Menu

১২ বছৰ কিতাপ পঢ়া নাছিলোঁ, এটা শব্দও লিখা নাছিলোঁ: মণিকুন্তলা ভট্টাচাৰ্য

কিছুমান মানুহে বিভিন্ন কামত স্বামীক বিচাৰি আহে আৰু দাৰোৱানে তেওঁলোকক পদূলিৰ পৰাই বিদায় দিয়ে৷ এদিন মোৰ মনলৈ আহিল ময়ো যদি ডাঙৰ লেখক হ’লোঁহয়, মোক বিচাৰিও মানুহ আহিলহেঁতেন৷

অসমীয়া ঔপন্যাসিকসকলৰ তালিকাত এটা লেখত ল’ব লগীয়া নাম মণিকুন্তলা ভট্টাচাৰ্য ৷ চুটি গল্প আৰু কবিতাৰেও খ্যাতি লাভ কৰা লেখকগৰাকীৰ জনপ্ৰিয় উপন্যাসসমূহৰ ভিতৰত ‘বৰদোৱানী’ অন্যতম৷

 

আপুনি যেতিয়া লিখে, পাঠকৰ কথা ভাবি লিখে নে স্বত:স্ফূৰ্তভাৱে লিখে?

মই স্বত:স্ফূৰ্তভাৱেই লিখোঁ৷ কাহিনী এটা গঠন কৰোঁতে মনলৈ আহি থকা ভাববোৰ কলমেৰে আপোনমনে নিগৰাটোৱেই মই বিচাৰোঁ৷ সেই মৰ্মেই লিখি যাওঁ৷ কিন্তু মই যে নিৰৱচ্ছিন্নভাৱে লিখি আছোঁ, ইয়াৰ এটা অন্যতম কাৰণ কিন্তু পাঠকক উপহাৰ দিয়াই৷ যি পাঠকৰ আগ্ৰহ আৰু অনুপ্ৰেৰণাৰ বাবে মই এগৰাকী লেখক হিচাপে চিনাকি পাইছোঁ, সেই পাঠকক নিৰ্দিষ্ট সময়ত সুখপাঠ্যৰ সোৱাদ উপহাৰ দিয়াটোৱেই মই লিখি থকাৰ অন্যতম উদ্দেশ্য৷

আপোনাৰ এনে কিবা সৃষ্টি এতিয়াও অলিখিত হৈ আছে নেকি যিয়ে আপোনাক প্ৰায়ে অস্থিৰ কৰি তোলে?

সঁচাকৈয়ে, অলিখিত সৃষ্টিৰ তাড়নাই প্ৰায়ে মোক অস্থিৰ কৰি তোলে৷ কিন্তু সেই সৃষ্টিত কি থাকিব সেয়া আজিও অনিৰ্দিষ্ট৷ তথাপি মই ভাবোঁ এখন সুবৃহৎ উপন্যাসৰ কথা, যিখন মোৰ কলমেৰে আপোনা-আপুনি নিগৰিব৷ কাহিনীটো হ’ব সম্পূৰ্ণ কাল্পনিক৷ কোনো গৱেষণা বা ক্ষেত্ৰ অধ্যয়নৰ সমল উপন্যাসখনত নাথাকিব৷ তাত থাকিব মাথোঁ এটা নিটোল কাহিনী যি মোৰ আপোন পাঠকসকলৰ মন-মগজুত স্থায়ী হৈ ৰ’ব৷ নাজানো কেতিয়ালৈকে মোৰ এই সপোনৰ উপন্যাসখন লিখি উলিয়াব পাৰিম৷

এতিয়ালৈকে আপোনাৰ প্ৰিয় কিতাপ?

এতিয়ালৈকে পঢ়া কিতাপসমূহৰ ভিতৰত প্ৰিয় কিতাপকেইখন বাছি উলিয়ালে প্ৰথমতেই ক’ব লাগিব গেব্ৰিয়েল গাৰ্থিয়া মাৰ্কে’জৰ ‘ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিটিউড’ৰ নাম৷ মাৰ্কে’জৰ বৰ্ণনাশৈলীয়ে মোক সদায় মুগ্ধ কৰি আহিছে৷ মোৰ অন্য এখন প্ৰিয় কিতাপ মামণি ৰয়ছম গোস্বামীৰ ‘ধোঁৱা আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’৷ এয়া  মোৰ মন-মগজু জোকাৰি যোৱা অন্যতম গ্ৰন্থ৷ লগতে মোৰ ভাল লগা কিতাপৰ তালিকাখনত মামণি ৰয়ছম গোস্বামী আৰু হোমেন বৰগোহাঞিৰ আটাইবোৰ কিতাপেই সন্নিৱিষ্ট হ’ব৷ আকৌ মাৰাঠী লেখক লক্ষ্মণ গাইকোৱাডৰ লেখাও মোৰ ভাল লাগে৷

এইখিনিতে কওঁ, মোৰ প্ৰিয় কিতাপৰ তালিকাত কবিতাৰ সংকলন নাই৷ কাৰণ একোটা ভাল কবিতা পঢ়ি মই দিব্যস্নান কৰাৰ অনুভূতি লাভ কৰোঁ৷ সেয়েহে কবিতা মোৰ বাবে ভাল লগাৰ সংজ্ঞাৰ ঊৰ্ধত থকা বিষয়৷

লিখাৰ বাবে দিনটোৰ কোনো নিৰ্দিষ্ট সময় সুবিধাজনক বুলি আপুনি ভাবে নেকি?

ক’বলৈ লাজ নকৰোঁ যে মই মানুহজনী কাৰ্যত: খুবেই এলেহুৱা৷ দিনটোৰ বহু সময় মই টিভি চায়েই কটাওঁ৷ লিখিবৰ বাবে পুৱা আহাৰ গ্ৰহণ কৰাৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰালৈ -এইখিনি সময় ব্যৱহাৰ কৰোঁ৷

নিজৰ অন্তত: এটা বা একাধিক সৃষ্টি যাক লৈ আপুনি তুলনামুলকভাৱে সৰ্বাধিক সন্তুষ্টি বা পৰিপূৰ্ণ অনুভৱ কৰে৷ বিশেষ কাৰণ?

মোৰ সৃষ্টিসমূহৰ ভিতৰত প্ৰিয় হ’ল ‘ত্ৰিকূটৰ ঘোঁৰা’ নামৰ উপন্যাসখন৷ সমগ্ৰ উপন্যাসখন মাত্ৰ দুদিনৰ তথ্যৰে লিখিছিলোঁ৷ হয়তো সেইখিনি তথ্যৰে এটা লেখাই নহ’লহেঁতেন৷ কিন্তু মই উপন্যাস এখন লিখি উলিয়াইছিলোঁ৷ সেইখন যি শৈলীৰে লিখিছিলোঁ, সেয়া মোৰ খুব ভাল লাগে৷ কিন্তু মোৰ এই সৃষ্টি পাঠকৰ মাজত সিমান জনপ্ৰিয় নহয়৷

আপোনাৰ জীৱনত কিতাপ নাথাকিলে জীৱনটো কেনে হ’লহেঁতেন?

কিতাপ অবিহনে জীৱনটো বিষন্ন হ’লহেঁতেন৷ এইখিনিতে কাহিনী এটা কওঁ৷ মই ১৯৮১-৮৭ চনলৈ অহৰহ লিখি আহিছিলোঁ৷ তাৰ পাছত মোৰ বিয়া হ’ল৷ বিয়াৰ পাছৰ পৰাই কিবা এটা হ’ল৷ লিখাতো দূৰৈৰে কথা, মোৰ পঢ়িবলৈও ইচ্ছা নোহোৱা হ’ল৷ সম্পূৰ্ণ ১২ বছৰ মই কোনো কিতাপ পঢ়া নাই, এটা শব্দও লিখা নাই৷ মোৰ স্বামী কিন্তু অনবৰত কিতাপৰ মাজত ডুব গৈ থকা ব্যক্তি৷ তেওঁ মোক সদায় অন্য উপহাৰৰ তুলনাত কিতাপ আৰু বিভিন্ন আলোচনীহে উপহাৰ দি আহিছে৷ কিন্তু তথাপি মই এই সুদীৰ্ঘ দিনকেইটাত অতি আচৰিতভাৱে আখৰৰ পৰা দূৰৈত অৱস্থান কৰিছিলোঁ, যাক ক’ব পাৰি ৰাইটাৰ্ছ ব্লক বুলি৷

ইয়াৰ পাছত এদিন হঠাৎ মোৰ কলমটোৱে সাৰ পাই উঠিল৷ সেই সময়ত স্বামীৰ চাকৰিসূত্ৰে গোৱালপাৰাত আছিলোঁ৷ পুৱাই স্বামী, সন্তান সকলো ওলাই যায় আৰু মই বাংলোৰ সন্মুখৰ বাৰাণ্ডাত বহি পদূলিলৈ চাই থাকোঁ৷ প্ৰায়ে দেখা পাওঁ, কিছুমান মানুহে বিভিন্ন কামত স্বামীক বিচাৰি আহে আৰু দাৰোৱানে তেওঁলোকক পদূলিৰ পৰাই বিদায় দিয়ে৷ এদিন মোৰ মনলৈ আহিল ময়ো যদি ডাঙৰ লেখক হ’লোঁহয়, তেতিয়া মোক বিচাৰিও মানুহ আহিলহেঁতেন৷ কথাবোৰ ভাবি ভাবি স্বামীৰ অফিচ ৰূমত বহি বহি লিখি পেলালোঁ -‘মন নগ’লেও কেতিয়াবা এনেই আহিবা তুমি…’৷ লগে লগে আৰম্ভ হ’ল মোৰ লেখক জীৱনৰ দ্বিতীয় অধ্যায়৷

সাধাৰণতে পৰিকল্পিতভাৱে লিখিবৰ বাবে আপুনি কিবা বিশেষ পৰিকল্পনাৰ প্ৰয়োজন অনুভৱ কৰে নেকি?

পৰিকল্পনা নহয়, পৰিৱেশৰহে প্ৰয়োজন৷ অৱশ্যে এই ক্ষেত্ৰত নীৰৱ পৰিৱেশ যে লাগিব সেয়াও নহয়৷ কিন্তু লিখিবৰ বাবে চকী-মেজ লাগিবই, লগতে কাগজ-কলম৷ ইয়াৰ লগতে বাৰে বাৰে যাতে মই চকীৰ পৰা উঠি আহিব নালাগে তাৰো ব্যৱস্থা থাকিব লাগিব৷ লিখিবলৈ এইখিনিয়েই মোৰ বাবে পৰ্যাপ্ত৷

লেখক জীৱনত সন্তুষ্টি বেছি নে আক্ষেপ বেছি?

মই কিমানৰ মানুহ সেয়া ভালদৰে জানোঁ৷ কিমান ওপৰলৈ উধাব পাৰিম, সেয়াও মোৰ কাৰণে স্পষ্ট৷ সেইবাবেই আক্ষেপ বা অসন্তুষ্টি নাই৷ কিন্তু সন্তুষ্টি লভি লিখা বন্ধ কৰাৰো মই পক্ষপাতী নহয়৷

পঢ়াৰ বাবে আপুনি দিনটোত গড়ে কিমান সময় দিয়ে?

কিতাপ সাধাৰণতে মই দৈনিক এঘণ্টাকৈ পঢ়োঁ৷ কিন্তু আলোচনীবোৰ মই বিভিন্ন সময়ত পঢ়ি থাকোঁ৷ আনকি লিখি থকাৰ মাজতো মই আলোচনীবোৰৰ বিভিন্ন লেখা পঢ়ি থাকোঁ৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ