Menu

মনালিছা শইকীয়াৰ ‘শংখনিনাদ’

গণতান্ত্ৰিক অান্দোলন বা সশস্ত্ৰ সংগ্ৰাম নহয়, কৰ্মবিপ্লৱেৰে সুস্থিৰ সমাজ গঢ়াৰ বাৰ্তা বহন কৰা কাহিনীএটা প্ৰাণ পাই উঠিছে ‘শংখনিনাদ’ত। সমান্তৰালভাৱে সংবেদনশীল, সাহসী নাৰী অমিয়াই নিজৰ কাহিনীৰে দৃঢ় ভেটি বান্ধি পাঠকক শেষলৈকে তেওঁৰ মাজতে সামৰি ৰাখিছে।

উজনি অসমৰ দেৰগাঁৱৰ এটা খাটি অসমীয়া পৰিয়াল, এই পৰিয়ালৰ মুৰব্বী গান্ধী দৰ্শনেৰে উজ্জ্বীৱিত হৰেন হাজৰিকা কৰ্মসংস্কৃতিত বিশ্বাসী। নিজৰ পৈত্ৰিক মাটিত তেওঁ বহু লোকক কৰ্মসংস্থানো দিছে। পৰিৱৰ্তিত সময়ত পিছে তেওঁৰ পুত্ৰৰ মন-মগজু কঁপালে অাশীৰ দশকত অসম কঁপোৱা ছাত্ৰ অান্দোলনে। প্ৰবীণে দেশক বিদেশীমুক্ত কৰিবলৈ উঠি-পৰি লাগিল। পিছে তেওঁৰ স্বপ্নভংগহে হ’ল। শ শ শ্বহীদৰ অাত্মত্যাগেৰেও অান্দোলন সফল নহ’ল। প্ৰবীণ কিন্তু নিজৰ উদ্দেশ্যত নাচোৰবান্দা। সমাজ পৰিৱৰ্তনৰ বাবে তেওঁ এইবাৰ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি ল’লে। সেয়াও ভেকোভাওনাহে হ’লগৈ।প্ৰবীণৰ অাত্মোপলব্ধি হ’ল। সংগ্ৰামৰ বাট নিৰ্বাচন কৰোঁতে হোৱা ভুল শুধৰাবলৈ মন মেলিলে তেওঁ। পিতৃ-পিতামহে কাটি থৈ যোৱা কৰ্মবিপ্লৱৰ বাটটোৰে তেওঁ জীৱনৰ খোজ অাগ বঢ়াবলৈ প্ৰস্তুত হ’ল। দহ বছৰত সেই খোজ দৃঢ়ৰ পৰা দৃঢ়তৰ হ’ল। এই দৃঢ়তৰ খোজৰ পম খেদি অাগ বাঢ়ি থাকিল উপন্যাসখনৰ কাহিনীৰ গতি।

সংগ্ৰামমুখৰ ভাবক শীতলতা প্ৰদান কৰিবলৈ সমগ্ৰ উপন্যাসৰ পৃষ্ঠা বিয়পি অাছে অমিয়াৰ সংবেদনশীলতা। প্ৰতিবাদী হ’লেও এটা কোমল, সাংস্কৃতিক মন অাছে তাইৰ। ভালপোৱাৰ পৃথিৱী এখন তাই সকলোৰে মাজত গঢ়িব খোজে। তাই বুজে ভালপোৱাইহে মানুহক মানুহ কৰে, ন সমাজ গঢ়ে; হিংসা-হত্যা-সন্ত্ৰাসে নহয়। চিন্তাৰ বিশালতা অাৰু অাধুনিকতাই তাইক পাঠকৰ কাষ চপাই নিয়ে। সাংস্কৃতিক বিপ্লৱৰ পোষকতা কৰে অমিয়াই। উত্তৰ পুৰুষে নিজৰ শিপা খামুচি থিয় হ’বলৈ কৰ্ম অাৰু সাংস্কৃতিক বিপ্লৱ কৰিবই লাগিব। অমিয়া যেন এই বিপ্লৱৰ সাহসী হোতা। এই বিপ্লৱ, এই যুঁজৰ শংখনিনাদ ইতিমধ্যে প্ৰবীণে কৰিছেই।

এই নিনাদ পাঠকৰ অন্তৰাত্মাতো ধ্বনিত হৈছে। ঔপন্যাসিকৰ অনুভৱী ভাষাই যেন এক সেতু বান্ধিছে শংখনিনাদ অাৰু পাঠকৰ মাজত। পৰিৱেশ বৰ্ণনত ঔপন্যাসিকৰ অাছে নিজস্ব শৈলী যি ক্ষণিকতে পাঠকক অাশীৰ দশকলৈ লৈ যাব পাৰে অাৰু একেই লয়েৰে ওভোতাই অানিব পাৰে সাম্প্ৰতিক সময়লৈকে। অাজিৰ যুৱ প্ৰজন্মৰ সূক্ষ্ম মনস্তাত্ত্বিক বিশ্লেষণ উপন্যাসখনৰ অান এটা উল্লেখনীয় দিশ।

সাংস্কৃতিক বিপ্লৱ অাৰু কৰ্মসংস্কৃতিয়েহে গঢ়িব পাৰে এখন অাদৰ্শ সমাজ- এনে ইতিবাচক চিন্তাৰ বাহক ‘শংখনিনাদ’ এই সময়ৰ বিশেষ সৃষ্টি।

: কৰবী মহন্ত

এই গ্ৰন্থখন ২০১৫-ৰ ‘জীৱনৰ বছৰৰ বিশেষ ১০’ শীৰ্ষক তালিকাত অন্তৰ্ভুক্ত (‘জীৱন’ ছপা সংস্কৰণ ৪৩)

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ