Menu

সহায়ৰ হাত

আমাৰ জীৱনত বহুতৰ সহায় জড়িত থাকে৷ প্ৰয়োজনৰ সময়ত আমাক সহায় কৰেহি৷ তেওঁলোকক আমি ধন্যবাদ দিওঁ  বা কেতিয়াবা সেয়াও হৈ নুঠে৷ মনৰ ভিতৰত কিন্তু কৃতজ্ঞতা বোধ থাকেই আমাৰ৷

নিন্দা, অভিযোগ, আপত্তি, বদনাম এইবোৰ নেওচি আনৰ বিষয়ে যোগাত্মক কথা কৈ, আনৰ প্ৰতি কৃতজ্ঞ হৈ, আনক ধন্যবাদ জনাই, আনৰ শলাগ লৈ আমি বতাহত সুগন্ধিৰ পৰিমাণ বঢ়াব পাৰোঁ৷

বিজুনাথ শৰ্মা: জীৱনৰ আধা বয়স যোৱাৰ পাছত এদিন বন্ধুক লগ পালোঁ। শৈশৱৰ খেল-ধেমালিৰ পৰা কলেজত পঢ়াৰ আধালৈ একেলগে থাকি পেছাগত কাৰণত দুয়ো আঁতৰি আছিলোঁ বহু বছৰ। কথা-বতৰাৰ শেষত বন্ধুৱে- ‘ঠিক আছে, মোক মাটি কিনি দিয়া বন্ধুজন আমাৰ বেংকত কাম কৰে৷ তেওঁক লগ কৰাই দিওঁ, ব’ল’ বুলি লৈ গৈ চিনাকি কৰি দিলে। সিজন বেংকৰ বন্ধুৱে কথাৰ শেষত এমাহৰ ভিতৰত ৩০ শতাংশ টকা দিলে মাটি হ’ব বুলি ক’লে। পেছাগত কামত লগ পোৱা অতি সাধাৰণ (অসাধাৰণ) ল’ৰাজনে মোক দহ হাজাৰ টকা দিলে। বহুকেইজন টকা থকা মানুহকো টকা বিচাৰি অনুৰোধ কৰিছিলোঁ কিন্তু তেওঁলোকৰ অভাৱৰ কাহিনী শুনি মোৰ তেওঁলোকলৈহে পুতৌ উপজিছিল।এজন সুদখোৰ বন্ধুৱে সুদ খাই হ’লেও মোক টকাৰে সহায় কৰিলে। আশা পূৰ হ’ল৷ বেংকৰ ঋণ হ’ল, মাটি হ’ল, ঘৰ হ’ল। বহু দিনৰ পাছত টকা ঘূৰাই দিলোঁ ডেকাজনক। এটকাও বেছিকৈ নলৈ সাধাৰণ ডেকাজন মোৰ আলহী হ’ল আৰু আজিলৈ সুসম্পৰ্ক আছে।

পপী কলিতা সৰুৰে পৰা লিখা-পঢ়া কৰি ভাল পাইছিলোঁ| স্কুল-কলেজত পঢ়ি থকা সময়ত কবিতা, গদ্য আৰু অনুভৱী লেখা লিখিছিলোঁ যদিও প্ৰকাশৰ বাবে পঠিওৱা নাছিলোঁ| ২০০৬ চনৰ কোনোবা এটা দিনত বঙাইগাঁৱৰ কবি প্ৰতীম বৰুৱাৰ লগত চিনাকি হৈছিলোঁ| তেৱেঁ মোক আলোচনী আৰু বাতৰি কাকতত লিখিবলৈ উৎসাহ দিলে| লাহে লাহে মোৰ লেখা প্ৰকাশ হ’বলৈ ধৰিলে| তেওঁ মোক জনসাধাৰণ কাকতৰ নিবন্ধ সম্পাদক নিকুঞ্জ নাথৰ লগত চিনাকি কৰাই দিছিল| নিকুঞ্জ দাদাৰ উৎসাহত ‘উত্তৰণ’তো লিখিলোঁ| সাংবাদিক শৈলেন কলিতাৰ উৎসাহ আৰু অনুপ্ৰেৰণাত মই ‘অসমীয়া খবৰ’ত লিখিবলৈ চেষ্টা কৰিলোঁ| মোৰ প্ৰয়াত দেউতাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ| তেওঁ মোৰ লেখা প’ষ্ট কৰি আৰু কিতাপ দোকানৰ পৰা আনি যথেষ্ট সহায় কৰি দিছিল| এওঁলোকে উদগনি নিদিয়াহ’লে মই আজি নিলিখিলোঁহেঁতেন চাগৈ| এই লেখাটোৰ জৰিয়তে প্ৰতীম, নিকুঞ্জ দা, শৈলেন দা আৰু মোৰ দেউতালৈ অশেষ ধন্যবাদ জনাইছোঁ|

পূব আমোলাপট্টী, বি পি পথ, নগাঁও


বিক্ৰম পেগু : মই ২০১০চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক পঢ়িবলৈ কটন কলেজলৈ গৈছিলোঁ৷ মোৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে কটন কলেজত নামভৰ্তি কৰিম৷কিন্তু খুৰাই অৰ্থনীতি বিষয়ত মেজৰ পালেহে পঢ়ুৱাব বুলি ভাবিছিল৷ ভাগ্যই পিছে অৰ্থনীতি বিষয়ত পঢ়াৰ অনুমতি প্ৰদান নকৰিলে৷ মেজৰ ইতিহাস বিষয়তহে পালোঁ৷ নামভৰ্তিৰ সময়ত এজন মানুহৰ লগত অলপ সময় কথা পাতিছিলোঁ৷ মোৰ যিমান দূৰ মনত পৰে তেখেতে পাণ্ডু কলেজত চাকৰি কৰিছিল৷ কিছু সময় কথা পতাৰ পাছত মোৰ নাম মতাত মঞ্চলৈ গ’লোঁ আৰু গম পালোঁ যে মই অনা পইছাখিনি নামভৰ্তিৰ বাবে যথেষ্ট নহয়৷মই উপায় নাপাই মঞ্চৰ পৰা নামি সেই অচিনাকি মানুহগৰাকীৰ পৰা ৫০০ টকা খোজাত তেখেতে বিনাদ্বিধাই উলিয়াই দিছিল৷ নামভৰ্তি কৰি আহি বিচাৰিলোঁ, কিন্তু তেখেত গুচি গ’ল৷ মই তেখেতৰ ওচৰত চিৰঋণী হৈ ৰ’ম, কাৰণ তেখেতৰ কাৰণেই মোৰ মনৰ ইচ্ছা পূৰ হৈছিল কটন কলেজত পঢ়াৰ৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…