Menu

মহাদেৱ ডেকা মিষ্টাৰ ইউনিভাৰ্ছ হোৱাৰ কাহিনী নিজৰ ভাষ্যত

সেই সময়ত মই অভিযান্ত্ৰিক শিক্ষা শেষ কৰি ঘৰতে আছিলোঁ৷ চাকৰি-বাকৰি একো পোৱা নাই৷ সেয়া ১৯৮৯ চনৰ কথা৷ তাৰ আগেয়ে কোনোদিনে বডী বিল্ডিঙৰ প্ৰতি মই আকৰ্ষিত নাছিলোঁ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তো ফুটবল বা অন্য খেলৰ লগত জড়িত আছিলোঁ যদিও বডী বিল্ডিং কৰা নাছিলোঁ৷ কিন্তু বহুতে মোৰ আটিল চেহেৰাটো দেখি বডী বিল্ডিং কৰাৰ বাবে উপদেশ দিছিল৷ এই এনেই থকা দিনবোৰতে নিজক ব্যস্ত কৰি ৰখাৰ বাবে মই জীমলৈ যোৱা আৰম্ভ কৰিলোঁ৷ আৰম্ভ কৰাৰ কেইবছৰমানৰ ভিতৰতে মই ‘মিষ্টাৰ গুৱাহাটী’ খিতাপ লাভ কৰিলোঁ৷ সেয়া ১৯৯২-ৰ ঘটনা৷ এই খিতাপটোৱেই মোক এই ক্ষেত্ৰখনক নিচাৰ পৰা পেছালৈ পৰিৱৰ্তন কৰাৰ বাবে অনুপ্ৰাণিত কৰিলে৷ তেতিয়াই মই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চাকৰিও পাওঁ৷ অৱশ্যে সমানে সমানে বডী বিল্ডিংও মোৰ পেছা হৈ পৰিল৷ মিষ্টাৰ গুৱাহাটী খিতাপ লাভ কৰাৰ কেইটামান বছৰৰ পাছত মই ‘মিষ্টাৰ নৰ্থ-ইষ্ট’ খিতাপ লাভ কৰোঁ৷ এই খিতাপ মই একেৰাহে তিনিবাৰৰ বাবে লাভ কৰিছিলোঁ৷ এই সফলতাবোৰে দিয়া সাহসক মূলধন কৰি আগুৱাই গৈয়েই ২০০৯-ত মোৰ হাতলৈ আহিল ‘মিষ্টাৰ ইউনিৰ্ভাছ’ৰ খিতাপ৷ কোনোদিন নভবাকৈয়ে মই এই বিশ্বখিতাপ লাভ কৰি ৰাজ্যবাসীক গৌৰবান্বিত কৰিব পাই নিজেই ধন্য হৈছিলোঁ৷ সি যি কি নহওক, বৰ্তমান মই অসমৰ আগ্ৰহী যুৱচামক এই ক্ষেত্ৰখনত আগুৱাই নিয়াৰ বাবে চেষ্টা কৰি আছোঁ৷ ইয়াৰ বাবে ২০০৪-ত মহানগৰীৰ শিলপুখুৰীত শৰীৰ-চৰ্চা কেন্দ্ৰ এটাও স্থাপন কৰোঁ৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ