Menu

সাক্ষাৎকাৰলৈ গৈ বিবুধিত পৰে নেকি

১. পৰাপক্ষত সাক্ষাৎগ্ৰহণকাৰীয়ে লগত চকুৰে সম্পৰ্ক স্হাপন কৰিব আৰু অতি সহজভাৱে কৰমৰ্দন কৰিব। এই প্ৰথম সময়খিনিয়ে বহু সমস্যা সমাধান কৰিব৷

২. সম্ভৱ হয় আপুনি য’লৈ সাক্ষাৎকাৰৰ বাবে যায়, তাৰ সাজ-পাৰৰ বিষয়ে আগতীয়াকৈ জানি ল’ব পাৰিলে আৰু সেই অনুযায়ী আপোনাৰো সাজ-পাৰ হ’লে ভাল৷

৩. সাক্ষাৎগ্ৰহণকাৰীয়ে নিজেই আপোনাক কিছুমান পোনপটীয়া অথবা আনুষংগিক তথ্য দি থাকে, সেইবোৰৰ ওপৰত গুৰত্ব দিয়াটো জৰুৰী

৪. সাক্ষাৎগ্ৰহণকাৰীজনে বিচৰাতকৈ আপুনি অধিক ক’বলৈ যোৱাটো ভুল হ’ব।যদি সময়ৰ লগত সংগতি ৰাখি আপুনি উত্তৰবোৰ দি নাযায়, তাৰ বাবে আপোনাৰ প্ৰতি পৰীক্ষকগৰাকীৰ মনোভাব ভাল নহবও পাৰে।

৫. সাক্ষাৎকাৰত আপোনাৰ প্ৰয়োজনতকৈ বেছি বন্ধুত্বপূৰ্ণ ব্যৱহাৰে সাক্ষাৎগ্ৰহণকাৰীক অতিষ্ঠ কৰিব পাৰে। সাক্ষাৎকাৰ কোনো ব্যক্তিগত বাৰ্তালাপ নহয় বা কোনো নতুন বন্ধু সৈতে বাৰ্তালাপো নহয়। সেয়ে সাক্ষাৎকাৰৰ সময়ত প্ৰশ্ন আৰু প্ৰয়োজনীয় কথাতহে গুৰুত্ব দিব লাগে৷

৬. সাক্ষাৎকাৰৰ সময়ত আপুনি পৰাপক্ষত মান্য আৰু আনুষ্ঠানিক ভাষাৰ ব্যৱহাৰ কৰিব। অনাহকত ধৰ্মীয়, জাতিগত, বয়স, ৰাজনীতিগত বা অশালীন ভাষাৰ ব্যৱহাৰ নকৰিব।

৭. সাক্ষাৎকাৰৰ সময়ত আপুনি সাজু থাকিব যে আপোনাক হঠাতে অবাঞ্ছিত প্ৰশ্ন সুধিব পাৰে।এইটো সঠিককৈ ক’ব নোৱাৰি যে আপোনাক কি সুধিব পাৰে, কিন্তু আপুনি যিকোনো মুহূৰ্ততে সাজু থাকিব লাগিব। যদি আপুনি ভালদৰে ধৰিব নোৱাৰে, তেন্তে প্ৰশ্নটো আকৌ সুধিবলৈ ক’ব, কিন্তু উত্তৰ দিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব।

৮. আপুনি নিজেও প্ৰশ্ন সুধিবলৈ কুন্ঠাবোধ নকৰিব। যদি কোনো ক্ষেত্ৰত সন্দেহ থাকে তাক দূৰ কৰিবলৈ কথাবোৰ স্পষ্টকৈ সুধিবলৈ ভয় বা দ্বিধাবোধ নকৰিব।

৯. সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰ দিওঁতে উদাহৰণৰ সহায় ল’ব।

১০. সাক্ষাৎকাৰৰ সময়ত শান্তভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব৷ দেহৰ ভাষাই আপুনি দিয়া উত্তৰতকৈ অধিক কথা বৰ্ণনা কৰে।

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…