Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ঝুলন কৃষ্ণ মহন্ত : নদী মাথোঁ বয়

নদী মাথোঁ বয়’ -এয়া পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা৷ ব্ৰহ্মপুত্ৰ নদীৰে যাত্ৰা কৰা কেইগৰাকীমান ব্যক্তিয়ে যাত্ৰাপথত সন্মুখীন হোৱা বিভিন্ন ঘটনাক্ৰমেৰে নিৰ্মিত হৈছে এই চিনেমাখনৰ চিত্ৰনাট্য৷ প্ৰথমখন চিনেমাৰেই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা পৰিচালকে চিনেমাখনত আবদ্ধ কৰিছে বিশাল ব্ৰহ্মপুত্ৰৰ মোহনীয় সৌন্দৰ্যক৷ অসমৰ লগতে  ইতিমধ্যে অষ্ট্ৰেলিয়া, নতুন দিল্লী, ইম্ফল আদিতো চিনেমাখনৰ প্ৰদৰ্শন হৈছে৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

মই মূলত: সংগীতৰ লগত জড়িত ব্যক্তি আছিলোঁ৷ বি বৰুৱা কলেজত অধ্যয়ন কৰোঁতে অভিনয়ৰ লগতো জড়িত হৈছিলোঁ৷ সেই সময়তে গুৱাহাটীত প্ৰদৰ্শিত যশস্বী পৰিচালকৰ বহুকেইখন আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমা চোৱাৰ সুযোগ পাইছিলোঁ৷ কুৰুশ্ব’ৱা, ফেলিনি আদি পৰিচালকৰ চিনেমা চাই মই মাধ্যমটোৰ প্ৰতি বাৰুকৈয়ে আকৃষ্ট হ’লোঁ৷ চিনেমা মাধ্যমটোৰ প্ৰতি জন্মা এই আগ্ৰহৰ বাবেই জ্যোতি চিত্ৰবনত চিনেমা সম্পাদনাৰ পাঠ্যক্ৰম শিকিলোঁ আৰু সম্পূৰ্ণৰূপে এই মাধ্যমটোত সোমাই পৰিলোঁ৷

আপুনি এই বিষয়ত কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

এবাৰ গুৱাহাটী চিনে ক্লাবে নদী বিষয়ক চিনেমা কিছুমান দেখুৱাইছিল৷ সেই চিনেমাবোৰ চাই মই ভাবিলোঁ ব্ৰহ্মপুত্ৰক লৈ কিবা এটা কৰাৰ কথা৷ উমানন্দৰ পৰা জাহাজেৰে মাজুলীলৈ ভ্ৰমণ কৰাটো মোৰ এটা বহুদিনীয়া সপোন আছিল৷ নদী বিষয়ক চিনেমা কৰাৰ কথা মনলৈ আহোঁতেই আমাৰ এই যাত্ৰাটোক তথ্যচিত্ৰৰূপে চিত্ৰগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিলোঁ৷ এই পৰিকল্পনাই এদিন চিনেমাৰ ৰূপ পালে৷

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

চিনেমাখনৰ বাবে প্ৰায় ১২ লাখ টকা খৰছ হৈছিল আৰু এই সমগ্ৰ খৰচ মোৰ মাই মোক গোটাই দিছিল৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

চিনেমাখনত খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে চিনেমাখন অসমৰ বিভিন্ন চিত্ৰগৃহত মুক্তি দিয়াৰ উপৰি গাৱেঁ গাৱেঁ প্ৰৰ্দশনী পতাৰ পৰিকল্পনা কৰিছোঁ৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে বাজেট কেনেকৈ গোটাব?

মোৰ হাতত এতিয়া দুখন চিনেমাৰ বাবে কাহিনী সাজু হৈ আছে৷ আশা কৰিছোঁ প্ৰযোজক পালে দুবছৰৰ ভিতৰতে পৰৱৰ্তী চিনেমাখনৰ কাম শেষ কৰিম৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

কামবোৰ নিশ্চিতভাৱে দলীয় ভিত্তিত কৰি আছোঁ৷ মোৰ বন্ধুসকলে চিনেমাখন নিৰ্মাণত বিভিন্ন প্ৰকাৰে সহায় কৰিছে৷ চিত্ৰগ্ৰহণকাৰী পাপু ডেকা, সংগীত পৰিচালক সৌৰভ মহন্ত মোৰ বন্ধু৷ আটায়ে নিজৰ চিনেমা হিচাপেই কাম কৰিছোঁ৷

চিনেমাখন বিতৰণ কেনেকৈ কৰিব?

চিনেমাগৃহত মুক্তি দিয়াৰ চিন্তা কৰিছোঁ৷

আপোনাৰ অন্যান্য পেচা?

বৰ্তমান চিনেমা নিৰ্মাণ কৰাই মোৰ পেচা৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

শেহতীয়াকৈ ‘অন্তৰীণ’ নামৰ চিনেমাখন চালোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমত বিভিন্ন কাৰকৰ বাবে চিনেমাগৃহৰ পৰা দৰ্শক আতৰি আহিছে৷ এয়া অকল অসমৰে সমস্যা নহয়, এয়া বিশ্বজনীন সমস্যা৷ আজিকালি মানুহে ম’বাইল, টেবলেটত চিনেমা চাবলৈ লৈছে৷ সেয়েহে আমিও বিতৰণৰ মাধ্যম সলনি কৰাৰ সময় আহি পৰিছে৷

Jhulan Krishna Mahanta

ঝুলন কৃষ্ণ মহন্ত

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ