Menu

চৰকাৰী বাহিনীয়ে হাতুৰিৰে কোবাই মোৰ কান্ধ আৰু হাতৰ বন্ধন খুলি পেলাইছিল : প্ৰকাশ মহন্ত

‘অসমীয়া প্ৰতিদিন’ কাকতৰ জন্মলগ্নত ইয়াৰ লগত জড়িত হৈ সাংবাদিকতাৰ পাতনি মেলা প্ৰকাশ মহন্ত ‘মানৱ অধিকাৰ সংগ্ৰাম সমিতি’ৰো সক্ৰিয় সদস্য আছিল৷ সাংবাদিকৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে অহৰহ সংগ্ৰামৰত মহন্ত ‘সাংবাদিক কৰ্ম-পৰিষদ, অসম’ৰো গুৰি ধৰোঁতা৷

আপুনি সাংবাদিকতাক কিয় বৃত্তি হিচাপে বাছি ল’লে?

মই জীৱনৰ লক্ষ্য হিচাপে লৈ সাংবাদিকতা বৃত্তিলৈ অহা নাছিলোঁ৷ এক সামাজিক দায়বদ্ধতা হিচাপেহে মই বৃত্তিটো বাছি ল’ব লগা হৈছিল৷ অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাক জিলা পৰ্যায়ত নেতৃত্ব দিছিলোঁ৷ ইয়াৰ পাছৰ পৰ্যায়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ পৰিছিলোঁ৷ ঠিক সেই সময়তে ‘অসমীয়া প্ৰতিদিন’ কাকতখন আৰম্ভ হ’ল৷ কাকতখনৰ বাবে তেতিয়া সংবাদদাতাৰ খুব অভাৱ৷ মই যিহেতু বিভিন্ন সামাজিক কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ, সেয়েহে অজিত কুমাৰ ভূঞাই নগাওঁৰ পৰা বাতৰি যোগান ধৰাত মোক জড়িত কৰে৷ সাংবাদিকতাত ভৰি দিয়া প্ৰথম দিনবোৰৰ সেই সময়ছোৱাত অগপ চৰকাৰখন বিভিন্ন অপকাৰ্যত জড়িত হৈছিল আৰু মই এই কাৰ্যসমূহৰ বিপক্ষে কঠোৰভাৱে কলম চলাইছিলোঁ৷ প্ৰত্যুত্তৰত মোৰ ওপৰত চলিছিল ব্যাপক শাৰিৰীক, মানসিক অত্যাচাৰ৷ এইবোৰে সাংবাদিকতাৰ প্ৰতি অধিক দায়বদ্ধ হ’বলৈ মোক উদগনি দিছিল৷

এই বৃত্তিটোৰ সৈতে জড়িত হোৱাৰ পূৰ্বে সাংবাদিকতা সম্পৰ্কে আপোনাৰ যি ধাৰণা আছিল সেয়া বৰ্তমানেও অটুট আছেনে?

সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ বহু পৰিৱৰ্তন আহিল৷ পূৰ্বে সাংবাদিকৰ যি সন্মান আছিল সেয়া আজি নিজৰ কৃতকৰ্মৰ বাবেই বহু সাংবাদিকে হেৰুৱাইছে৷ কিন্তু তথাপি এনে বহু লোক আছে যি আজিও শ্ৰদ্ধেয়৷ বৰ্তমানৰ পৰিৱৰ্তিত সামাজিক, অৰ্থনৈতিক পৰিস্থিতিও ইয়াৰ বাবে দায়ী৷ সাংবাদিকে উচিত মজুৰি লাভ কৰাৰ পৰা বঞ্চিত হোৱা ঘটনায়ো পৰিৱেশটো প্ৰদূষিত কৰিছে৷ কিন্তু ভাল দিন আহিব বুলি মই সদায় আশাবাদী৷

নতুনকৈ জীৱন আৰম্ভ কৰাৰ অৱকাশ থকা হ’লে পুনৰ সাংবাদিকতাকে বৃত্তি হিচাপে ল’লেহেঁতেননে?

সাংবাদিকতা মোৰ বাবে নিচা বা পেছা একোৱেই নাছিল৷ মোৰ নিচা আৰু পেছা আছিল কৃষি৷ মই কৃষিকাৰ্য কৰিয়েই জীৱনৰ প্ৰথম সময়ছোৱাত স্বাৱলম্বী হৈছিলোঁ৷ মাছৰ পোনা উৎপাদন তথা অন্যান্য বিভিন্ন খেতি মই কৰিছিলোঁ৷ নতুনকৈ জীৱন আৰম্ভ কৰাৰ অৱকাশ থাকিলে মই পুনৰ কৃষিকাৰ্যলৈ উভতি যাম৷

আপুনি দিনটোত গড়ে কিমান সময় কিতাপ, আলোচনী, সংবাদপত্ৰ পঢ়ে?

অতি কম সময়হে মই পঢ়াৰ বাবে খৰচ কৰিবলৈ অৱকাশ পাওঁ৷ এয়া মোৰ বাবে দুৰ্ভাগ্য৷ যেতিয়া কিবা এটা লিখিব লগীয়া হয় বা কোনো সভাত ভাষণ দিব লগীয়া হয়, তেতিয়াহে কিতাপ এখন মেলি লওঁ৷ এয়া আজি অসমৰ বহু সাংবাদিকৰে বাস্তৱ জীৱন৷ ই আমাক বহুত পিছুৱাই নিছে৷

অইন নাগৰিকতকৈ সাংবাদিক হিচাপে নিজকে সমাজৰ প্ৰতি বিশেষ দায়বদ্ধ বুলি ভাবে নেকি?

নিশ্চয়৷ মই নিজকে এক্টিভিষ্ট সাংবাদিক হিচাপেহে চিনাকি দি ভাল পাওঁ৷ কাৰণ সাংবাদিক জীৱনৰ প্ৰথম সময়ছোৱাই মোক বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন কৰোৱাইছিল৷ চৰকাৰী বাহিনীয়ে ঘৰৰ চোতালত নিশা হাতুৰিৰে কোবাই মোৰ এখন কান্ধ আৰু হাতৰ বন্ধনটো খুলি পেলাইছিল৷ মোক গ্ৰেপ্তাৰ কৰি ইখন জেলৰ পৰা সিখন জেললৈ লৈ ফুৰিছিল৷ অমানুষিক অত্যাচাৰৰ সন্মুখীন হোৱা সেই দিনবোৰত মই তদানীন্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক চিঠি লিখি অনুৰোধ কৰিছিলোঁ ইমান অত্যাচাৰ কৰি থকাতকৈ মোৰ পৰিয়ালটোক গুলিয়াই নি:শেষ কৰি দিবলৈ৷ কিন্তু ইমানৰ পাছতো পিছ হুহকি নাহি মই আজিও সাংবাদিকতাৰ জগতখনত সক্ৰিয় হৈ আছোঁ৷ এয়া সম্ভৱ হৈছে একমাত্ৰ সমাজখনৰ প্ৰতি থকা মোৰ দায়বদ্ধতাৰ বাবেই৷

কোনো বিশেষ সাংবাদিক বা সংবাদ প্ৰতিষ্ঠান আছে নেকি যাৰ সতে বা য’ত  কাম কৰিবলৈ আপুনি ভাল পালেহেঁতেন?

আসাম ট্ৰিবিউন গোষ্ঠীৰ লগত কাম কৰিব পালে ভাল পালোঁহেঁতেন৷ কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ বাতৰি পৰিৱেশনৰ যি ধাৰা, সি মোক যথেষ্ট ব্যথিত কৰে৷ সি যি কি নহওক, মই জীৱনৰ বাকীকেইটা দিন প্ৰতিদিন গোষ্ঠীতেই কাম কৰি যাব বিচাৰোঁ৷

সাংবাদিক জীৱনৰ এনে এটা মুহূৰ্ত ক’ব নেকি যি আপোনাক আজিও শিহৰিত কৰে?

২০০৭ চন৷ কাৰ্বি আংলঙত ডিমাছা আৰু কাৰ্বিৰ মাজত গোষ্ঠী সংঘৰ্ষ হোৱা সময়ৰ কথা৷ কাকতৰ মালিকৰ কথা মতে মই ডিফুলৈ ৰাওনা হৈছিলোঁ৷ কাহিলি পুৱাতেই ডিফু গৈ পালোঁ৷ ডিফুত সতীৰ্থ সাংবাদিকসকলৰ পৰা পৰিস্থিতিৰ বুজ লৈ থাকোঁতেই খবৰ আহিল যে জিৰিকিন্দিং নামৰ ঠাই এখনত যাত্ৰীবাহী বাছ এখনৰ ৪৫গৰাকী যাত্ৰীক দুবৃৰ্ত্তই কাটিলে৷ ঘটনা হোৱা ঠাইখন খেৰণী থানাৰ অন্তৰ্গত৷ আমি ততাতৈয়াকৈ খেৰণীলৈ ৰাওনা হ’লোঁ৷ গৈ পাওঁতে সন্ধিয়া হ’ল৷ থানাত ঘটনাটোৰ বিষয়ে বাতৰি সন্ধান কৰি থাকোঁতেই মই গম পালোঁ যে বাছখনৰ দ্ৰাইভাৰজন থানাৰ পিছফালৰ ঘৰটোত আছে৷ মই পুলিচে গম নোপোৱাকৈ তাৰ লগত কথা পাতিলোঁ৷ তাৰ পৰা সমস্ত ঘটনাটোৰ বৰ্ণনা শুনি কঁপি উঠিছিলোঁ৷ তাৰ পৰাই গম পালোঁ যে শৱসহ বাছখন খেৰণী থানাৰ পিছফালে থৈ দিয়া হৈছে৷ উল্লেখ্য যে পুলিচে আমাক শৱদেহবোৰ তেতিয়াও আহি পোৱা নাই বুলি কৈ আছিল৷ মই কেমেৰামেনজনক লৈ মনে মনে বাছখন বিচাৰি উলিয়ালোঁ৷ যেতিয়া বাছখনৰ ভিতৰত টৰ্চৰ পোহৰ পেলাইছিলোঁ, এদম শৱদেহৰ তেজেৰে ৰাঙলী হৈ থকা দৃশ্য দেখি কেমেৰামেনজন বাহিৰলৈ ওলাই আহিছিল৷ মই এহাতে টৰ্চ লৈ আনহাতে কেমেৰাৰে ফটো তুলিছিলোঁ আৰু সেই নিশাই ফটোখন অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ পঠিয়াই দিছিলোঁ৷ ফটোখন প্ৰকাশ পাই আলোড়ন সৃষ্টি কৰিছিল৷ সেই দিনটোৰ অভিজ্ঞতাই মোক আজিও শিহৰিত কৰি তোলে৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ