Menu

নলবাৰীৰ বিষয়ে এই ১২টা কথা জানেনে আপুনিও

গুৱাহাটীৰ কাষৰে নলবাৰী৷ কিমান ইতিহাস কিমান বৰ্তমানৰ সাক্ষী৷ এই নলবাৰীৰ বিষয়ে অন্তত: এই ১২টা কথা জানেনে আপুনিও?

নলবাৰী হৰি মন্দিৰ
১৯৬৫ চনত ৰায় বাহাদুৰ প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে দান কৰা মাটিত এই মন্দিৰ স্থাপিত হৈছিল। এই মন্দিৰৰ প্ৰাংগণতে প্ৰতিবছৰে আঘোণ মাহত বিশাল আয়োজন আৰু জনসমুদ্ৰৰে নলবাৰী ৰাস মহোৎসৱ অনুষ্ঠিত হয়।

বিল্বেশ্বৰ দেৱালয়
নলবাৰী চহৰৰ পৰা প্ৰায় ১২ কি. মি. পশ্চিমে বেলশৰত ৫০০ বছৰ পুৰণি এই দেৱালয়খন অৱস্থিত। প্ৰতিবছৰে শাৰদীয় নৱমীৰ দিনা এই দেৱালয়ত ম’হ বলি দিয়াৰ প্ৰথা প্ৰচলিত হৈ আহিছে য’ত বিভিন্ন প্ৰান্তৰ সহস্ৰ ৰাইজৰ সমাগম হয়। এই মন্দিৰৰ অন্যতম বৈশিষ্ট্য হ’ল ইয়াত মৃম্ময় মূৰ্তিৰ পূজা নহয়৷

নলবাৰী নাট্য মন্দিৰ
এই নাট্য মন্দিৰ নলবাৰীৰ নাট্য জগতৰ বাবে আধাৰস্থলীস্বৰূপ। বহু ঐতিহাসিক গতিবিধিৰ সাক্ষী এই থলী৷

মহমাৰা পুখুৰী
চান্দকুছি গাঁৱত এই পুখুৰী খন্দাইছিল ফেংগুৱা ৰজাই তেওঁৰ শাসনকাল (১৩৫০-১৩৬৫ খ্ৰীষ্টাব্দ)ত। নলবাৰী চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত এই গাঁওখন বাঁহ-বেত শিল্পৰ বাবেও প্ৰখ্যাত।

বালিলেচাৰ কালী মন্দিৰ
এই কালী মন্দিৰ আহোম ৰজা শিৱ সিংহই (১৭১৮-১৭৪৪ খ্ৰীষ্টাব্দ) নিৰ্মাণ কৰাইছিল বুলি জনবিশ্বাস আছে। নলবাৰী মহাবিদ্যালয়ৰ পৰা কিছু দূৰৈৰ বালিলেছা গাঁৱত অৱস্থিত এই মন্দিৰ জাগ্ৰত কালী গোঁসানীৰ মন্দিৰ বুলি প্ৰবাদ আছে। শিৱ সিংহই নিৰ্মাণ কৰা নলবাৰীৰ অন্য এখন দেৱালয় হ’ল চহৰৰ সমীপৰ বালিকৰিয়া গাঁৱত অৱস্থিত বাসুদেৱ দেৱালয়।

সংহতিৰ চানেকি
নলবাৰীত কেৱল মন্দিৰ বা দেৱালয় থকা বুলি ক’লে ভুল কোৱা হ’ব। চহৰৰ মাজমজিয়াতে থকা বড় মছজিদ, জৈন মন্দিৰ তথা হিন্দু ধৰ্মৰ বিভিন্ন প্ৰাৰ্থনাস্থলীসমূহৰ সমিলমিল উপস্থিতিয়ে ধৰ্মীয় সংহতিৰ চানেকি বহন কৰি আহিছে।

গৰ্ডন স্কুল
১৮৮৭ চনতে এই বিদ্যালয়খন স্থাপিত হৈছিল। নলবাৰীৰ শিক্ষা জগতৰ ভোটাতৰাস্বৰূপ অসমীয়া মাধ্যমৰ এই বিদ্যালয়খন চহৰৰ কেন্দ্ৰস্থলতে অৱস্থিত৷

সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
১৯৪৫ চনতে স্থাপন হৈছিল নলবাৰী সংস্কৃত কলেজ! ২০১১ চনত চহৰৰ পৰা নাতিদূৰৈৰ নমাটি গাঁৱত স্থাপন হৈছে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়৷

নলবাৰী আৰ্ট স্কুল
জীৱনশিল্পী আদ্য শৰ্মাৰ একক প্ৰচেষ্টাত স্থাপন হোৱা এই আৰ্ট স্কুলখনৰ নলবাৰীৰ শিল্পকলাৰ জগতখনলৈ অৱদান অতুলনীয় আৰু অপৰিসীম।

নানকাৰ ভয়ৰা গাঁও
নলবাৰীৰ কাব্য জগতৰ কেন্দ্রস্থল আখ্যা দিব পৰা এই গাঁওখন চহৰৰ পৰা প্ৰায় ৫-৬ কি.মি উ. পূ. দিশত অৱস্থিত। এই গাঁৱতে ১৯৭৬ চনৰ পৰা প্ৰকাশিত ‘সেউজী সেউজী’ কাব্যালোচনীখনক কেন্দ্ৰ কৰি গঢ়ি উঠা কাব্যিক পৰিৱেশৰ ভূমিকা অনন্য৷ গাঁওখনে মৎস্য পালনেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে৷ ঘুলি সত্ৰৰ নাগাৰা নামৰ প্ৰদৰ্শনৰ বাবেও গাঁওখনে প্ৰসিদ্ধি লাভ কৰিছে৷

প্ৰেৰণা পুথিভঁড়াল
শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই পুথিভঁড়াল নলবাৰীৰ বিহামপুৰ গাঁৱত৷ ১৫০০ তকৈও অধিক সদস্যৰ এই পুথিভঁড়ালত আছে ভিন্ন ভাষাৰ বিবিধ গ্ৰন্থ৷ ইয়াৰ ভগ্নী অনুষ্ঠান সাধনা সাহিত্য চ’ৰাই আয়োজন কৰি আহিছে সাহিত্য বা সমসাময়িক বিভিন্ন বিষয়ৰ আলোচনা৷

শ্ৰী ভাৰতী সংগ্ৰহালয়
কবি পংকজ গোৱিন্দ মেধিৰ প্ৰচেষ্টাত নলবাৰীৰ শান্তিপুৰত স্থাপন হৈছিল এই সংগ্ৰহালয় য’ত বহুতো অমূল্য সম্পদ সংৰক্ষণ কৰি ৰখা হৈছে। আনহাতে উল্লেখনীয় যে নলবাৰীৰ ‘পূৰ্বভাৰতী’ সংগ্ৰহালয় সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হোৱাৰ কথা আছিল যদিও বহু বছৰ ধৰি বন্ধ হৈ আছে ‘পূৰ্বভাৰতী’।

(আপুনিও যোগ দিব পাৰে এই তালিকাত ৰৈ যোৱা ঠাইবিশেষৰ কথা৷ পৰৱৰ্তী সম্পাদনাত সেয়া অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হ’ব৷)

‘জীৱন’ৰ হৈ পল্লৱী গোস্বামীৰ প্ৰতিবেদন

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ