Menu

মহিলাগৰাকী নদী হ’ব বিচাৰিছিল, এই কথাই মোক ছবি আঁকিবলৈ বাধ্য কৰাইছিল : ধ্ৰুৱ ডেকা

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা কালৰ সদস্য ধ্ৰুৱ ডেকা বিগত কেইবা দশকজুৰি চিত্ৰশিল্পৰ জগতখনৰ লগত জড়িত৷ লগতে নতুন প্ৰজন্মক চিত্ৰশিল্পৰ প্ৰশিক্ষণ দিয়াৰ  কামো কৰি আহিছে৷ 

শিল্পকলাৰ প্ৰতি আকৰ্ষণ কেতিয়াৰ পৰা আৰু কেনেকৈ হ’ল?

সৰুৰে পৰাই বহু শিল্পীৰ সান্নিধ্যলৈ আহিছিলোঁ৷ মই কোনোদিন ক’তো শিল্পৰ শিক্ষা লোৱা নাই৷ চাই চায়েই কাম শিকিছোঁ৷ মোৰ অন্যতম অনুপ্ৰেৰণা হ’ল শিল্পী বেণু মিশ্ৰ৷ তেওঁৰ পৰা মই বহু কথাই শিকিছোঁ৷ প্ৰকৃততে শিল্পৰ জগতখনলৈ অহাৰ বাবে মোৰ অন্যতম দিকদৰ্শক আছিল ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’৷ ১৯৭৬ চনত গুৱাহাটী আৰ্টিষ্ট গীল্ড স্থাপন হৈছিল৷ সেই সময়ত এই অনুষ্ঠানটো স্থাপন কৰাৰ বাবে দেহেকেহে খাটিছিলোঁ৷ মোৰ শিল্পৰ প্ৰতি থকা আগ্ৰহ দেখি ঘৰৰ মানুহেও উৎসাহ দিছিল৷

আপোনাৰ প্ৰিয় ৰং?

ৰঙা ৰং মোৰ খুবেই প্ৰিয়৷ এই ৰঙত স্পষ্টতা থাকে৷ মোৰ এনে লাগে যেন ৰঙাই সকলো অনুভূতিকে কঢ়িয়াই লৈ ফুৰে৷

সৃষ্টিৰ বাবে আপুনি কি ভাবি এটা মাধ্যম বাছনি কৰে?

কি আঁকিম সেই লৈহে মাধ্যম বাছনি কৰোঁ৷ পানী ৰঙৰ ক্ষেত্ৰত বহুত পৰীক্ষা-নিৰীক্ষা কৰিব পাৰি, কিন্তু তৈলৰঙৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে৷ সেইবুলি মই যে সেয়া বেয়া পাওঁ তেনে নহয়৷ যি সৃষ্টিত যেনে ধৰণে সুবিধা হয়, সেই ধৰণেই মই মাধ্যম বাছনি কৰোঁ৷

এজন শিল্পীৰ সৃষ্টিৰ আঁৰত নিশ্চয় কোনোবা থাকে, আপোনাৰ সৃষ্টিৰ আঁৰত এনে কোনো আছে নেকি?

মোৰ প্ৰায়বোৰ সৃষ্টিৰ আঁৰত মনলৈ অহা বিভিন্ন ভাবসমূহৰ পূৰ্ণ প্ৰভাৱ আছে৷ চৌদিশৰ বিভিন্ন ঘটনাপ্ৰবাহে মোৰ ভাবক গতি দি আহিছে৷ অৱশ্যে প্ৰতিটো সৃষ্টিৰ আঁৰতেই বিবিধ কাৰক আছে৷ এবাৰ এগৰাকী মহিলাৰ স্বগতোক্তিক কেন্দ্ৰ কৰি এখন ছবি আঁকিছিলোঁ৷ মহিলাগৰাকীয়ে নদী হ’ব বিচাৰিছিল৷ এই কথাই মোক ছবি আঁকিবলৈ বাধ্য কৰাইছিল৷

আপোনাৰ প্ৰিয় শিল্পী?

প্ৰিয় শিল্পী বুলি ক’বলৈ গ’লে এম এফ হুছেইন, ৰামেশ্বৰ ব্ৰুটা, বিকাশ ভট্টাচাৰ্য আদিৰ নাম ল’ব লাগিব৷ এইসকলৰ সৃষ্টি মোৰ প্ৰিয় কিন্তু কাৰো দ্বাৰাই মই প্ৰভাৱিত হোৱা নাই৷

এনে কিবা বিশেষ সৃষ্টি আছে নেকি যি এতিয়াও সৃষ্টি কৰিব নোৱাৰি আপুনি অস্থিৰ হৈ আছে?

বৰ্তমান সময়ত বহুল জনপ্ৰিয় ফেশ্যনক লৈ এলানি ছবি অঁকাৰ মোৰ দীৰ্ঘদিনীয়া সপোন আছে৷ আগেয়ে মই এই জগতখনৰ ঋণাত্মক দিশখিনিক লৈ ব্যংগ কৰিছিলোঁ৷ এতিয়া মোৰ এই জগতখনৰ যোগাত্মক দিশসমূহক আৱিষ্কাৰ কৰাৰ খুব হাবিয়াহ জাগিছে৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ