Menu

হৃদয়স্পৰ্শী অসমীয়া গান

‘জীৱন’এ সমীক্ষা চলাইছিল অসমীয়া হৃদয়স্পৰ্শী গানৰ বিষয়ে৷ এই সমীক্ষাত অংশ লয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে৷

এটা দীঘলীয়া যাত্ৰা, ক্লান্ত ক্ষণবোৰ নাইবা অকলশৰীয়া মুহূৰ্তবোৰ -সকলোতেই আমাৰ বহুতৰে সংগী গান৷ সেইবাবেই হয়তো কোনো কোনোৱে নিৰ্জন দ্বীপলৈ লৈ যাব খোজে প্ৰিয় গানৰ ৰেকৰ্ড৷

সমীক্ষাৰ মতে, শীৰ্ষ ১০টা স্থানত থকা গানকেইটা একাদিক্ৰমে-

‘মন যায়…’ – এম মণিৰাম পৰিচালিত ‘মন যায়’ (২০০৮) চিনেমাখনৰ পাৰ্শ্বসংগীতৰূপে ব্যৱহৃত এই গীতটোৰ ৰচনা তথা কণ্ঠ জুবিন গাৰ্গৰ৷

‘মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম…’ – ড: ভূপেন হাজৰিকাই ৰচনা কৰা এই গীতটোৰ কণ্ঠ আছিল শিল্পীগৰাকীৰ নিজৰ৷

‘মানুহে মানুহৰ বাবে…’ – ড: ভূপেন হাজৰিকাই ৰচনা কৰা এই গীতটোৰ কণ্ঠ আছিল শিল্পীগৰাকীৰ নিজৰ৷

‘পৰজনমৰ শুভ লগনত…’ – বহু শিল্পীয়ে গোৱা এই গীতটোৰ কথাংশ আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ৷

‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই…’ – তফজ্জুল আলীয়ে ৰচনা কৰা এই গীতটোত প্ৰথমে কণ্ঠ দিছিল ড: বীৰেন্দ্ৰনাথ দত্তই৷

‘মায়াবিনী ৰাতিৰ বুকুত…’ – মুনিন বৰুৱাই পৰিচালনা কৰা ‘দাগ’ চিনেমাখনৰ এই গীতটোৰ কথা আৰু কণ্ঠ জুবিন গাৰ্গৰ৷

‘মোৰ মিনতি তৰা হয় যদি…’ – জয়ন্ত হাজৰিকাই গোৱা এই গীতটোৰ কথা আছিল শিল্পীগৰাকীৰ নিজৰ৷

‘মন মোৰ উৰি গুচি যায়…’ – ‘জোনাকী ৰাতি’ এলবামৰ এই গীতটোৰ কথা কেশৱ মহন্তৰ আৰু গীতটোত কণ্ঠ নিগৰাইছে অংগৰাগ পাপন মহন্তই৷

‘বিমূৰ্ত মোৰ নিশাটি যে…’ – ড: ভূপেন হাজৰিকাই ৰচনা কৰা এই গীতটোৰ কণ্ঠ আছিল শিল্পীগৰাকীৰ নিজৰ৷

‘বুকু হম হম কৰে মোৰ আই…’ – ড: ভূপেন হাজৰিকাই ৰচনা কৰা এই গীতটোৰ কণ্ঠ আছিল শিল্পীগৰাকীৰ নিজৰ৷

 

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ