানীয় মহিলাসকলৰ সহযোগৰ মাধ্যমেৰে৷ স্থানীয় মহিলাসকলক এই চৰাইবিধ সংৰক্ষণৰ বাবে উলিয়াই আনিছে ‘হাড়গিলাৰ ভগ্নী’ বুলি খ্যাত বৰ্মনে৷ পৰিৱেশ বিষয়ত কাম কৰা সংস্থা ‘আৰণ্যক’ৰ কৰ্মী পূৰ্ণিমা দেৱী বৰ্মনে শেহতীয়াকৈ তেওঁৰ কামৰ বাবে লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পুৰস্কাৰৰ লগতে ‘আৰ্থ হিৰো’ সন্মান৷

৬. নলবাৰী জিলাৰ বিহামপুৰ গাঁৱত ২০০০ চনত শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল প্ৰেৰণা পুথিভঁড়াল৷ বিগত দিনবোৰত এই অনুস্থানটোৱে পশ্চিম নলবাৰী অঞ্চলত গঢ়িছে এচাম নতুন চিন্তাৰ নৱ-প্ৰজন্ম৷ ১৫০০ তকৈও অধিক সদস্যৰ এই পুথিভঁড়ালত আছে অসমীয়া, বাংলা, ইংৰাজী, হিন্দী ভাষাৰ বিভিন্ন গ্ৰন্থ৷ ইয়াৰ ভগ্নী অনুষ্ঠান হিচাপে আছে ‘সাধনা সাহিত্য চ’ৰা’৷ সময়ে সময়ে এই চ’ৰাই আয়োজন কৰি আহিছে সাহিত্য, সমসাময়িক ঘটনা তথা বিভিন্ন বিষয়ৰ আলোচনা৷ এখন পুথিভঁড়ালক কেন্দ্ৰ কৰি কিদৰে এটা অঞ্চলত প্ৰভাৱশালী বৌদ্ধিক পৰিৱেশ গঢ়িব পাৰি তাৰ দৃষ্টান্ত এই প্ৰেৰণা পুথিভঁড়াল৷

৭. ভাৰত চৰকাৰৰ কন্ট্ৰলাৰ জেনেৰেল অৱ পেটেন্টছ এণ্ড ট্ৰেড মাৰ্কছৰ বিশুদ্ধতাৰ চিহ্ন প্ৰদান কৰা হয় শুৱালকুছিৰ বস্ত্ৰ শিল্পক৷

৮. সাদিন-প্ৰতিদিন গোষ্ঠীৰ লগত জড়িত এইগৰাকী আলোকচিত্ৰ সাংবাদিকে বিগত বছৰবোৰত বিভিন্ন আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ আলোকচিত্ৰৰে অসমৰ সংবাদজগতক সমৃদ্ধ কৰি আহিছে৷ শেহতীয়াকৈ বিজু বড়োৰ লেন্সত আবদ্ধ হৈছিল নাহৰফুটুকী এটাই উন্মত্ত মানুহৰ পৰা পলাই থকাৰ চিত্ৰ৷ এই আলোকচিত্ৰৰ বাবে তেওঁ লাভ কৰে ২০১৬ বৰ্ষৰ ‘ছেনকচ্যুৰী ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ অৱ দ্য য়েৰ এৱাৰ্ড’৷

৯. পোনপ্ৰথমবাৰৰ বাবে পৰিচালনাত হাত দিয়েই দৰ্শক তথা সমালোচকৰ মনোযোগ আকৰ্ষণ কৰিলে অসমৰ এমুঠি পৰিচালকে৷ আনকি দেশ বিদেশৰ মহোৎসৱত পুৰস্কাৰো লাভ কৰিলে এই নতুন পৰিচালকসকলৰ একাংশই৷

১০. উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাক লৈ ৰাজ্যৰ বাংলাদেশী প্ৰৱজন সমস্যাৰ তথ্যগত অনুসন্ধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ এজনীয়া আয়োগ গঠন হৈছিল৷ তেওঁ এই বিষয়ক ৫৩ পৃষ্ঠাৰ বিস্তৃত প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে৷ ইয়াত সন্নিবিষ্ট হৈছে প্ৰব্ৰজনৰ পটভূমি, প্ৰকাৰ আৰু আকাৰৰ লগতে সমাধানসূত্ৰৰ পৰামৰ্শাৱলী৷

১১. ভাৰত চৰকাৰৰ সংস্থা নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ প্ৰথমটো সমীক্ষা অনুযায়ী দেশৰ শ্ৰেষ্ঠ উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত উচ্চ স্থানত থাকে তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়৷ প্ৰায় ৩৫০০ শিক্ষানুষ্ঠানে এই ৰেংকিঙত অংশ লয়৷ শিক্ষণ, গৱেষণাপত্ৰ, আন ৰাজ্যৰ শিক্ষাৰ্থী, কৰ্মসংস্থান আদি বিভিন্ন দিশক ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হয়৷

১২. গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক মধুকল্য আৰু ছনল জৈনে বৃন্দাৱনী বস্ত্ৰৰ বিষয়ে নিৰ্মাণ কৰা ডকুমেণ্টৰী ‘ডিজাইনাৰ মেচিন কালেকশ্যন’ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত প্ৰদৰ্শিত হয়৷

১৩. ইন্দ্ৰনীল তালুকদাৰে প্ৰস্তুত কৰি উলিওৱা মেপ শীৰ্ষক ৱেব এপ্লিকেশ্যনটো ইনভিছন ৱেবটেক প্ৰাইভেট লিমিটেডে ব্যৱসায়িক ভিত্তিত আগুৱাই নিছে৷ বিশ্বৰ বিভিন্ন দেশত এই এপ্লিকেচনটোৱে জনপ্ৰিয়তা লাভ কৰিছে।

১৪. অসম চৰকাৰে প্ৰণয়ন কৰিলে নতুন ৰাজ্যিক ফিল্ম প’লিচী৷ এই নীতিৰ অধীনত প্ৰযোজক আৰু চিনেমা হলৰ মালিকৰ লাভৰ অংশীদাৰিত্ব ৬০:৪০ হিচাপে নিৰ্ধাৰণ কৰা হয়৷

১৫. যোৰহাটৰ কনকলতা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেডক ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দেৱী অহল্যাবাঈ হলকাৰ নাৰীশক্তি পুৰস্কাৰেৰে সন্মানিত কৰে।

দেৱাশিস বৰুৱাৰ ছবি

দেৱাশিস বৰুৱাৰ ছবি

১৬. ধুবুৰীৰ প্ৰিয়দৰ্শিনী চেটাৰ্জীয়ে ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰে।

১৭. অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি জৈৱপ্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ বিদ্যুৎ কুমাৰ শৰ্মাক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে সন্মানীয় ‘নৰ্মান বৰ্লাগ’ আসনৰ বাবে নিৰ্বাচন কৰিছে। ড০ শৰ্মাই জৈৱপ্ৰযুক্তি ব্যৱহাৰ কৰি মাহজাতীয় শস্যৰ গৱেষণাত ব্ৰতী হৈ আছে আৰু বি টি জিন ব্যৱহাৰ কৰি পতংগ প্ৰতিৰোধী এবিধ বুটমাহ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে।

১৮. জাপানৰ পৰ্যটন বিভাগৰ ‘ভিজিট জাপান এম্বেছেড’ ৰূপে মিছ এছিয়া ৰেৱতী ছেত্ৰীক নিযুক্তি দিয়া হয়।

১৯. স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হোৱা আইফা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ নেপথ্য গায়কৰ খিতাপ অৰ্জন কৰে অংগৰাগ পাপন মহন্তই। লগতে তেওঁ গিমা (গ্লবেল ইন্ডিয়ান মিউজিক এৱাৰ্ডছ)ও লাভ কৰে।

২০. গুৱাহাটী গাৰ্লছ পলিটেকনিকৰ অধ্যক্ষ তথা স্থাপত্য বিভাগৰ মুৰব্বী অধ্যাপক বিশ্ব দত্তলৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ আৰ্কিটেকটছে জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে।

২১. আকাশবাণী গুৱাহাটী কেন্দ্ৰই লাভ কৰে শ্ৰেষ্ঠ বাতৰি বিভাগৰ বঁটা।

২২. মিছেচ এছিযা ইণ্টাৰনেশ্যনেলৰ খিতাপ অৰ্জন কৰে বাক্সা জিলাৰ সীমা সুবেদীয়ে।

২৩. যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে গুৱাহাটীত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সৈতে ব্ৰিকছ যুৱ সন্মিলন ২০১৬ অনুষ্ঠিত কৰে।

২৪. বস্কাৰ শিৱ থাপাক অৰ্জুন বঁটা প্ৰদান কৰা হয়। অৰ্জুন লাভ কৰা তেওঁ চতুৰ্থজন অসমীয়া।

২৫. প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত নগাঁও জিলাক ‘এৱাৰ্ড ফৰ এক্সিলেন্স ইন ইমপ্লিমেনটেশ্যন অৱ প্ৰাইঅ`ৰিটী প্ৰগ্ৰেম’ সন্মান প্ৰদান কৰা হয়৷

২৬. ৰাষ্ট্ৰীয় ৰস ৰং বঁটা বাহাৰুল ইছলামক প্ৰদান কৰা হয়।

২৭. ড০ মেনকা পি পি বৰাই তিনি বছৰৰ বাবে অসমৰ সত্ৰীয়া নৃত্য আৰু সংগীতৰ গৱেষণা আৰু দেশ-বিদেশত ইয়াক প্ৰচাৰৰ বাবে বিট্ৰেইনৰ সন্মানীয় লিভাৰহালমে ফেল’শ্বিপ লাভ কৰে।

২৮. আই টি পি প্ৰডাকচনৰ ডিজিটেল ষ্টুডিঅ’ মেগাজিনৰ ‘বেষ্ট ছাউণ্ড ইঞ্জিনীয়াৰ বঁটা’ লাভ কৰে দেৱজিৎ চাংমাইয়ে৷

২৯. বিশ্বনাথ চাৰিআলিৰ ভাৰ্গৱ শইকীয়াৰ ‘কাঁফিৰো কী নামাজ’ স্পেইন বিশ্ববিদ্যালয়ে চিনেমা বিষয়ত ই-চৰ্চা কৰা শিক্ষাৰ্থীসকলৰ কাৰণে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে।

৩০. চিংফৌ জনগোষ্ঠীৰ প্ৰথমখন বহুভাষিক অভিধান উন্মোচন কৰা হয়। অভিধানখনত চিংফৌৰপৰা শব্দবোৰ অসমীয়া, হিন্দী, ইংৰাজী আৰু কাচিন ভাষালৈ অৰ্থ ভাঙনি কৰা হৈছে।

৩১. একেডৰা মাটিতে কেইবাটাও খেতি কৰি দক্ষতা দেখুওৱাৰ বাবে ধুবুৰী জিলাৰ ধ্ৰুৱজ্যোতি বৰুৱালৈ ‘জগজীৱনৰাম অভিনৱ কিষাণ পুৰস্কাৰ’ আগবঢ়োৱা হয়।

৩২. পৰিৱেশ সংৰক্ষণৰ হকে দীৰ্ঘদিনে কাম কৰি অহা বিভূতি লহকৰে লাভ কৰিছে ‘ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ’এ আগবঢ়োৱা হেৰিটেজ হিৰ’জ এৱাৰ্ড।

৩৩. প্ৰথম লনাৱালা আন্ত:ৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ‘ৰ’দৰ চিঠি’ৰ বাবে ভাগৰথীয়ে।

৩৪. পুঠিমাৰিৰ মিলনজ্যোতি দাসে ‘ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকনলজী’ৰ সহায়ত কৃত্ৰিম মানৱ হাত প্ৰস্তুত কৰি উলিয়ায়। তেওঁ কেঁচুসাৰ, গাহৰিৰ খাদ্য, জৈৱিক টাব আৰু মীন পালন সম্পৰ্কীয় গৱেষণা প্ৰকল্পৰ লগত জড়িত হৈ আছে।

৩৫. আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত নুৰুদ্দিন আহমেদৰ শিল্পকলা সন্নিৱিষ্ট অসম পেভিলিয়নে সোণৰ পদক লাভ কৰে।

৩৬. ওড়িশাৰ ভূৱনেশ্বৰত দেৱদাসী ৰাষ্ট্ৰীয় বঁটা সংগীত সত্ৰৰ সচিব ৰঞ্জুমণি শইকীয়ালৈ প্ৰদান কৰা হয়।

৩৭. ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ প্ৰধান বিজ্ঞানীৰূপে কৰ্মৰত ড০ অক্ষয় তালুকদাৰক ‘শ্ৰেষ্ঠ শিক্ষক’ বঁটাৰে সন্মানিত কৰা হয়।

৩৮. লেখত ল’বলগীয়া লঘু উদ্যোগৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে আশ্ৰয় কনচেপ্ট ফুডছে৷

৩৯. জিঅ’ মামি মুম্বাই আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱৰ সন্মানীয় স্বৰ্ণ ভাৰত শাখাত প্ৰদৰ্শন হোৱা বছৰৰ শ্ৰেষ্ঠ ১১ ভাৰতীয় চিনেমাৰ এখন জয়ছেং জয় দহোটীয়া পৰিচালিত চিনেমা ‘হান্দুক’৷ মৰাণ ভাষাত নিৰ্মিত চিনেমাখনৰ মূল পটভূমি এটা বিপ্লৱী সংগঠনৰ উত্থান আৰু পৰৱৰ্তী ঘটনাক্ৰম৷ সংগঠনলৈ যোৱা পুত্ৰ উভটি অহালৈ বাট চাই থকাৰ পাছত সৎকাৰ হৈ যোৱা শৰীৰ এটাৰ পৰিচয়ক লৈ অনিশ্চয়তাৰে অপেক্ষাৰত এগৰাকী মাতৃৰ কাহিনী ‘হান্দুক’৷

৪০. দিল্লীৰ ওডপেকাৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত কাৰ্বি আংলং জিলাৰ মানস ছাগ্ৰাৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত ‘লিটল হাৰ্টছ’লৈ শ্ৰেষ্ঠ শিশু ছবিৰ সন্মান প্ৰদান কৰা হয়।

৪১. অসমীয়া আৰু বড়ো ভাষাৰ লগতে এইবাৰ অসমৰ সাহিত্যিকে নেপালী ভাষাতো সাহিত্য অকাডেমি বঁটা লাভ কৰে৷

৪২. সংগীত নাটক অকাডেমিৰ ওস্তাড বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ সেউজপ্ৰিয়া বৰঠাকুৰে সত্ৰীয়া নৃত্যৰ বাবে আৰু শিল্পীকা বৰদলৈয়ে আধুনিক নৃত্যৰ বাবে লাভ কৰে।

৪৩. দ্বাদশ ছাউথ এছিয়ান গেমছত জয়ন্ত তালুকদাৰে আৰ্চাৰীত স্বৰ্ণপদক, সুপ্ৰিয়া গগৈয়ে খো-খোৰ মহিলা দলগত শাখাত স্বৰ্ণপদক লাভ কৰে। শিৱ থাপাই ৫৬ কেজি ইভেণ্টত, হাছিনা বেগমে কাবাদী, মানসজ্যোতি চাংমাইয়ে আৰ্চাৰীত স্বৰ্ণপদক লাভ কৰে।

৪৪. থাইলেণ্ড ৰুবিক্স কিউব মুকলি প্ৰতিযোগিতাত গুৱাহাটীৰ কাব্যনীল তালুকদাৰে ব্লাইণ্ড শাখাত ৰূপৰ পদক জয় কৰে।

৪৫. ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ কুংফু দলে মুঠ ১৬ টা স্বৰ্ণ পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান কৰে।

৪৬. ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছত বিনুমা ব্ৰহ্ম আৰু চানশ্বাৰাং উজীৰে সোণৰ পদক লাভ কৰে৷

৪৭. অসমৰ সাঁতোৰ দলটিয়ে ৩৩ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে।

৪৮. থাইলেণ্ডত অনুষ্ঠিত আই টি এফ বিশ্ব ৰেংকিং জুনিয়ৰ টেনিছ টুৰ্ণামেণ্টত পৰীক্ষিত সোমানী ১৮ বছৰ অনূৰ্ধৰ ডবলছত চেম্পিয়ন হয়।

৪৯. সপ্তম ছাব জুনিয়ৰ, অষ্টম জুনিয়ৰ আৰু নৱম ছিনিয়ৰ ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতাত মাজুলীৰ ‘দ্য নৰ্থ ইষ্ট এমেচাৰ মাৰ্চেল আৰ্ট এছ’চিয়েশ্যন’ৰ হৈ অংশগ্ৰহণ কৰা কিশোৰ পেগুৱে সোণৰ পদক লাভ কৰে।

৫০. এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপৰ ছিনিয়ৰ ৬৩ কিলোগ্ৰাম শাখাত মৰাণৰ অৰণ্যানী গগৈয়ে ৰূপৰ পদক অৰ্জন কৰে৷

৫১. ফিফাৰ ৰেফাৰী পেনেলত যোৰহাটৰ কেন্দুগুৰিৰ সুমন দত্তক অন্তৰ্ভুক্ত কৰা হয়। ফিফা ৰেফাৰী হিচাপে নিৰ্বাচিত হোৱা সুমন দত্ত হল অসমৰ চতুৰ্থ গৰাকী ৰেফাৰী।

৫২. আন্তঃৰাষ্ট্ৰীয মুকলি কাৰাটে প্ৰতিযোগিতাত অসম চেইচিনকাই চিটৰিঅ’ কাৰাটে ড’ সংস্থাৰ খেলুৱৈৰ দল এটাই মুঠ ১০ টা স্বৰ্ণ পদক লাভ কৰে।

৫৩. শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত ছাউথ এছিয়ান একোৱাটিক চেম্পিয়নশ্বিপত যোৰহাটৰ ১৫ বছৰীয়া বাস্তৱ তপন বৰদলৈয়ে পাঁচটা সোণ লাভ কৰে।

৫৪. ফিফাৰ ১৭ বছৰৰ অনূৰ্ধ্বৰ বিশ্বকাপ ফুটবল ২০১৭ গুৱাহাটীতো অনুষ্ঠিত কৰা হ’ব।

৫৫. ৪৪. জুনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়নশ্বিপত মানসজ্যোতি চাংমাইয়ে স্বৰ্ণপদক লাভ কৰে।

৫৬. শোণিতপুৰ জিলা পৰিষদৰ অধীনৰ সাক্ষৰ ভাৰত মিছন অভিযানে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ হাতেৰে শ্ৰেষ্ঠ জিলাৰ বঁটা গ্ৰহণ কৰে।

৫৭. কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে হিন্দী ভাষাত নৱম শ্ৰেণীৰ মুক্ত পাঠ সমলত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অৱদানৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছে।

৫৮. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুণমালা আৰু শ্ৰীশ্ৰীমাধৱেদৱৰ নামঘোষা তাঁতশালত বৈ উলিয়ায় ডিব্ৰুগড় জিলাৰ হেমপ্ৰভা চুতীয়াই।

৫৯. ডিব্ৰুগড় জিলাৰ অনুৰাধা মাৰৱাহে ইউনেস্কৰ আন্ত:ৰাষ্ট্ৰীয় আলোকচিত্ৰ পুৰস্কাৰ লাভ কৰে।

৬০. ৰাষ্ট্ৰপতি ভৱনৰ ‘এট হোম’ কাৰ্যসূচীত যোগদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী মুক্তিযুঁজাৰুক আমন্ত্ৰণ কৰা হয়। তেওঁলোক ক্ৰমে নাৰায়ণ বৰ্মন, দুলাল চন্দ্ৰ শইকীয়া, লক্ষ্যেশ্বৰ গোহাই, গোলাপ দত্ত, হৰিপ্ৰসাদ মিশ্ৰ।

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ