Menu

জীৱনশৈলী সমীক্ষাৰ তথ্যই ভবাই তুলিব আপোনাকো

সময়ৰ লগে লগে জীৱন-যাপনৰ শৈলীও সলনি হয় মানুহৰ৷ সাংস্কৃতিক পৰিৱৰ্তন, নিত্যনতুন প্ৰযুক্তিনিৰ্ভৰ আহিলা আৰু ব্যস্ততাৰ ভিন্ন ৰূপ। এই সকলোবোৰে প্ৰভাৱ পেলায় জীৱনশৈলীত। আমাৰ দিনলিপিত, সম্পৰ্কবোৰত, সোৱাদত, পছন্দ-অপছন্দত, মানসিকতাত, চেতন-অৱচেতন মনত বা সিদ্ধান্ত গ্ৰহণত ক’ত নপৰে এই প্ৰভাৱ..

অসমৰ প্ৰেক্ষাপটত এই বছৰৰ জুলাই মাহজুৰি চলোৱা হৈছিল এই ‘জীৱনশৈলী সমীক্ষা ২০১৭’

ছেম্পল ছাইজ৭১৭৮

বয়স৩৫ বছৰলৈ ৭৮%, ৩৫ ঊৰ্ধ্বৰ ২২%

স্থান৩২% মহানগৰ, ৬৮% সৰু চহৰ আৰু গাঁও

জেণ্ডাৰ৪২% মহিলা, ৫৭.% পুৰুষ, .% থাৰ্ড জেণ্ডাৰ

শিক্ষা১১% দ্বাদশ শ্ৰেণীলৈ, ৪৬% স্নাতক, ৪৩% স্নাতকোত্তৰ বা উচ্চ

প্ৰথমে চাওঁ আহক, সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ সম্পৰ্কে৷ দৈনিক গড়ে ৫ ঘণ্টালৈ ছ’চিয়েল মিডিয়াত কটায় ২৯%ই। ৪%ই কটায় দিনটোত ৮ ঘণ্টালৈকে৷ আনকি ৬%ই ছ’চিয়েল মিডিয়াত কটায় এদিনত ৮ ঘণ্টাতকৈও বেছি সময়।

৫০.২%ই এদিনো থাকিব নোৱাৰে ইন্টাৰনেট সংযোগ নথকাকৈ।

৭১%ৰ জীৱনত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ ভাল। মাত্র ৬%ইহে বেয়া প্ৰভাৱ পৰিছে বুলি কয়। ২৩% এতিয়াও অনিশ্চিত তেওঁলোকৰ জীৱনত পৰা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ ভাল-বেয়া সম্পৰ্কে।

ইণ্টাৰনেটে জনজীৱন আৰু জীৱনশৈলীক কিদৰে প্ৰভাৱিত কৰিছে তাৰ স্পষ্ট ধাৰণা কৰিব পাৰি এই কথাৰে… কিবা তথ্য বা শব্দৰ অৰ্থ জানিবলৈ ৮৩%ই ছাৰ্চ ইঞ্জিনত সন্ধান কৰে। মাত্ৰ ৫%ইহে কেতিয়াবা পুথিভঁড়াললৈ যায়।

কি আচৰিত যে, য’ত নেকি ৯%ৰ ফেচবুকত ৫০০০ লৈকে বন্ধু আছে, ১৯%ৰ আছে ৩০০০ লৈকে আৰু ৬৪%ৰ ১০০০ লৈকে, বাস্তৱ জীৱনত তেওঁলোকে প্ৰয়োজন সাপেক্ষে কেইজন বন্ধুৰ সঁহাৰি পাব বুলি ভাবে জানেনে?

৩৪%ৰ মতে বৰ বেছি ৫ জন পাব আৰু ৪০%ৰ মতে বৰ বেছি ১০ জন। ১৩%ৰ মতে এজনৰো নাপায়৷

আধুনিক জীৱনশৈলীত ছ’চিয়েল মেডিয়াৰ হাজাৰ হাজাৰ বন্ধুৰ পৃথিৱীত মানুহে নিসংগতা অনুভৱ কৰে নেকি? ৫২%ই কৰে।৬২% মহিলাই অনুভৱ কৰে নিসংগতা।

৩৫ বছৰৰ তলৰ যুৱক-যুৱতী ৭৩%ই নিসংগতা অনুভৱ কৰে।

মানসিক চিকিৎসকক লগ কৰিব মন যায় নেকি? ৩৮%ই ৰাজহুৱাকৈ স্বীকাৰ কৰিলে, হয়। মহানগৰৰ বাসিন্দা ৫১%ই। মহিলাসকলৰ ৫৪%ৰ মন যায় মানসিক চিকিৎসকক লগ কৰিবলৈ।

৩৫ বছৰ তলৰ ৭২%ৰ কেতিয়াবা মানসিক চিকিৎসকক লগ কৰিবলৈ মন বুলি মুকলিকৈ প্ৰকাশ কৰিলে।

প্ৰযুক্তিনিৰ্ভৰ আজিৰ যুগত অসমত বিভিন্ন বয়স আৰু গাঁও, চহৰ মিলাই ৩৮% লোকে ৰাতি ১২টাৰ পাছলৈকে (৩%ই পুৱা ৪টালৈকে) সাৰে থাকে।

চিন্তনীয় বিষয়টো হ’ল যে স্বাস্থ্যৰ বাবে হানিকাৰক বুলি জানিও তেনে দ্ৰব্য সেৱন কৰে ৩৩%ই। এই সংখ্যা মহানগৰৰ বাসিন্দাৰ ক্ষেত্রত ৪০%। আনকি সমীক্ষাত অংশগ্ৰহণকাৰী ২১% মহিলাই তেনে দ্ৰব্য সেৱন কৰা বুলি প্ৰকাশ কৰিলে।

হানিকাৰক দ্ৰব্য সেৱন কৰা বুলি স্বীকাৰ কৰিলে ৩৫ বছৰতকৈ কম বয়সৰ ৬২%ই

সময়ৰ লগে লগে আধ্যাত্মিক বা ধৰ্মীয় বিষয়ত মানুহৰ অংশগ্ৰহণ কমিছে নে বাঢ়িছে এই বিষয়েও অনুমান কৰিব পৰি এই সমীক্ষাৰ ফলাফলৰ যোগেদি। ১২%ই কেতিয়াও উপাসনাস্হলীলৈ যোৱা নাই। ৬৭%ই কেতিয়াবা যায়।

বিশ্বজুৰি যোগাসন জনপ্ৰিয় হোৱাৰ সময়ত অসমত ২৬%ই কাহানিও যোগাসন কৰি পোৱা নাই। ১২% লোকেহে নিয়মীয়াকৈ যোগাসন কৰে

ভালপোৱাৰ সম্পৰ্ক আৰু কেৰিয়াৰৰ মাজত কিদৰে সামঞ্জস্য বা সন্তুলন ৰাখি চলে? তেনে সম্পৰ্ক আৰু কেৰিয়াৰৰ মাজত বাছিবলৈ দিলে মাত্ৰ ২৫%ই বাছিব ভালপোৱাৰ সম্পৰ্কক।

শিক্ষাৰ্থী আৰু নিবনুৱাসকলে জীৱিকাৰ বাবে কি কৰিম বুলি আশা কৰিছে? ৩৬%ই বিচাৰে স্বনিয়োজন। ৫৫%ক লাগে যিকোনো চাকৰি।

সমীক্ষাৰ শেষৰটো অনুসন্ধান আছিল আমি নিজৰ সপোনৰ জীৱন গঢ়াৰ দিশত আগবাঢ়িছোঁ নে বাধ্য হৈ কিবা এটা কৰি আছোঁ? ৪৫%ই আগবঢ়া নাই নিজৰ সপোনৰ জীৱন গঢ়াৰ দিশত।

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ