Menu

পাণবজাৰৰ ‘ৰেৱতী’ৰ কাহিনী

প্ৰবল বানপানীত নগাঁও ১ নং জলাহ গাঁওৰ ঘৰখনৰ সকলো মাটি-বাৰী হেৰুৱাই কিবা জীৱিকাৰ আশাত গুৱাহাটীলৈ ঢাপলি মেলিছিল তেওঁ। মূৰত আছিল এখন ঘৰ পোহপাল দিয়াৰ সমস্ত বোজা। সম্বল হিচাপে আছিল নিজাকৈ মাত্ৰ ৯ টকা আৰু ধাৰলৈ লোৱা ৫ টকা সৰ্বমুঠ ১৪ টকা।

গুৱাহাটীলৈ আহি পোনপ্ৰথমে পল্টন বজাৰৰ কামৰূপ হোটেল এণ্ড ৰেষ্টুৰেন্টত সৰু কাম এটাত সোমাল তেনেই সামান্য বেতনত। কিন্তু গুৱাহাটীৰ জীৱনে দিয়া একঘেয়ামিকতাত বিৰক্ত হৈ ১১ মাহ কাম কৰি বেতন হিচাপে পোৱা ১১০০ টকা হাতত লৈ পুনৰ নগাওঁলৈ উভতি গ’ল।

কিন্তু পেটৰ দায়ৰ পৰা জানো কোনোবাই মুক্তি পাব পাৰে ? অভাৱৰ জ্বালা সহিব নোৱাৰি এজন সম্পৰ্কীয় মহাকৰ লগত তেওঁ পুনৰ উভতি আহিল মহানগৰীলৈ। দিনবোৰ বাগৰি থাকিল.. বিভিন্ন ঠাইত কিছুমান অস্থায়ী কাম কৰি কৰি মানুহজন যেন ভাগৰি গ’ল।

প্ৰথম গুৱাহাটীলৈ অহাৰ সময়তে যিটো কাম পাইছিল সেইটোৰ নিজাকৈ স্থায়ী ৰূপ দিবলৈ এটা সপোনে তেওঁৰ ভিতৰৰ মানুহজনক উচটাই থাকিল.. নিজাকৈ এখন ৰেষ্টুৰেন্ট বা চাট হাউচ খোলাৰ সপোন । তেওঁ ইতিমধ্যে কাম কৰা পাণবজাৰৰ কেণ্ডিড ড্ৰাগ ড্ৰিষ্টিবিউটৰৰ মালিক গৌতম বেনাৰ্জীৰ ‘পিকাডেলী’ নামৰ হোটেলত সুযোগ পাইছিল ৰন্ধা-বঢ়াৰ কাম শিকিবলৈ ।

সেই সুযোগৰ সদ্ব্যৱহাৰ আৰু আধৰুৱা সপোনটি সাকাৰ কৰিবলৈ ১৯৮৭ চনৰ ৪ ছেপ্তেম্বৰত মূলধন হিচাপে হাতত থকা ৭৫ টকা আৰু বিভিন্নজনৰ পৰা ধাৰে লোৱা প্ৰায় ৬০০ টকাৰে পাণবজাৰৰ নাগকটা পুখুৰীৰ পাৰতে এখন ঠেলাত  চাট হাউচ আৰম্ভ কৰিলে আৰু নিজ মাতৃৰ নামেৰে নাম থ’লে ‘ৰেৱতী চাট হাউচ’।

আৰম্ভণি সুখকৰ নাছিল যদিও কালক্ৰমত এই চাট হাউচে ১৯৯৫ চনত সেই ঠাইতে এটা স্থায়ী ঘৰ নিৰ্মাণ কৰি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সমৰ্থ হ’ল। এটা গৌৰৱময় ইতিহাস ধৰি ৰখাৰ লগতে সমগ্ৰ পাণবজাৰৰ অন্যতম পৰিচয় হিচাপে পৰিগণিত হ’বলৈ সক্ষম হোৱা এই চাট হাউচৰ আঁৰৰ ব্যক্তিজনেই হ’ল নাৰায়ণ চন্দ্ৰ বৰা

এইগৰাকী ব্যক্তিৰ আপ্ৰাণ চেষ্টাৰ বলতে আৰম্ভণিত ধাৰৰ উপৰি ধাৰত পোত যোৱা উক্ত চাট হাউচখনে আজি বছৰত প্ৰায় চাৰি লাখ টকা আয় কৰিবলৈ সক্ষম হৈছে ।

‘জীৱন’ৰ হৈ পল্লৱী গোস্বামীৰ প্ৰতিবেদন

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…