Menu

মুহূৰ্ততে পাহৰি যায় যদি..

১. ক্ষন্তেকীয় বিস্মৃতিৰ পৰা হাত সাৰিবলৈ আপুনি নতুন কাম কৰাত গুৰুত্ব দিব পাৰে, ইয়াৰ জৰিয়তে আপোনাৰ মগজুৰ কাৰ্যক্ষমতা বঢ়াৰ লগতে স্মৃতিশক্তি বাঢ়ে।

২. নতুন নতুন মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ লগতে তেওঁলোকৰ লগত ভাব বিনিময়ে আপোনাক বিস্মৃতিৰ পৰা বচাই ৰাখিব।

৩. হাঁহিয়েও আপোনাক বিস্মৃতিৰ পৰা হাত সাৰিবলৈ সহায় কৰে । কাৰণ হাঁহিয়ে আপোনাৰ মগজুত খালী ঠাইৰ সৃষ্টি কৰে।

৪. যিবোৰ বস্তুৱে আপোনাক মনত ৰখাত অসুবিধাৰ সৃষ্টি কৰে, সেইবোৰ বস্তুক আপুনি সৰু সৰু গোটত ভাগ কৰি লৈ মনত ৰাখিবলৈ চেষ্টা কৰক। এই উপায়ে মনত ৰখাত সহায় কৰিব। উদাহৰণস্বৰূপে ফোন নম্বৰৰ কথা ক’ব পাৰি।

৫. ব্যায়ামেও আপোনাৰ স্মৃতিশক্তি বঢ়াত সহায় কৰিব। ইয়াৰ দ্বাৰা মগজুলৈ তেজৰ সঞ্চালন বাঢ়ে আৰু মগজুৰ কাৰ্যক্ষমতাও বাঢ়ে৷

৬. নিৰ্দিষ্ট সময়ত বিছনালৈ যোৱা আৰু নিৰ্দিষ্ট সময়ত বিছনা এৰাৰ লগতে কোনো অসুবিধা নোহোৱাকৈ সাতৰ পৰা আঠ ঘন্টাৰ টোপনিয়ে আপোনাৰ স্মৃতিক সবল কৰি ৰাখিব৷

৭. এটা সময়ত এটা কামহে কৰিব, অন্যথা বিস্মৃতি বাঢ়িব পাৰে।

৮. যিবোৰ কামে আপোনাক আন এটা কাম কৰাত অসুবিধা জন্মায়, তেনেবোৰ কামৰ পৰা দূৰত থকাই ভাল, অন্যথা কৰি থকা কামটোৰ কথাও পাহৰা যাব।

৯. যি কাম কৰিবলৈ লোৱা হয়, তাৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়াটো প্ৰয়োজন। আগত কি হৈছিল বা পিছলৈ কি হ’ব তাৰ কথা ভাবিলে বা সম্পূৰ্ণ মনোযোগ নিদিলে বিস্মৃতিয়ে আপোনাৰ কামত ব্যাঘাত জন্মাব।

১০. যদি কোনো এটা বিষয় মনত ৰাখিবলৈ অসুবিধা হয়, সেইটো বাৰে বাৰে নিজে শুনাকৈ মাতি মাতি পঢ়ক। ই আপোনাক সহায় কৰিব৷

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…