Menu

বিতৰ্ক ২ : অসমৰ অৱস্থাৰ বাবে অসমীয়াই দায়ীনে? – বিশেষজ্ঞ, ছাত্ৰ-ছাত্ৰীৰ বিতৰ্ক

কোন দায়ী অসমৰ সাম্প্ৰতিক অৱস্থাৰ বাবে? ইতিহাসক জগৰীয়া কৰিব পাৰনে? কেন্দ্ৰীয় চৰকাৰ? বিদেশী? ভূগোল? নে আমি নিজেই দায়ী? এই বিতৰ্কত আপুনিও অংশ লওক৷

ৰাজনৈতিক সদিচ্ছাৰ পৰা কেন্দ্ৰৰ অৱহেলালৈকে বহু কাৰণ আছে

সৌমাৰ জ্যোতি মহন্ত

২০০৭-ৰ অসম, UB Photos

ভৌগোলিক স্থিতি, জাতিগত, চাৰিত্ৰিক আৰু ধৰ্মীয় ভিন্নতা, প্ৰাকৃতিক বৈশিষ্ট্য, বহি:ৰাষ্ট্ৰৰ সীমাৰে সংলগ্ন আদি বিভিন্ন দিশৰ পৰা অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহৰ এক সুকীয়া বৈশিষ্ট্য আছে। খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ তৈল মানচিত্ৰত ১৯ শতিকাতে স্থান লাভ কৰা অসমে কুৰি শতিকাৰ প্ৰায় সাত দশকলৈকে দেশৰ মুঠ উৎপাদনৰ ৭০ শতাংশ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। কুৰি শতিকাৰ শেষ দশকলৈকে অসমত অ এন জি চি আৰু অইল ইণ্ডিয়াই প্ৰায় আশাপ্ৰদভাৱে তেল-গেছ উৎপাদন কৰিছিল। কিন্তু অসমৰ ক্ষেত্ৰত থকা বহু বৈষম্যমূলক পৰিচালন নীতি, উন্নত প্ৰযুক্তিৰ অভাৱ আদি বিভিন্ন কাৰণত তেল-গেছৰ উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পাইছে, যাৰ ফলত এ পি এল, গেছ কোম্পানী, চাহ বাগিছা, গেছভিত্তিক তাপবিদ্যুৎ প্ৰকল্প আদি উদ্যোগলৈ সংকট আহিছে। গ্ৰাম্য ৰয়েল্টী, তেল শোধানাগাৰ, তেল-গেছভিত্তিক ভটিয়নী, আনুষংগিক উদ্যোগ সকলোৰে ক্ষেত্ৰত আন্দোলন, প্ৰতিবাদ নহলে নহয়। ’৬০-ৰ দশকৰ পৰা ২১ শতিকাৰ প্ৰথম ভাগলৈকে কোটি কোটি টকা মূল্যৰ গেছ অসমত জ্বলাই দি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে মূল্যৱান সম্পদ ধ্বংস কৰি পেলোৱা হ’ল। কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবে আজি পৰ্যন্ত তেল-গেছ, কয়লা, চূণশিল, ক্লে’মনিক আদিৰ প্ৰকৃত অন্বেষণ, উৎপাদন হোৱা নাই৷ অনুৰূপভাৱে চাহ উৎপাদনৰ ক্ষেত্ৰত বা গুণগত মানৰ ক্ষেত্ৰত অসমৰ চাহ বিশ্বত সমাদৃত হ’লেও চাহ বোৰ্ডৰ কাৰ্যালয়টোকে আজি পৰ্যন্ত অসমলৈ আনিব পৰা নগ’ল। জৈৱ-বৈচিত্ৰ্য, বনজ সম্পদ, জলজ সম্পদ, অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ নদী, ভূমি, জলাশয়, বিল, কীৰ্তিচিহ্ন, ঐতিহ্য বহন কৰা সম্পদ আদিৰ সদ্ব্যৱহাৰত আমি সক্ষম হোৱা নাই। স্বাধীনতাৰ পাছৰ পৰা গঠন হোৱা চৰকাৰসমূহ এই ক্ষেত্ৰত দোষমুক্ত নহয়। লুক ইষ্ট, এক্ট ইষ্ট আদি শুনি ভাল লগা নীতিসমূহে ৰাজ্যৰ কি পৰিৱৰ্তন সাধিছে সেয়া সকলোৰে অৱগত। এসময়ত বাংলাদেশৰ সৈতে ৰে’লৱে যাতায়ত ব্যৱস্থা থকা অসমত এতিয়াহে আধুনিক ৰেল যাতায়ত দুই লাইনযুক্ত ব্ৰডগজক লৈ যো-জা চলিছে। তাহানি মণিৰাম দেৱানে জলপথেৰে ব্যৱসায় কৰা অসমত জলপথৰ অৱস্থা কি? অসমৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনৰ যোগাযোগ ব্যৱস্থা অতি তথৈবচ।

আকৌ বাংলাদেশী নাগৰিকৰ বিতাড়ন (Deportation), চিনাক্তকৰণ (Detection) কৰ্তন (Deletion)-ক লৈ দীৰ্ঘদিন আন্দোলন চলি থকাৰ পাছতো বাংলাদেশী কমক চাৰি বাঢ়িছেহে। এফালে নাগৰিকপঞ্জীৰ সংশোধনৰ উদ্যোগ, আনহাতে সমান্তৰাললৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ যোগেদি বিদেশী হিন্দুক স্বদেশীকৰণৰ পদক্ষেপ -অৱধাৰিতভাৱে এনে ব্যৱস্থাই থলুৱা, খিলঞ্জীয়াক অধিক বিপৰ্যয়ৰ দিশে ধাৱমান কৰাৰ সম্ভাৱনা প্ৰকট। বাংলাদেশী নাগৰিকৰ আগ্ৰাসনক ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কিছু উদ্যোগ আৰম্ভ কৰিছে যদিও বিগত ৬৯টা বছৰত এই ক্ষেত্ৰত লোৱা ব্যৱস্থা অতি হতাশজনক। নদীমাতৃক ৰাজ্য অসমত ব্ৰহ্মপুত্ৰকে প্ৰমুখ্য কৰি বাকী নৈ-উপনৈসমূহৰ দ্বাৰা সৃষ্ট বান, গৰাখহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে যদিও এই পৰ্যন্ত এটা নদী গৱেষণা কেন্দ্ৰ ৰাজ্যত গঢ় লৈ নুঠিল। কৃষিপ্ৰধান ৰাজ্য অসমৰ চাউল সম্প্ৰতি বিদেশতো জনপ্ৰিয়। কিন্তু বিপন্ন কৃষিখণ্ডৰ অৱস্থা দেখি এতিয়া নৱ-প্ৰজন্মই পিঠি দিছে। উপৰিউক্ত দিশসমূহৰ এক বস্তুনিষ্ঠ বিশ্লেষণ কৰিলে দেখা যায় যে এই সামগ্ৰিক অৱস্থাৰ বাবে কেৱল অসমীয়াই দায়ী নহয়। ৰাজনৈতিক সদিচ্ছাৰ অভাৱ, উপযুক্ত নেতৃত্বৰ অভাৱ, প্ৰশাসনিক ব্যৰ্থতা, কেন্দ্ৰৰ অৱহেলা আদি বহু কাৰণত অসমৰ বহু সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে দিনকদিনে জটিলহে হৈ পৰিছে।

(লেখক শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ)

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ