Menu

এজনৰ কণ্ঠত গীত এটি বিখ্যাত হোৱাৰ পাছত আনৰ কণ্ঠত ভাবিবলৈ কঠিন : ড: সংগীতা কাকতি

‘যায় বাঁহীৰ সুৰে যমুনা ধোৱাই’ শীৰ্ষক গীতেৰে খ্যাতি লাভ কৰা ড: সংগীতা কাকতিয়ে শাস্ত্ৰীয় তথা আধুনিক দুয়ো ধাৰাৰ গীততে অসমত অন্যতম স্থান লাভ কৰিছে ৷ সংগীতৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰা শিল্পীগৰাকীয়ে একে বিষয়তেই গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে ৷

কেনে ধৰণৰ গীতৰ প্ৰতি আপুনি বেছি আকৰ্ষিত?

মোৰ অন্যতম প্ৰিয় হৈছে শাস্ত্ৰীয় সংগীত ৷ নিচেই সৰুৰে পৰাই এই গীতৰ লগত মোৰ আত্মীয়তা গঢ়ি উঠিছিল ৷ এই সংগীতৰ হাত ধৰিয়েই আজিৰ এই অৱস্থা পাইছোঁ ৷ প্ৰথমাৱস্থাত পিছে মই নৃত্যৰ প্ৰশিক্ষণহে লৈছিলোঁ ৷ সত্ৰীয়া আৰু দেৱদাসী নৃত্য শিকিছিলোঁ ৷ কিন্তু পাছৰ পৰ্যায়ত মই সম্পূৰ্ণৰূপে সংগীতৰ লগত জড়িত হৈ পৰিলোঁ ৷

সংগীতৰ আদিপাঠ কেনেদৰে শিকিলে?

মোক শাস্ত্ৰীয় সংগীতৰ আদিপাঠ শিকাইছিল গুৰু পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়াই ৷ ইয়াৰ লগতে ক’ব লাগিব মোৰ ঘৰখনত থকা সংগীতৰ পৰিৱেশৰ কথা ৷ মোৰ দুয়োজনী বায়েই সংগীতত উচ্চ শিক্ষা লাভ কৰিছে ৷ সৰুৰে পৰা আমি সংগীত চৰ্চা কৰি আহিছোঁ৷ সেয়াও মোৰ আদিপাঠৰ অন্যতম অংগ ৷

সংগীতৰ ক্ষেত্ৰত প্ৰেৰণা কাৰ পৰা পাইছিল?

সংগীতৰ ক্ষেত্ৰখনত মোৰ প্ৰথম প্ৰেৰণা মা-দেউতা তথা ঘৰৰ সকলো সদস্য ৷ ইয়াৰ পিছতে মোৰ সংগীতৰ গুৰুসকল তথা শ্ৰোতাবৃন্দ ৷ বিয়াৰ পাছত মোৰ স্বামীৰ ঘৰখন ৷ এই আটাইবোৰেই মোক নিৰন্তৰ আগুৱাই যাবলৈ উৎসাহ যোগাই আহিছে ৷

এনে কোনো বিশেষ গান আছে নেকি যি আপোনাৰ মনলৈ প্ৰায়ে আহি থাকে?

তেনে এটা গীত নাই ৷ বিভিন্ন সময়ত বিভিন্ন গীত মোৰ মনলৈ আহি থাকে ৷ মন গ’লে গুণগুণাওঁ৷

এনে কিবা বিশেষ গান আছে নেকি যি গাবলৈ পোৱা হ’লে আপোনাৰ ভাল লাগিলহেঁতেন?

আচলতে একোটি গীত এজন শিল্পীৰ কণ্ঠত বিখ্যাত হোৱাৰ পাছত সেয়া আৰু আনৰ কণ্ঠত ভাবিবলৈ খুবেই কঠিন ৷ সেইবাবে এনে কোনো চিন্তাও মোৰ মনলৈ কেতিয়াও অহা নাই ৷

দিনে কিমান সময় গানৰ অনুশীলন কৰে?

মই দৈনিক ডেৰ ঘণ্টাৰ পৰা তিনি ঘণ্টা পৰ্যন্ত গীতৰ অনুশীলন কৰোঁ ৷

আপোনাৰ প্ৰিয় শিল্পী?

প্রথমেই নাম ল’ব লাগিব ড: ভূপেন হাজৰিকাৰ ৷ ইয়াৰ পিছতে তালিকাত থাকিব  দীপালী বৰঠাকুৰ, জগজিৎ সিং, লতা মংগেশকাৰকে ধৰি কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ নাম ৷

মঞ্চত গীত পৰিৱেশনৰ সময়ত দৰ্শকৰ সঁহাৰিয়ে আপোনাক কি ধৰণে প্ৰভাৱিত কৰে?

দৰ্শকৰ সঁহাৰিয়ে মোক সদায় প্ৰভাৱান্বিত কৰি আহিছে ৷ যেতিয়া দৰ্শকে একোটি গীত অনুৰোধ কৰে যিটো গীত হয়তো বহু বছৰ পূৰ্বেই মই গাইছিলোঁ আৰু জনপ্ৰিয়ও হৈছিল, তেতিয়া মই অভিভূত হৈ পৰোঁ ৷ মোক আগুৱাই যোৱাৰ বাবে নতুন প্ৰেৰণা দিয়ে এনেবোৰ ঘটনাই ৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ