Menu

জীৱনকালত কি কি কৰিব বিচাৰোঁ

সপোনৰ পিছে পিছে কিমান যে সপোন৷ পঢ়ক বিভিন্ন পটভূমিৰ বিভিন্নজনৰ সপোনৰ ৰাজহুৱা প্ৰকাশ৷ সপোনৰ চৰ্চা হওক, সপোনক সহায় কৰক৷

সুদীপ গগৈ : এমবিএ সমাপ্ত কৰি বৰ্তমান কৰ্মৰত। ভ্ৰমণ মোৰ হাবিয়াহ। ভাৰতৰ প্ৰায় সকলোবোৰ চহৰ ভ্ৰমণ কৰিছোঁ মোৰ কৰ্মৰ জৰিয়তেই। জীৱনৰ শেষ সময়লৈ পৃথিৱী ভ্ৰমণ কৰিব বিচাৰোঁ। ইয়াৰ লগতে সমাজৰ প্ৰতি দায়িত্বশীল হ’ব বিচাৰোঁ। সুপৰিকল্পিতভাৱে সজা ঘৰ এটিত মোৰ পুথিভঁড়াল, সৰু কাফে এখন খুলিব খোজোঁ যাতে বুঢ়া বয়সত জীৱনটো আমনিদায়ক নহয়।

কুশল কলিতা : চৰকাৰৰ সহযোগত এখন সৰ্বগুণসম্পন্ন মহাবিদ্যালয় স্থাপন কৰিব খোজোঁ য’ত দৰিদ্ৰ পৰিয়ালৰ সহস্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শ্ৰেষ্ঠ শিক্ষা প্ৰদান কৰি মানৱ সেৱা আৰু ভাৰতৰ সেৱাৰ বাবে সাজু কৰিব পাৰোঁ।.. এবাৰ সাংসদ হব খোজোঁ৷ আমাৰ জিলাখনক সকলো ফালৰ পৰা সজাবৰ মন এটা আছে।.. সংস্কৃত শিক্ষাক জনমানসত প্ৰতিষ্ঠা কৰি ইয়াৰ প্ৰকৃত লাভালাভ দেখুৱাৰো ইচ্ছা আছে| বৰ্তমান মই মংগলদৈত জ্ঞানবিকাশ একাডেমীৰ সম্পাদক হিচাপে কৰ্মৰত ।

ৰুপম বৰুৱা : ছ’চিয়লজীত স্নাতকোত্তৰ পঢ়াৰ কথা ভাবিছোঁ। ইয়াৰ লগে লগে সংগীত সাধনাও কৰি আছোঁ। ‘স্মেক” নামৰ বেণ্ডটিৰ বাবে নিজৰ সৰ্বস্ব দিব বিচাৰোঁ। কোনো এটা চাকৰিও কৰিব বিচাৰোঁ, কিন্তু ই যদি সংগীত সাধনাত প্ৰভাৱ পেলায়, তাক বাদ দিবলৈও কুণ্ঠাবোধ নকৰোঁ। ভৱিষ্যতে কন্ঠত অধিক গুৰুত্ব দিব বিচাৰোঁ।

চিম্পী গোস্বামী : বৰ্তমান ব্ৰিলিয়েণ্ট একাডেমীৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী। শিক্ষকতা যিহেতু মোৰ পেছা, সেয়ে ইয়াৰ জৰিয়তেই সমাজলৈ বৰঙণি আগবঢ়াই যাব খোজোঁ। সংগীত মোৰ আন এক সাধনা। এই শিক্ষকতাৰ লগে লগেই মই মোৰ সংগীত সাধনা কৰি যাব বিচাৰোঁ। মোৰ আন এক ইচ্ছা হ’ল নানা ঠাই ভ্ৰমণ কৰা। দুদিনীয়া জীৱনটোত সমাজৰ বাবে পাৰ্যমানে মোৰ কৰণীয়বোৰ কৰি যাব বিচাৰোঁ।

অদিতি : জীৱনৰ প্ৰকৃত ইচ্ছা বুলিলে মই বিবুধিত পৰোঁ, কাৰণ সময়ে সময়ে ই সলনি হৈ থাকে। তথাপি জীৱনত এবাৰলৈ পৃথিৱীখন ভ্ৰমিব খোজোঁ। পৃথিৱীৰ আটাইবোৰ ধৰ্মগ্ৰন্হ অধ্যয়ন কৰি এই ধৰ্মসমূহৰ মাজত থকা মিলবোৰক লৈ এখন কিতাপ লিখিব খোজোঁ। পৃথিৱীৰ সবাতোকৈ বৃদ্ধ মানুহজনক লগ কৰি জীৱনৰ সংজ্ঞা কি এবাৰ সুধিব খোজোঁ।

মানসী দত্ত : এতিয়ালৈকে একেবাৰে চালুকীয়া অৱস্থাত থকা মোৰ সপোনটো হৈছে এখন অনাথ আশ্ৰম খোলা। চৰিত্ৰৰ কলুষিত দাগ  ঢাকিবলৈ গৈ অবৈধভাৱে জন্ম দিয়া সন্তানটোক যেতিয়া মানুহৰূপী দানৱসকলে কোনো অজ্ঞাত ঠাইত পেলাই থৈ আহে তথা কুকুৰ শিয়ালৰ খাদ্যৰূপে পেলাই আহিবলৈ কুন্ঠাবোধ নকৰা দৃশ্যই মোক ভবাই তোলে। গতিকে মই সেই নিঠৰুৱা সন্তানসকলক নিজ মাতৃত্বৰ মৰমেৰে এইখন পৃথিৱীত জীয়াই ৰাখিব বিচাৰোঁ। অৱশ্যে বৰ্তমান মোৰ কিছুমান সমস্যাৰ বাবে মোৰ সপোনটো আগবঢ়াই নিব পৰা নাই তথাপি মনত উদ্যম ৰাখি আগবাঢ়ি গৈ আছোঁ নিশ্চয় এদিন পূৰণ হ’ব বুলি আশাৰে ।

দেৱজিৎ দৈমাৰী : সামৰিক বিভাগত জড়িত হোৱাৰ ইচ্ছা আছিল যদিও পঢ়া সমাপ্ত কৰিব নোৱাৰা বাবে এই আশাটো আশা হৈয়ে থাকিল। বৰ্তমান কেমেৰাৰ জৰিয়তে ভিডিঅ’ৰ কামত ব্যস্ত, ভৱিষ্যতে মুম্বাইলৈ গৈ হিন্দী চিনেমা জগতৰ লগত জড়িত হোৱাৰো ইচ্ছা আছে।

ভাস্বতী তালুকদাৰ : এজনী সুগৃহিণী হোৱাৰ ইচ্ছা আছিল৷ ঘৰত দেউতাৰ সহায় হ’ব পৰাকৈ ভালভাৱে স্বাৱলম্বী হব খোজোঁ। নতুন নতুন ঠাই ফুৰাৰ বহুত ইচ্ছা আছে মোৰ। টকা-পইচাৰে কিনিব নোৱাৰা সকলো অভিজ্ঞতাৰে অৱসৰ লৈ বাকীছোৱা সময় কটাব খোজোঁ।

দীবাকৰ দাস : বৰ্তমান মই এখন পাণ দোকানেৰে জীৱন নিৰ্বাহ কৰি আছোঁ। ভৱিষ্যতে দোকানখনৰ পৰিসৰ বঢ়োৱাৰ মন আছে। কম-বেছি পৰিমাণে সংগীতৰ জগতখনৰ লগতো জড়িত৷ ভৱিষ্যতে গীত ৰচাৰ প্ৰয়াস কৰিম বুলি ভাবিছোঁ। নিজৰ সন্তানক সুযোগ্যভাৱে গঢ়ি তোলাৰ লগতে সমাজৰ বাবে পাৰ্যমানে অৰিহনা যোগাব বিচাৰোঁ।

উদ্দীপন শৰ্মা : মই নামদাঙৰ শিলৰ সাঁকোক ৰাষ্ট্ৰীয় ঐতিহ্যৰ স্বীকৃতি দিব বিচাৰোঁ। দেশৰ প্ৰতিখন ঠাই ঘূৰি পাৰস্পৰিক বুজাপৰাৰে দিয়া-লোৱা প্ৰথাৰে সমাজত একতা আনিব বিচাৰোঁ। অসমত সহজতে হ’ব পৰা অথচ এতিয়ালৈ নোহোৱা বিভিন্ন বিভাগৰ উন্নয়ন কৰিব বিচাৰোঁ, যেনে-পৰ্যটন। প্ৰশাসনিক দিশত কিছু পৰিৱৰ্তন আনিব বিচাৰোঁ। ।জনসাধাৰণৰ মতামতৰ প্ৰতি গুৰুত্ব আনিব বিচাৰোঁ। এখন ভাল শিক্ষানুষ্ঠানৰ পৰা ওলাই অগতানুগতিক চাকৰি এটা কৰিব বিচাৰোঁ। জীৱনত আৰাম বিচাৰোঁ কিন্তু সমাজক প্ৰতিদান দিম, বিশ্বাস আছে নিজৰ ওপৰত৷ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব পালন কৰিব বিচাৰোঁ।

ৰাজদীপ শৰ্মা : মৃত্যুৰ আগত মই মোৰ আপোনজনক গৌৰৱান্বিত কৰিব বিচাৰোঁ। মই সংগীতৰ লগত জড়িত সেয়ে এই পথাৰখনত সবলভাৱে থিয় দিব বিচাৰোঁ। গীত ৰচাৰ এটি সপোনো মনত পুহি ৰাখিছোঁ। এজন ভাল সন্তান হোৱাৰ লগতে ভাল পতি, ভাল অভিভাৱক হ’ব বিচাৰোঁ। বিশেষ একো নহ’লেও আনৰ ওচৰত ধৰুৱা হ’ব নিবিচাৰোঁ।

হিৰুমণি কলিতা : এমএ কৰিবৰ মন শ্বিলং নহ’লে কলকাতাৰ পৰা। পাহাৰবোৰ ভাল লাগে মোৰ, জীৱনটো পাহাৰৰ মাজতে পাৰ কৰিব বিচাৰোঁ। এটা চাকৰি বিচাৰোঁ পঢ়াৰ শেষত। এবাৰ পৃথিৱীখন ভ্ৰমণ কৰিব বিচাৰোঁ। উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কে গৱেষণা কৰাৰো মন আছে।

ৰেবি দাস : এটা ভাল সম্পৰ্ক গঢ়ি তুলিব খোজোঁ আপোনজনৰ সৈতে। এচিএছ হ’বৰ বহুত মন, এয়া মোৰ দেউতাৰ সপোন, সেয়ে মোৰো। মা-দেউতাক  সুখেৰে ৰাখিব খোজোঁ। এটা নিজৰ জোখাৰে চাকৰি বিচাৰোঁ। জীৱনত কৰি অহা ভুলবোৰ শুধৰাব বিচাৰোঁ।

পূণ্যব্ৰত কুমাৰ : পঢ়া-শুনা কৰি ভাল ব্যৱসায় এটা কৰাৰ মন। এখন ভাল হোটেল, এখন শ্বপিং মল খোলাৰ হেঁপাহ আছে। কবিতা গল্প আদিও লিখাৰ মন আছে। নতুন নতুন ঠাই ফুৰাৰো মন। জুবিন গাৰ্গক এবাৰ লগ কৰাৰ মন। নিজৰ ঠাইখনৰ বাবে উন্নয়নৰ কাম হাতত ল’বৰ মন আছে। মা-দেউতাক বুঢ়া বয়সত ভালদৰে ৰাখিবৰ মন আছে।

হেপী লাৰ্ক হাতো : সংগীতৰ পথাৰখনত আৰু গভীৰলৈ সোমাই যাব বিচাৰোঁ। গাঁৱৰ মাজত জীৱনটো খেতি-বাতিৰ মাজত পাৰ কৰিব বিচাৰোঁ। এটা চাকৰিও বিচাৰোঁ।

আৰ্যনীল বৰা : বৰ্তমান অসমীয়া সংগীত জগতখনৰ লগত জড়িত। ভৱিষ্যতেও ইয়াৰ লগতে জড়িত থাকিব বিচাৰোঁ। বৰ্তমান বাঢ়ি অহা মানহীন সংগীতৰ বিপৰীতে কিছু মূল্যৱান সংগীত ৰচনা কৰি অসমৰ ৰাইজলৈ আগবঢ়াব বিচাৰোঁ।

অহিৰ ভৈৰৱ : বৰ্তমান অসমীয়া সংগীত তথা ভ্ৰাম্যমাণৰ সংগীতৰ লগত জড়িত। ভৱিষ্যতেও সংগীত পৰিচালনাৰ লগত নিজকে জড়িত ৰাখিব বিচাৰোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত বটা লাভ কৰাৰ ইচ্ছা আছে মোৰ কামৰ জৰিয়তে।

পৰাগ জ্যোতি কাশ্যপ : অৰ্থৰ অভাৱত ৰৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাটো হ’ব মোৰ প্ৰথম কাম। যুগ যুগ  ধৰি  শোষণ উৎপীড়িনৰ বলি হোৱা চাহ জনজাতিৰ লোকসকলক আন জাতি-জনগোষ্ঠীৰ সৈতে সমপৰ্যায়ৰ  কৰাটো কৰা দৃঢ় সংকল্প। সমাজত প্ৰচলিত  অন্ধ বিশ্বাস দূৰীকৰণৰ বাবেও চেষ্টা কৰিম। বৰ্তমান সময়ত বৃদ্ধি পোৱা  বন ধংসৰ ফলাফল যে ভয়াৱহ হ’ব, তাক লৈ সমাজত  সজাগতা সৃষ্টি কৰিব বিচাৰোঁ। ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰোঁ।

চেলিনা চফিয়া টেৰণপি : মোৰ বাবে পৰিয়ালটো গৌৰৱান্বিত হোৱাটো বিচাৰোঁ। মা-দেউতাৰ জীৱনৰ সম্বল হোৱাৰ লগতে তেওঁলোকৰ আশাবোৰ পূৰণ কৰিব বিচাৰোঁ। এটা  ভাল চাকৰিও বিচাৰোঁ।

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ