Menu

অসমৰ বিষয়ে ১০টা যোগাত্মক কথা

শান্তি নিকেতনৰ ভাস্কৰ্যশিল্পী ৰামকিংকৰ বেইজে অসমৰ ভাস্কৰ চালেহা আহমেদক কৈছিল, ‘কি নাই তোমার দেশে– যেখানে সূৰ্য উঠে অনেক আগে’ | সঁচাই কি নাই অসম দেশত ! আৰু চালেহা আহমেদেও অসমৰ প্ৰাকৃতিক সম্পদৰ পৰাই সৃষ্টিকৰ্মৰ আহিলা পাইছিল| সৃষ্টিকৰ্মৰ উৎসও আছিল অসমৰ লোক-কলা, লোক-সংস্কৃতি | অসমৰ কাঠ-বাঁহ, মাটি, গছৰ শুকান ফুল, ডাল-পাত আদিও হ’ব পাৰে হস্তশিল্পৰ আধাৰ | হস্তশিল্প তথা কুটীৰ শিল্পত পূৰ্বৰে পৰাই অসমখন চহকী | প্ৰায়বোৰ ক্ষুদ্ৰ উদ্যোগেই অসমত বৰ্তমান আছে| এইবোৰ থলুৱাভাৱেই তৈয়াৰ হয়| ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচামালো অসমতে আছে |

অসমৰ মাটি মৃৎশিল্পৰ বাবে উপযোগী | অসমৰ ধুবুৰী জিলাৰ আশাৰীকান্দিৰ মৃৎশিল্পই ভাৰতৰ সৰ্বোৎকৃষ্ট মৃৎশিল্পৰূপে খ্যাতি অৰ্জন কৰিছে আৰু জাপান, ইংলেণ্ড, ইটালী, জাৰ্মানী, আমেৰিকা আদি দেশতো সমাদৃত হৈছে| এয়া সম্ভৱ হৈছে উন্নত মানৰ ছ’ডিয়াম ছিলিকেট মিশ্ৰিত আৰু স্থিতিস্থাপকতাযুক্ত মাটিৰ  বাবে| বিশেষকৈ মাজুলী, আশাৰীকান্দিৰ মাটি উল্লেখনীয় ৷ শিলাই নদীৰ পাৰৰ প্ৰায় ৫৯৯ বিঘা মাটি ‘হীৰামাটি’ নামেৰে প্ৰখ্যাত আৰু ই মৃৎশিল্পৰ প্ৰধান উপাদান | অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম অৱদান হ’ল মুখাশিল্প| মুখাশিল্পৰ এটা উল্লেখনীয় কথা হ’ল– সজাই থ’লেই ভাস্কৰ্য আৰু পৰিধান কৰিলে মুখা হৈ পৰে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শুভাৰম্ভ ঘটোৱা মুখাশিল্প ইতিমধ্যে দেশ-বিদেশতো জনাজাত হৈ পৰিছে |

অসমৰ প্ৰধান খেতি হ’ল ধান| এই ধান খেতিৰ পৰাই নানা উদ্যোগ গঢ় লৈ উঠিছে | ধানৰ নৰাৰ পৰা কাগজৰ বোৰ্ড, ধানৰ খহটা তূুঁহৰ পৰা ডিটাৰজেণ্ট পাউদাৰ, মিহি তুঁহৰ পৰা ৰাইচব্ৰান অইল, ছ’ডিয়াম ছিলিকেট আদি প্ৰস্তুত কৰাৰ উদ্যোগ স্থাপন হৈছে | তদুপৰি ধানৰ মিল, চিৰাৰ মিল আৰু উখোৱা চাউলৰ মিল স্থাপন হৈছে | অসমৰ সুগন্ধি জহা চাউলে ইয়াৰ ব্যতিক্ৰমী গোন্ধ আৰু স্বাদৰ বাবে ইতিমধ্যে বিশ্বৰ বজাৰত জনপ্ৰিয়তা লাভ কৰিছে আৰু অচিৰেই ই বিশ্বৰ প্ৰায়বোৰ বিলাসী হোটেল-ৰেষ্টুৰেণ্টৰ অভিজাত খাদ্য-তালিকাত স্থান লাভ কৰিব | উল্লেখ্য যে সুগন্ধি জহা ধানৰ একাধিক প্ৰজাতি মাত্ৰ অসমতহে আছে | ২০০৬ চনত ৰাজ্যখনৰ ৯২ হেক্টৰ মাটিত জহা ধানৰ খেতি কৰা হৈছিল আৰু প্ৰকল্পটোত ১৬২গৰাকী খেতিয়ক জড়িত আছিল | উৎপাদন হৈছিল ১৩৩ মেট্ৰিকটন জহা চাউল | বৰ্তমান সমত চৰকাৰী আৰু বেচৰকাৰীভাৱে সৰ্বমুঠ ১৭,৪৫০ হেক্টৰ মাটিত জহা ধানৰ খেতি কৰা হয়| অসমত ছটা প্ৰজাতিৰ জহা ধানৰ খেতি হয় যদিও কুনকুনি জহাৰহে চাহিদা বেছি | বাচমতিৰ পাছতে অসমৰ জহাই দ্বিতীয় সুগন্ধি স্বাদযুক্ত চাউল | জাৰ্মানীত অনুষ্ঠিত বায়’-ফেক (BIO-FACH) শীৰ্ষক কৃষি মেলাত অসমৰ সুগন্ধি জহাই কৃষিজাত সামগ্ৰী আমদানি কৰা ইউৰোপৰ ব্যৱসায়ীমহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল |

ধানৰ পাছতে চাহ খেতি অসম তথা ভাৰতৰ সৰ্ববৃহৎ কৃষি উদ্যোগ| চাহ খেতিৰ উদ্যোগে আন কেতবোৰ সহযোগী উদ্যোগ গঢ়ি তুলিছে| নিম্ন মধ্যবিত্তৰ পৰা উচ্চ শ্ৰেণীলৈকে বুজনসংখ্যক লোক এই উদ্যোগত জড়িত হৈ আছে | অসমত ৮৫৫ খনতকৈও অধিক পঞ্জীয়নভুক্ত চাহ বাগিচা আছে ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৰ্মসংস্থানৰ লগতে স্বাৱলম্বী হ’বলৈও আদৰ্শ দেখুৱাইছে৷ তদুপৰি চাহ খেতিৰ প্ৰশিক্ষণ দিব পৰা প্ৰতিষ্ঠানো অসমতে আছে | সেই প্ৰতিষ্ঠানত প্লেণ্টেশ্যন, মাৰ্কেটিং, পেকিং, ৰিছাৰ্চ আদি বিষয় আছে |

অসম অলৱণীয় পানীৰ উৎস আৰু অলৱণীয় পানীত বিচৰণ কৰা মাছৰ চাহিদাই সৰ্বাধিক | বৰ্তমান বিশ্বত ৫০০ মান একুৱাৰিয়ামত ৰাখিব পৰা আলংকাৰিক মাছ আছে | অসমৰ থলুৱা ৰংচঙীয়া পুঠি, গৰৈ, চেঙেলী, খলিহনা, বতীয়া, বামী, গঙ্গাটোপ, কান্ধুলি আদিয়েও আলংকাৰিক মাছৰ স্থান লাভ কৰিছে | অসমৰ প্ৰকৃতিপ্ৰদত্ত জলাশয় মীন পামৰ অন্যতম উৎস | প্ৰতি বছৰে মীন পোহা দেশৰ ভিতৰত অসম দ্বিতীয় স্থানত | মৎস্য সম্পদত চহকী অসমত মীন পাম, উদ্যোগ আদিৰ প্ৰচুৰ সম্ভাৱনা আছে |

ধাতু শিল্পৰ ভিতৰত অসমৰ কাঁহ-পিতল আৰু স্বৰ্ণশিল্পই প্ৰধান | সপ্তদশ শতিকাত আহোম স্বৰ্গদেউ শিৱসিংহই নলবাৰীৰ জীউধন কঁহাৰক ১০০ পুৰা নিস্কৰ ভূমি দান কৰি সৰ্থেবাৰীত সূচনা কৰা কাঁহশিল্প আজিও জীয়াই আছে | কাঁহৰ বাচনৰ চাহিদা অসমকে ধৰি পশ্চিমবংগতো আছে | এই চাহিদা পূৰণৰ বাবে নৱ-প্ৰজন্মই পদক্ষেপ ল’লে শিল্পটো জীয়াই থকাৰ লগতে অসমীয়া সংস্কৃতিও ৰক্ষা হ’ব |

অসমৰ নগাঁও, বৰপেটা, গোৱালপাৰা আৰু দৰং জিলাত মৰাপাটৰ উৎপাদন ভাল হয় | মৰাপাটৰ পৰা উৎপাদিত (বস্তা, বেগ, ৰছী, দলিচা, গৃহসজ্জাৰ বস্তু) সামগ্ৰী আদিৰ যথেষ্ট চাহিদা আছে ৷ মৰাপাটৰ সূতাৰ পৰা বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰি বগা কোমল কাণ্ড অংশ ইন্ধন আৰু ডাঠ কাগজ প্ৰস্তুত কৰাত ব্যৱহাৰ হয় | পুলি অৱস্থাত শাকৰূপে খাবও পাৰি ৷ বীজৰ পৰা আহৰণ কৰা তেল ৰং আৰু বাৰ্নিছত ব্যৱহাৰ হয়| উদ্যোগ হিচাপে মৰাপাট শিল্প চৰকাৰৰ টেক্সটাইল বিভাগৰ সৈতে জড়িত আৰু ২০০৬ চনত মৰাপাটৰ মূল্য প্ৰতি কুইণ্টলত প্ৰায় ১,০০০ টকা এই বিভাগে ধাৰ্য কৰি দিছিল | আনাৰস, কল, নাৰিকল, তামোল গছৰ পৰাও অাঁহ উলিয়াই কম খৰচতে উদ্যোগ স্থাপন কৰিব পাৰি ৷ অসমত এইবোৰৰ খেতি প্ৰচুৰ পৰিমাণে হয় |

কৃত্ৰিম সুগন্ধিতকৈ প্ৰকৃতিগত, উদ্ভিদজাত সুগন্ধিৰ চাহিদা অধিক | অসমতে আছে বিভিন্ন প্ৰজাতিৰ সুগন্ধি উদ্ভিদ | সত্তৰৰ দশকতে চিত্ৰনলাৰ খেতিৰে অসমত উদ্যোগ গঢ়ি উঠিছিল | এই খেতিৰ বাবেও অসমৰ মাটি উপযুক্ত | চিত্ৰনলা খেতি কৰি চিত্ৰনলা তেল উৎপাদন কৰিব পাৰি ৷ এই তেলৰ চাহিদাও বেছি | ঔষধ-সুগন্ধি গছ-বন-লতাৰ ভঁৰাল অসমখন | যোৰহাট আঞ্চলিক গৱেষণাগাৰ (বৰ্তমান ‘নৰ্থ-ইষ্ট ইন্ষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী)ত উদ্ভাৱন কৰা কৃষি-পদ্ধতিৰে ঔষধি-সুগন্ধি গছ-বন-লতাৰ খেতি কৰি, উদ্যোগ স্থাপন কৰিব পাৰি ৷ এইবোৰৰ ভিতৰত চিত্ৰনলা প্ৰধান | ভাৰতৰ ৯০ শতাংশ চিত্ৰনলা তেল উত্তৰ-পূৰ্বাঞ্চলতে উৎপাদন হয় | এক হেক্টৰ মাটিত ১৫ হাজাৰমান টকা বিনিয়োগেৰে চিত্ৰনলাৰ খেতি কৰি ৫৫ হাজাৰতকৈও অধিক টকা লাভ কৰিব পাৰি ৷ চিত্ৰনলাৰ লগতে কোটাহী বেঙেনা, ব্ৰাহ্মী, অশ্বগন্ধা, ডালচেনি, পেপাৰমিণ্ট, লেমন গ্ৰাছ, পালম’ৰজা, ডাইছ’কৰীয়া আদিৰ খেতিৰে তেল নিস্কাষণ কৰি লাভৱান হ’ব পাৰি ৷ পদিনা, তুলসী, মচলাজাতীয় উদ্ভিদ হ’লেও সুগন্ধিৰ অন্তৰ্ভুক্ত|

বিভিন্ন ঋতুত হোৱা দেশী-বিদেশী ফুলৰ বাবেও অসমৰ মাটি-পানী-জলবায়ু উপযোগী | কম মাটিতে বছৰৰ বাৰ মাহতেই বিভিন্ন ফুলৰ খেতি কৰিব পাৰি ৷ প্ৰতি বছৰে বাঢ়ি অহা চাহিদালৈ চাই ক’ব পাৰি বাণিজ্যিকভাৱে ফুলৰ খেতি কৰি ফুলভিত্তিক উদ্যোগ গঢ়ি তুলিব পাৰি ৷ ফুলৰ লগতে অন্তৰ্ৱৰ্তী শস্য (ৰঙালাও, তিল, ধনীয়া, পালেং, বাবৰ, পিঁয়াজ, বিলাহী আদি)ৰ খেতি কৰিও লাভৱান হ’ব পাৰি ৷

অসমৰ নৈৰ বালি-চাপৰিত হোৱা কঁহুৱা, ঝাওবন, হাবিৰ নল-খাগৰি, পথাৰৰ কলমৌ, পানীমেটেকা আদি কেঁচামালৰূপে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ব্যৱহাৰ হয় | অসমৰ হাবিত কিছুমান বিশেষ উদ্ভিদ আছে যিবোৰৰ পাত, ফুল-ফল, বাকলি, শিপা আদিৰ পৰা ৰং আৰু ৰঞ্জক পাব পাৰি ৷

আজিৰ অসমখন বিভিন্ন সমস্যাৰে জৰ্জৰিত | ইয়াৰে এটা প্ৰধান সমস্যা নিৱনুৱা সমস্যা | ভাৰতৰ সূৰ্য উঠা দেশ অসমত নাই কি? তাৰে মাত্ৰ ১০টা যোগাত্মক দিশ উল্লেখ কৰি নিৱনুৱা সমস্যা সমাধানৰ পথ দেখুওৱা হ’ল | নৱ-প্ৰজন্মই অসমৰ প্ৰাকৃতিক সম্পদক মূলধনৰূপে লৈ একাগ্ৰতাৰে আগ বাঢ়িলে সাফল্যই আহি দুৱাৰমুখত থিয় দিবহি |

(‘জীৱন’ৰ দশকপূৰ্তি উপলক্ষে আয়োজিত ‘অসমৰ বিষয়ে ১০টা যোগাত্মক কথা’ বিষয়ক প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত)

অঞ্জু শাণ্ডিল্য

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ