Menu

১২১ টকাৰে আৰম্ভ হোৱা অসমৰ ব্যাৱসায়িক গোষ্ঠীটো

সুনন্দ ওলাই আহিছিল নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ ঘৰখনৰ পৰা৷ এটা এটকা৷ তাতকৈ দিবলৈ আৰু একোৱেই নাছিল মানুহজনীৰ৷ অভাৱে জুৰুলা কৰা ঘৰখনৰ হিচাপৰ অংক মিলাই মিলাই হাৰি গৈছিল তেওঁ৷ কাম বিচাৰি ঘৰৰ পৰা ওলাই যাব খোজা ল’ৰাটোক দিবলৈ মাকজনীৰ হাতত সেয়াই আছিল একমাত্ৰ সম্বল৷

প্ৰথমতে টংলা আৰু তাৰ পাছত জীৱিকাৰ সন্ধানত উপস্থিত হৈছিল মঙলদৈত৷ সেয়া যোৱা শতিকাৰ ত্ৰিশৰ দশকৰ কথা৷ তেতিয়া তেনেই সৰু চহৰ মঙলদৈত প্ৰথম অৱস্থাত দিন হাজিৰা আৰু অন্যান্য শ্ৰম কৰি দুপইচা আৰ্জি এটা নতুন জীৱনৰ পাতনি মেলা দিনবোৰতেই সুনন্দই মঙলদৈ চহৰত ছাব ডেপুটি কালেক্টৰ এজনৰ লগুৱা হিচাপে কাম কৰিছিল৷ বদলিৰ নিৰ্দেশ পাই চহৰ এৰিবৰ সময়ত বিষয়াজনে সুনন্দক মৰমৰ চিন হিচাপে দি থৈ গ’ল ১২১ টকা৷ সেয়াই আছিল আজি প্ৰায় ২০০ কোটিৰো অধিক টকাৰ ব্যৱসায় চলাই অহা অসমৰ সম্ভ্ৰান্ত ব্যাৱসায়িক গোষ্ঠী এছ আৰ ডিৰ প্ৰথম মূলধন৷

Sunanda Ram Deka

সুনন্দ ৰাম ডেকা

১৯৩১ চনত সুনন্দ ৰাম ডেকাই আৰম্ভ কৰিলে ‘ৰিপোজ’ নামৰ চাহৰ দোকান৷ ১৯৪৩-ত আৰম্ভ কৰিলে এখন গেলামালৰ পাইকাৰী আৰু খুচুৰা দোকান, লগতে এটা বেকাৰী উদ্যোগ আৰু এই আটাইবোৰক সামৰি নাম দিছিল এছ আৰ ডি এণ্ড ছন্ছ৷ এদিন দুদিনকৈ মঙলদৈ চহৰত এনেকৈয়ে এইগৰাকী ব্যক্তি প্ৰখ্যাত হৈ পৰিল সুনন্দ বা সুনন্দি মহাজন নামেৰে৷

১২১ টকাৰে ব্যৱসায় আৰম্ভ কৰা গোষ্ঠীটোৰ অধীনত বৰ্তমান আছে (১৯৮৯-ত প্ৰায় ৫৫ লাখ টকা মূলধনযুক্ত) আটাৰ মিল, এছ আৰ ডেকা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, এছ আৰ ডি বেকাৰ্ছ, ৰিপোজ ফুডছ প্ৰাইভেট লিমিটেড, ৰিপোজ স্নেক্ছ এণ্ড ছুইট্ছ, এছ আৰ ডি নিউট্ৰিয়েনছ প্ৰাইভেট লিমিটেড, সুনন্দৰাম ফুডছ প্ৰাইভেট লিমিটেড, ট্ৰিনিটী ফ্ৰুক্টা লিমিটেড, নৰ্থ ইষ্ট নিউট্ৰিয়েনছ প্ৰাইভেট লিমিটেড নামৰ গোটসমূহ৷ লগতে আছে মঙলদৈত ড্ৰীম থিয়েটাৰ নামেৰে ২০০খন আসনযুক্ত থ্ৰি ডি হল, গুৱাহাটীত কিগনেট ইন ৰিপোজ নামৰ বিলাসী হোটেল তথা বৃহৎ ভড়াল আৰু ব্যাৱসায়িক আস্থান৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ