Menu

সকলো সামৰি দুবাৰকৈ ঘৰলৈ উভতি যোৱা ল’ৰাটো আজি অভিনয়ৰ বাবে মুম্বাইত থাকিব লগা নাছিল : দিগন্ত হাজৰিকা

মডেলিঙৰ পৰা অভিনয়ৰ জগতলৈ অহা দিগন্ত হাজৰিকাই শেহতীয়াকৈ বলিউডৰ ‘মহেঞ্জোদাৰো’ নামৰ চিনেমাখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰতো অভিনয় কৰিছে৷ তাৰ আগেয়ে তেওঁ ৰিচাং, ৰামধেনু, ৰ’দ আদি অসমীয়া চিনেমাতো অভিনয় কৰি নিজৰ প্ৰতিভাৰ চানেকি দিছে৷

অভিনয়ৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল?

অভিনয়ৰ প্ৰতি কোনো আৰ্কষণ নাছিল মোৰ৷ অভিনয়লৈ অহাৰ কথা কাহানিও ভবাই নাছিলোঁ৷ সৰুৰে পৰাই মই মাৰ্চিয়েল আৰ্টৰ প্ৰতিহে আগ্ৰহী আছিলোঁ৷ অন্য ল’ৰা-ছোৱালীৰ দৰেই মোৰ শৈশৱ, কৈশোৰ অতিবাহিত হৈছিল সাধাৰণভাৱেই৷ কলেজ পোৱাৰ পাছত জীমলৈ যাব ধৰিলোঁ৷ তেতিয়া মই ১৬ বছৰীয়া৷ সেই সময়ত লগৰ কেইবাজনো বন্ধুৱে মডেলিং কৰিছিল৷ মোকো সিহঁতে লগ ধৰে কিন্তু মডেলিং কি তেতিয়ালৈকে মই জনা নাছিলোঁ৷ এনেদৰে সময় গৈ থাকিল৷ এদিন কি জানো মনলৈ আহিল, মডেলিঙৰ কোৰ্ছ এটাকে কৰোঁ বুলি গুৱাহাটীলৈ গুছি আহিলোঁ ২০০৪ চনত৷ এজন বন্ধুৱে মোক ফটোগ্ৰাফাৰ কমল বৰ্মনৰ ওচৰলৈ লৈ গ’ল৷ তেওঁৰ ‘মৰ্ফ ইনষ্টিটিউট’ত মই এমহীয়া ক’ৰ্ছ এটা কৰিলোঁ৷ তাৰ পাছতেই বিভিন্ন ফেশ্বন শ্ব’ত ভাগ ল’ব ধৰিলোঁ৷ কামবোৰ ভালেই লাগিছিল যদিও গুৱাহাটীত খাই-বৈ জীয়াই থাকিবলৈ উপাৰ্জনৰ পথ নাছিল মোৰ ৷ মডেলিঙৰ পৰা সিমান উপাৰ্জন নহয় আৰু ঘৰৰ পৰা পইচা আনি থাকিবলৈ ভালো নালাগে৷ সেয়ে সকলো বাদ দি নগাঁওলৈ উভতিছিলোঁ ৷ গুৱাহাটীলৈ আকৌ যাম বুলি ভবা নাছিলোঁ যদিও কেনেবাকৈ কামে মোক টানি আনিলে৷ এইবাৰ চাকৰি বিচাৰিলোঁ আৰু অৱশেষত পল্লৱী মটৰ্ছত কাম কৰিবলৈ ধৰিলোঁ৷ অভিনয়তো বাদেই মডেলিঙো মোৰ জীৱনৰ পৰা আঁতৰিল৷

এবাৰ এগৰাকী ডিজাইনাৰে শ্ব’ৰ বাবে মডেল বিচাৰি থাকোঁতে মোৰ বন্ধু এজনে তেওঁক মোক লোৱাৰ কথা ক’লে৷ নাম শুনিয়েই তেওঁ ক’লে, ‘সিতো এতিয়া বয়সস্থ মানুহৰ নিচিনা হৈছে৷ কেবল চাকৰিতে ব্যস্ত সি৷’ কথাটো মোৰ কাণত পৰাত খুব দুখ লাগিল৷ মই মনটো দৃঢ় কৰি শৰীৰ চৰ্চাৰ দ্বাৰা দুমাহমানৰ ভিতৰতে ফিট হৈ পুনৰ ৰেম্প শ্ব’ কৰিছিলোঁ৷

এবাৰ অৰুণাচলত এটা শ্ব’ কৰি উভতি আহিছিলোঁ দীপাংকৰ কাশ্যপৰ লগত৷ আহি থাকোঁতে তেওঁলৈ পৰিচালক ৰাজেশ ভূঞাই ফোন কৰি কৈছিল যে দেখিবলৈ অলপ ভাল ল’ৰা এজন লাগে ভিচিডি এখনৰ বাবে৷ ফোনটো থৈ বাবাদা(দীপাংকৰ কাশ্যপ)ই মোক সুধিলে, ‘কৰিবি নেকি?’ একো নকলোঁ স্পষ্টকৈ৷ ‘বৃষ্টি’ নামৰ সেই ভিচিডিখনৰ চৰিত্ৰটোৰ অভিনয়ৰ বাবে বাবাদাই এদিন মোক ৰাজেশ ভূঞাৰ ওচৰলৈ লৈ গ’ল৷ ময়ো তেওঁ কোৱা বাবেই গ’লোঁ৷ অভিনয়ৰ প্ৰতি ইমান একো আগ্ৰহো নাই৷ ভালকৈ কাকো চিনিও নাপাওঁ৷ ভিচিডিও নাচাওঁ৷ বিৰাট লাজ লাজকৈ অভিনয় কৰিলোঁ এটা সৰু চৰিত্ৰত৷ তাৰ পাছত কেইবাখনো ভিচিডি, টিভি ধাৰাবাহিক, ‘ৰিচাং’, ‘ৰামধেনু’ নামৰ অসমীয়া চিনেমাত অভিনয় কৰিলোঁ৷ আগেয়ে ঘৰত দেউতা, মায়ে অভিনয় কৰা দেখিছিলোঁ, মায়ে টিভি ধাৰাবাহিকো কৰিছিল৷ ‘উত্তৰকাল’ চিনেমাখনত অভিনয়ো কৰিছিল তেওঁ৷ তথাপি মোৰ একো আকৰ্ষণ নাছিল অভিনয়ৰ প্ৰতি৷ কাম কৰি কৰি এটা সময়ত অলপ মন বহিল৷ অভিজ্ঞতাই শিকালে৷ এতিয়া মই ভাবোঁ আচলতে মোক অভিনয়লৈ টানি আনিছে নিয়তি (Destiny)য়ে, ন’হলে দুবাৰকৈ সকলো সামৰি ঘৰলৈ উভতি যোৱা ল’ৰাটো আজি অভিনয়ৰ বাবে মুম্বাইত থাকিব লগা নাছিল৷

এতিয়ালৈকে নিজে অভিনয় কৰা কোনটো চৰিত্ৰ আপোনাৰ আটাইতকৈ বেছি ভাল লাগে?

‘ৰিচাং’ চিনেমাখনৰ ৰিচাং চৰিত্ৰটো বৰ ভাল লাগে মোৰ৷ চৰিত্ৰটোৰ বাবে বহুত কষ্ট কৰিব লগীয়া হৈছিল৷ ছমাহ সম্পূৰ্ণভাৱে সময় দিব লগীয়া হৈছিল৷ বহুত শাৰীৰিক শ্ৰম তথা শৰীৰচৰ্চা কৰিব লগা হৈছিল৷ শ্বুটিং আছিল যথেষ্ট কষ্টকৰ, তাৰ বাবে আমি ৰাণীত থাকি লৈছিলোঁ৷

‘ৰিচাং’ চৰিত্ৰটো মোটামুটি মোৰ লগত মিলে৷ তদুপৰি কষ্ট জড়িত থকা কামবোৰ সদায় মৰমৰ হয়৷ আগলৈ মই বহু চৰিত্ৰত অভিনয় কৰি খ্যাতি লভিবও পাৰোঁ, কিন্তু ৰিচাং চৰিত্ৰটো মোৰ বাবে সদায় বেলেগ হৈ ৰ’ব৷

আপোনাৰ প্ৰথম অভিনয় মুহূৰ্তৰ অভিজ্ঞতা?

বাপৰে, বিৰাট লাজ লাগিছিল৷ কোনোদিন অভিনয় নকৰা ল’ৰা মই৷ কেমেৰালৈ ভয় লগা নাছিল কাৰণ মডেলিং কৰোঁতে পাইছিলোঁ সেইবোৰ৷ কিন্তু সংলাপ ক’ব লগীয়া হোৱাত লাজ লাগিছিল৷ পৰিচালকে বিভিন্ন চৰিত্ৰ অনুযায়ী সংলাপ ক’বলৈ কৈছিল, লাজত মোৰ অৱস্থা নোহোৱা হৈছিল৷ আৱেগ অনুসৰি সংলাপ ক’ব লাগে বুলি নাজানিছিলোঁৱেই৷ মুঠতে জীৱনৰ প্ৰথম অভিনয় কেবল লাজ লাজকৈয়ে কৰিছিলোঁ৷

এইখিনিতে কওঁ ‘ৰিচাং’ মই অভিনয় কৰা পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰথমখন চিনেমা৷ সেয়ে সংলাপ কওঁতে চৰিত্ৰটোৱে যি অনুভূতি দাবী কৰে সেই ধৰণে মই ক’ব পৰা নাছিলোঁ৷ তাত এটা সংলাপ আছিল –‘মই তোমাক কেনেকৈ বেয়া পাম? মইটো আচলতে তোমাক ভাল পাওঁ৷’ এই সংলাপটোৰ দৃশ্যাংশ শ্বুটিং কৰোতে ১৪বাৰ ৰিটেক হৈছিল৷ এতিয়া ভাবিলে হাঁহি উঠে৷

আনে ৰূপায়ণ কৰা এনে কোনো চৰিত্ৰ, য’ত আপুনি অভিনয় কৰি সুখী হ’লহেঁতেন?

মুকুল আনন্দৰ ‘অগ্নিপথ’ত অমিতাভ বচ্চনে অভিনয় কৰা চৰিত্ৰটো মোৰ বৰ ভাল লাগে৷ সেই চৰিত্ৰটোত অভিনয়ৰ কেইবাটাও স্তৰ আছে যাক ৰূপায়ণ কৰাটো বৰ কষ্টকৰ৷ অভিনেতা এজনৰ কাৰণে সেয়া যথেষ্ট প্ৰত্যাহ্বানমূলক৷ সেইবাবেই এই চৰিত্ৰটোত অভিনয় কৰিবলৈ পালে বৰ সুখী হ’লোঁহেঁতেন৷

এনে কোনো সংলাপ আছে নেকি যি মাজে মাজে আপোনাৰ মনলৈ আহি থাকে বা কাণত বাজি থাকে?

‘অগ্নিপথ’ চিনেমাখনত অমিতাভ বচ্চনৰ কণ্ঠত এটা কবিতা সংলাপ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ চৰিত্ৰটোৰ বিভিন্ন আৱেগিক স্তৰক এই কবিতাটোৱে সামৰি লৈছে৷ এই সংলাপটো মোৰ মনলৈ প্ৰায় আহি থাকে৷

বাস্তৱ আৰু অভিনয়ৰ মাজত মৌলিক পাৰ্থক্য আছে বুলি আপুনি ভাবেনে?

প্ৰকাশভংগীবোৰ একে নহয়৷ মই যদি মোৰ চৰিত্ৰটো ৰূপায়ণ কৰোঁ, তেন্তে প্ৰকাশভংগী মোৰ নিচিনাই হ’ব৷ কিন্তু যদু, মধু বা অইন যিকোনো চৰিত্ৰত অভিনয় কৰিলে তেওঁলোকৰ আৱেগ অনুযায়ী প্ৰকাশভংগীও বেলেগ হ’ব৷ সেই চৰিত্ৰই যেনেকৈ হাঁহে মই তেনেকৈ হাঁহিব লাগিব, সিহঁতে যি কৰে মই তাকে কৰিব লাগিব৷ খোজ-কাটলৰ পৰা আৰম্ভ কৰি খোৱা-বোৱাৰ ভংগীলৈকে- চৰিত্ৰটোৱে যি বিচাৰে মই সেই ধৰণে থাকিব লাগিব৷ চৰিত্ৰটোত নিজে সোমাই যাব নালাগে কিন্তু চৰিত্ৰটোৱে কি বিচাৰে সেয়া নিজৰ মগজুত সুমুৱাই ল’ব লাগে৷ তেতিয়াই বাস্তৱৰ লগত সংগতি থাকিলেও ই বেলেগ কিবা হৈ পৰে, হয়তো সেয়াই অভিনয়৷ মই মোৰ ধৰণে থকাটো বাস্তৱ আৰু কোনো চৰিত্ৰই বিচৰা ধৰণে থকাটোৱেই অভিনয়৷ এইখিনিতেই বাস্তৱ আৰু অভিনয়ৰ পাৰ্থক্য আছে বুলি ভাবোঁ৷

কেতিয়াবা বাস্তৱ জীৱনতো অভিনয় কৰিব লগীয়া হয়৷ আপোনাৰ তেনে কিবা অনুভৱ?

বাস্তৱ জীৱনৰ বহু সময়ত অভিনয় কৰিব লগীয়া হয়৷ বহু মানুহৰ নাম পাহৰি যাওঁ৷ আন্তৰিকতাৰে মানুহে ফোন কৰি সোধে, ‘চিনি পাইছেনে?’ বৰ বিমোৰত পৰোঁ৷ সচাকৈ পাহৰোঁ অথচ চিনি নোপোৱা বুলি ক’লে দুখ পায় কাৰণে পোৱা বুলিয়েই কওঁ৷ উত্তৰ শুনি তেওঁলোকে আনন্দ পায় আৰু মোৰো ভাল লাগে৷ অভিনয় কৰিলেও মই মেকানিকেল নহয়, মানুহৰ দুখে মোক কষ্ট দিয়ে৷ তাৰ মাজতো কেতিয়াবা অলপ অভিনয় কৰিব লগীয়া হৈ যায়৷ এয়া চাগৈ সকলোৰে জীৱনত হয়!

কোনো বিশেষ অভিনেতাৰ অভিনয়ে আপোনাক মোহিত কৰে নেকি?

অৰুণ নাথৰ অভিনয় মোৰ বৰ ভাল লাগে৷ স্বাভাৱিক অভিনয় তেওঁৰ৷ মনিটৰৰ সন্মুখত বহি ৰ লাগি চাই থাকোঁ তেওঁৰ অভিনয়৷

শেহতীয়াকৈ আশুতোষ গোৱাৰিকাৰৰ ‘মহেঞ্জোদাৰো’ত হৃত্বিক ৰোচনৰ লগত কাম কৰাৰ সুবিধা পালোঁ৷ কামৰ প্ৰতি তেওঁ খুব দায়বদ্ধ৷ তেওঁৰ এই দায়বদ্ধতাৰ প্ৰতি আকৃষ্ট হৈছোঁ মই আৰু বহুত শিকিছোঁ তেওঁৰ পৰা৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ