Menu

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল। মন:পুত বিষয়, শিক্ষানুষ্ঠান আদিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। ইয়াৰ আন এটা কাৰণ হিচাপে মই যোগাভ্যাসৰ কথাও ক’ম। নামভৰ্তিৰ দিনৰে পৰা পৰীক্ষা শেষ নোহোৱালৈ নিত্য সমাপন কৰিছিলোঁ, বৰ্তমানেও অভ্যাসৰত।

বিশেষ কাৰণত আঁতৰি যোৱা মোৰ খুৰাৰ ছোৱালীজনীৰ এটা ৰূপ দেখা পাব ধৰিছিলোঁ নতুনকৈ সোমোৱা ইংৰাজী বাইদেউজনীৰ মাজত। । অৱশেষত তেওঁক মই ৰাখী বান্ধৱীৰ প্ৰস্তাৱ দিছিলোঁ। তেওঁ একো কোৱা নাছিল৷ এদিন সুবিধা উলিয়াই কথাষাৰ সোধাত মনে নিবিচৰা উত্তৰ পাইছিলোঁ৷ বুজি পোৱা নাছিলোঁ, শিক্ষয়িত্ৰীয়ে ছাত্ৰ এজনক ভাইটি স্বীকৃতি দিয়াত অসুবিধা ক’ত!

আমাৰ প্ৰায়বোৰ কথা মেছেজৰ জৰিয়তে হৈছিল৷ এদিন বাইদেউক মই বহুবোৰ কথা লিখি গল্পকাৰে পঢ়িব দিছিলোঁ৷ সিদিনা ৰাতি ফোন কৰি বাইদেৱে মোক বহুত গালি দিছিল৷ এতিয়া উপলব্ধি কৰোঁ গল্পত লিখা কথাখিনি অৱশ্যেই খং উঠা, ভাবিলে নিজৰেই লাজ লাগে৷ কিন্তু এতিয়াও বুজি নাপাওঁ আচলতে মই কি কৰিছিলোঁ, ভুল নে শুদ্ধ। দৰকাৰ আছিল নে নাই সেইটো কামৰ। বাইদেউ শুদ্ধ নে মই৷ এই কথাটিৰ বাহিৰে বাইদেউৰ লগত মোৰ সম্পৰ্ক বহুত ভাল। কিন্তু কথাখিনিয়ে মোক লাজ দিয়ে এতিয়াও। কিন্তু ইচ্ছা এটা জাগিছল তেওঁ মোক ভাইটি বুলি মাতক। বৰ্তমান আমাৰ সম্পৰ্ক আগতকৈও বহুগুণে সহজ।

সঞ্জয় ডেকা, কটন কলেজ

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…