Menu

নিদ্ৰাহীন ৰাতিৰ পৰা হাত সাৰিবলৈ..

১. নিদ্ৰাহীন ৰাতিৰ পৰা হাত সাৰিবলৈ আপুনি যোগাসনৰ সহায় ল’ব পাৰে। যিসকলে নিতৌ যোগ কৰে তেওঁলোকে মাজনিশা সাৰ পালেও কেতিয়াও দুশ্চিাত নপৰে।

২. আন ব্যায়ামৰো সহায় ল’ব পাৰে।এক অধ্যয়নৰ জৰিয়তে জানিব পৰা গৈছে যে প্ৰায় আধা ঘন্টা সময়কৈ যদি সপ্তাহত চাৰিবাৰ খোজ কাঢ়ে, তেন্তে ৭৫ মিনিটলৈ টোপনি বাঢ়ে।

৩. শোৱা কোঠাটো সুপৰিকল্পিতভাৱে সজাব লাগে যাতে ই নিদ্ৰাত কোনো বাধা আনিব নোৱাৰে।

৪. শোৱাৰ সময়ত লাইট জ্বলাই শুলে মগজু সক্ৰিয় হৈ থাকে আৰু টোপনি নাহিব পাৰে৷

৫. যদি আপুনি শুক্ৰ আৰু শনিবাৰে অলপ দেৰিলৈ সাৰে থাকে আৰু ৰবিবাৰে সোনকালে শুম বুলি ভাবে, সেয়া অনৰ্থক। কাৰণ আপোনাৰ মগজুৱে দেওবাৰেও সেই একে সময়লৈ কাম কৰি থাকিব।

৬.  যদি আপুনি নিশাৰ ভাগত কাম নকৰে, তেন্তে সোনকালে বিছনালৈ যোৱা আৰু সদায় একে সময়তে বিছনা এৰাৰ অভ্যাস গঢ়ি তোলক। যদি আপুনি অভ্যাসটো এৰে, পুনৰ দৈনন্দিন নিয়মাৱলীত ঘূৰি অহাত বহু অসুবিধাই দেখা দিব পাৰে।

৭. শিশুৰ ক্ষেত্ৰত যদি নিদ্ৰাহীনতাই দেখা দিয়ে, ইয়াৰ মূল কাৰণ সিহঁতৰ মগজুৰ বিকাশ। সিহঁতে বিভিন্ন সপোন দেখাৰ লগতে বুজিবলৈ আৰম্ভ কৰে যে সিহঁতক কিছুমান বস্তুৱে আঘাত কৰিব পাৰে।

৮. শুৱলৈ যোৱাৰ সময়ত কেতিয়াও এলকহল ব্যৱহাৰ নকৰিব।

৯. ৰাতি শোৱাৰ সময়ত ধূমপান নকৰাই ভাল, কাৰণ ৰাতি দেহটোৱে নিকটিনবোৰ উলিয়াই দিয়ে।যাৰ বাবে টোপনিত ব্যাঘাত জন্মিব পাৰে।

১০. আপুনি আপোনাৰ সমস্যাবোৰ ভাবিবলৈ পাৰিলে দিনৰ ভাগতে অন্ততঃ ১৫ মিনিটৰ বাবে সময় দিব, যাতে নিদ্ৰাৰ সময়ত আপোনাক আমনি দিব নোৱাৰে।

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ