Menu

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল ৷ তেওঁৰ অনুষ্ঠান চাবলৈ সকলো উত্ৰাৱল হৈ থাকে ৷ কলকাতাৰ পৰা কেইদিনমানৰ বাবেহে তেওঁ অসমলৈ আহে ৷ সেইবাৰ পশ্চিম গুৱাহাটীলৈ ড: হাজৰিকাই অনুষ্ঠান কৰিবলৈ আহিব বুলি জানিব পাৰিলোঁ ৷ মোৰ চাবলৈ বৰ মন আছিল ৷ ঘৰৰ অনুমতিত মই শান্তিপুৰত থকা মাহীৰ ঘৰলৈ গ’লোঁ ৷ তিনি মাহৰ পিছতে মোৰ দ্বিতীয়টো সন্তান জন্ম হ’ব ৷ তথাপি মনটো বান্ধি ৰাখিব নোৱাৰি গ’লোঁ৷ অনুষ্ঠান আৰম্ভ হ’ল ৷ লাহে লাহে বতাহ-বৰষুণ দিবলৈ আৰম্ভ কৰিলে ৷ ক্ৰমান্বয়ে বতাহৰ প্ৰকোপ বাঢ়ি আহিল ৷ মানুহৰ মাজত হুলুস্থুল হ’ল, দৌৰাদৌৰি কৰিছে ৷ আনফালে মোৰ কোলাত তিনি বছৰীয়া ছোৱালীজনী আছে ৷ মানুহৰ ভিৰৰ মাজত ক’ত হেৰাই গৈছোঁ গম নাপাওঁ ৷ মোৰ লগত মাহী আৰু মাহীৰ ল’ৰাটো আছিল৷ দৌৰোঁতে মই তিনিবাৰ শিলত পৰিলোঁ ৷ মোৰ গাৰ ওপৰেদি মানুহ পাৰ হৈ গৈছে, মই কেৱল ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ ৷ যেনেতেনে উঠি গৈ মানুহ এঘৰৰ বাৰান্দাত উঠিলোঁ, কিন্তু মানুহঘৰে দুৱাৰ নুখুলিলে ৷ সিফালে ডাঙৰ ছোৱালীজনী কাষত নেদেখি মাহীৰ ল’ৰাটোক বলিয়াৰ দৰে চিঞৰিলোঁ ‘ৰুণজুনক বিচাৰ’ বুলি ৷ অৱশেষত তাইক পালোঁ, এজন ব্যক্তিৰ লগত নিৰাপদে আছে ৷ বিহু সন্মিলনত ভূপেন হাজৰিকাক চাবলৈ গৈ যি দুৰাৱস্থা হৈছিল, তেতিয়াৰ পৰাই বুকুৰ কোনোবাখিনিত এটা ভয়ে থিতাপি ল’লে ৷ তেতিয়াৰ পৰা মই কোনো বিহু সন্মিলন চাবলৈ যোৱা নাই আৰু নাযাওঁ ৷

তোষপ্ৰভা কলিতা

 

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ