Menu

দেহে-মনে কুশলে থাকিবলৈ এইকেইটা কথালৈ মন কৰক

১৷ প্ৰতিখন ঠাইৰে পৰিৱেশ অনুসৰি নিৰ্দিষ্ট খাদ্যসম্ভাৰ থাকে৷ সেই খাদ্য নিৰ্দিষ্ট ঠাইখনৰ মানুহৰ সুস্থ দেহ আৰু মনৰ বাবে পৰ্যাপ্ত৷ সেয়েহে সুস্থ হৈ থকাৰ প্ৰথম চৰ্ত হিচাপে আপোনাৰ ঠাইখনৰ থলুৱা খাদ্যাভ্যাস গ্ৰহণ কৰক৷

২৷ প্ৰতিবাৰ খাদ্য গ্ৰহণ কৰা সময়খিনি উপভোগ কৰক৷ লৰালৰি নকৰি ধীৰে-সুস্থিৰে খাদ্য গ্ৰহণ কৰক৷ প্ৰতিবিধ খাদ্যৰ সোৱাদ উপভোগ কৰিবলৈ যত্নপৰ হওক৷

৩৷ দেহটোক সুস্থ কৰি ৰখাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী প্ৰতিদিনে খাওক৷ দেহত পানীৰ পৰিমাণ কমি যোৱা মানেই দেহ আৰু মন অস্থিৰ হৈ পৰাৰ কাৰকবোৰ বৃদ্ধি পায়৷

৪৷ দেহত ভিটামিন ডিৰ মাত্ৰা বৰ্তাই ৰাখক৷ ইয়াৰ বাবে দেহক ৰ’দ তথা পোহৰৰ স্পৰ্শ যিকোনো ঋতুতে পাবলৈ দিয়ক৷

৫৷ প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰক৷ এই অভ্যাসে আপোনাৰ দেহৰ জঠৰতা গুচাই বিভিন্ন প্ৰক্ৰিয়াসমূহক সক্ৰিয় কৰি তুলিব৷

৬৷ প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰক৷ সঠিক সময়ৰ লগতে সঠিক সময়ত শোৱাটোও প্ৰয়োজনীয়৷ ইয়াৰ বাবে নিশা ১০-১০:৩০ বজাৰ ভিতৰত বিচনালৈ যোৱাৰ অভ্যাস কৰক৷

৭৷ প্ৰতিদিনে ব্যায়াম কৰাৰ অভ্যাস কৰক৷ ইয়াৰ বাবে জীমলৈ যোৱাৰ অভ্যাসো আপুনি গঢ়ি তুলিব পাৰে৷

৮৷ প্ৰতিদিনে অইনক সহায় কৰাৰ বাবে যত্নপৰ হওক৷ আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হবলৈ শিকক৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ