Menu

সপোনৰ চৰ্চা ১

জীৱনকালত কি কি কৰিব খোজে আপুনি? কোনবোৰ সপোন পূৰণ নহ’লে আপোনাৰ জীৱন আধৰুৱা হৈ ৰ’ব? এটাই জীৱন, তাকো তেনেই চুটি ৷ সপোনৰ চৰ্চা কৰোঁ আহক ৷ সমস্যাৰ কথা পাতিম বাৰু ৷

সমীৰণ বৰগোঁহাই : সকলোৰে আশা থাকে; থাকে সপোন। মোৰো এটা সপোন আছে, পৃথিৱী চোৱাৰ। এৰা, এদিন মই পৃথিৱীখন হেঁপাহ পলুৱাই চাম। শুকুলা ডাৱৰৰ সৈতে লুকা-ভাকু খেলি; দুহাত মেলি আঁকোৱালি ল’ম ৰ’দজাক। চুই চাম মোৰ আশাৰ আকাশখন। সাগৰতীৰত শামুক বুটলিম। কিনকিনিয়া বৰষুণত তিতি সুঘ্ৰাণ ল’ম পাহাৰৰ বনৰীয়া ফুলৰ। গভীৰ অৰণ্যৰ কোমল বননিত বহি চিঞৰি চিঞৰি পাঠ কৰিম জন কীটছৰ বা হীৰুদাৰ কবিতা-‘A thing of beauty is a joy forever’ বা ‘প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰায়’ । নতুবা আকৌ কোনো প্ৰাণচঞ্চলা জান বা জুৰিৰ কাষৰ মসৃণ শিলত বহি দুহাতেৰে পানী উচালি শূণ্যত আঁকিম হেঁপাহৰ সাতোৰঙী ৰামধেনু। জোনৰ বুকুত সপোন ৰচিম ; জোনাকত সাজিম এখন ঘৰ। নিশা যেতিয়া গভীৰ হ’ব , তাতেই জিৰাম অলপ নিয়ৰ সেমেকা দূবৰিৰ বুকুৰ মিঠা উমত !

অম্লানজ্যোতি দেউৰী : খুব ঘূৰি ফুৰাৰ সপোন এটা আছে৷ এই দিনবোৰ বাদ দি নতুনকৈ৷

প্ৰশান্ত বল্লভ হাজৰিকা : সপোন?  সৰুতে সপোন দেখিছিলোঁ ডিটেক্টিভ অফিচাৰ মানে চি আই ডি অফিচাৰ হোৱা বা সাংবাদিক হোৱাৰ৷ এবাৰ ঘটনাক্ৰমে মনস্তাত্ত্বিক অধ্যয়নেৰে দুজনমান লোক বিশেষ অপৰাধত জড়িত থকা বুলি আৰক্ষীক কৈছিলোঁ আৰু মোৰ ধাৰণাই সঁচা বুলি প্ৰমাণিত হৈছিল৷ কিন্তু চি আই ডি অফিচাৰ নহ’লোঁ, হ’লোঁ সাংবাদিক ৷ সপোন পূৰ্ণ হ’ল৷ কিন্তু আজি ১৮ বছৰে সাংবাদিকতাৰ বৃত্তিটোৱে বিনিময়ত একোৱেই নিদিলে৷ কাৰণ কাম কৰি পোৱা দৰমহাৰ টকাকেইটাৰ বাদে উপৰুৱাকৈ অৰ্থাগমনৰ কোনো বাট খুলি ৰখা নাই আৰু নিবিচাৰোঁও (মা-দেউতাৰ পৰা পাই থাকোঁ অৱশ্যে)৷ তেনেকৈ আন এটা বৃত্তি বুলিবলৈও নাই৷ গতিকে, সপোনৰ পূৰ্ণতাই খন্তেকীয়া সন্তুষ্টি দিলে৷

পংখী প্ৰিয়া শৰ্মা : সপোন৷ আচলতে আমি সৰুৰে পৰা সপোনৰ পিছে পিছে দৌৰি ফুৰোঁ। কিছুমান অলীক, অবাস্তৱ সপোন যি কোনোদিনেই সাৰ্থক নহয়। আনহাতে কিছুমান সপোন বাস্তৱ আধাৰিত। সৰুতে সপোন দেখিছিলোঁ মই এগৰাকী পাইলট হ’ম কিন্তু সেয়া বাস্তৱ নহ’ল অৰ্থাৎ সেয়া এতিয়া এক অবাস্তৱ কল্পনা মাত্ৰ। কিন্তু মোক লৈ মা-দেউতাই দেখা সপোনবোৰ মই বাস্তৱায়িত কৰিব বিচাৰোঁ। এগৰাকী ভাল অধ্যাপক হোৱাৰ লগতে সমাজত নিজকে সৎ মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। দুৰাৰোগ্য ৰোগত বহু মানুহৰ প্ৰতিদিনেই মৃত্যু ঘটে। ভৱিষ্যতৰ সময়ত তেনে মানুহক সাধ্যানুযায়ী সহায় কৰাৰ মই সপোন দেখিছোঁ। অৱশ্যে সময়ে ক’ব মোৰ সপোন কিমান সঁচা হয়।

অপূৰ্ব জোনাক দত্ত : সপোন, সপোন নহয়৷ মই ৰাতি দেখা সপোনৰ কথা কোৱা নাই যাৰ বাস্তৱিকতা নাথাকে৷ সপোন মানে জীৱনৰ লক্ষ্যহে৷ সৰুতে বহুবাৰ ‘মোৰ জীৱনৰ লক্ষ্য’ বুলি ৰচনা লিখিলোঁ৷ কিন্তু প্ৰতিবাৰেই পৰীক্ষা অনুযায়ী বেলেগ বেলেগ আছিল৷ এবাৰ শিক্ষকে ষষ্ঠ শ্ৰেণীত ‘জীৱনৰ লক্ষ্য কি’ বুলি সোধাত পোনেই ‘শিক্ষক’ বুলি কৈ পালোঁ৷ আৰু আজি সেই শিক্ষকেই হ’লোঁ৷ অৱশ্যে কি কাৰণত শিক্ষক হ’ম বুলিছিলোঁ সেয়াহে বুজি নাপালোঁ৷ সি যি কি নহওক, শিক্ষকৰ বাদেও অন্য সপোন নথকা নহয়৷ নিজৰ নামত প্ৰকাশন গোষ্ঠী নিৰ্মাণ কৰা সপোন এটাই আজিও খেদি ফুৰে৷ কিছু বছৰ সময় লাগিব৷ নিশ্চয় ফলপ্ৰসূ হ’ব, মোৰ বিশ্বাস৷

সুশান্ত কৃষ্ণ শৰ্মা : সপোন দেখোঁ ৷ দেউতা শিক্ষক গতিকে সদায় শিক্ষক হোৱাৰ সপোন আছিল, সেয়া পূৰ্ণ হৈছে। মোৰ ছাত্ৰ-ছাত্ৰী যিসকল মূলতঃ শিশু আৰু কিশোৰ-কিশোৰী, তেওঁলোকৰ বাবে জীৱনমুখী চিন্তাৰ কেতবোৰ লেখা লিখাৰ আৰু সেইবোৰ কিতাপ আকাৰে সিহঁতক বিলাই দিয়াৰ সপোন দেখোঁ৷ চৰ অঞ্চলৰ জীৱনচৰ্যা ওচৰৰ পৰা দেখিলোঁ, তেওঁলোকৰ জীৱনক তুলি ধৰিব পৰা কেতবোৰ গল্প লিখাৰ সপোন দেখোঁ৷ সপোন দেখোঁ নিঃস্ব মানুহৰ জীৱনবোৰ জুমি চাই তেওঁলোকক উত্তৰণৰ পথ দেখুওৱাৰ। সপোন দেখোঁ অঞ্চলটোৰ নৱপ্ৰজন্মৰ বাবে এটা স্মাৰ্ট পুথিভড়াল স্থাপনৰ৷ ‘অন্য পথ গোষ্ঠী’ নামৰ এটি অনুষ্ঠানৰ জৰিয়তে আমি কবিতাক জনমুখী কৰাৰ বাবে ৰাজপথৰ কবিতা, শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডা, জ্যোতি-বিষ্ণুৰ দিৱসতকৈ স্মৰণ অনুষ্ঠান আদি পতা, বিজ্ঞানমনষ্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম-কাজ তথা এটি যুক্তিবাদী প্ৰজন্ম গঢ়াৰ সপোন কিছুমান সাৰ্থক কৰাৰ প্ৰয়াস কৰিছোঁ। জানো যে এই চুটি জীৱনটোত এইবোৰৰ ফলাফল হয়তো নেদেখিম, কিন্তু স্বপ্নদ্ৰষ্টা পথিক সদায়ে হৈ থাকিম আৰু ঢিমিক-ঢামাক পোহৰকণতে হ’লেও উত্তৰ পুৰুষক বাট দেখুৱাবলৈ চেষ্টা কৰি যাম।

প্ৰতিভা টেৰণ : জীৱনৰ সঁচা অৰ্থৰ অনুভৱ ইয়াতেই কৰি যাব বিচাৰোঁ৷ , কি আছে জীৱনত, আজি আছোঁ, কালি নাই ৷ জীৱনৰ নাটক সামৰি এদিন যাব লাগিব নিজৰ আপোন ঘৰলৈ। থকা দিনকেইটাত মানুহৰ মনত ৰৈ যাবলৈ চেষ্টা কৰি যাওঁ।

জিতু হাজৰিকা : বহু সপোন আছিল। তাৰ কিছুমান সপোন হৈয়ে থাকিল। কিন্তু তাৰ বাবে অকণো দুখ নাই। চাকৰি জীৱনটো শেষ হ’বলৈ আৰু মাত্ৰ ৬/৭টা মান বছৰ বাকী। গাঁৱৰ ডেকা-গাভৰু সকলোকে সংগঠিত কৰি হাতত কোনো মূলধন নোহোৱাকৈ কেনেকৈ সৎ উপায়েৰে উপাৰ্জন কৰি জীৱনক সজাব পাৰি তাৰ বাবে হাতে-কামে লাগি যোৱাৰ এক সপোন পুহি ৰাখিছোঁ।

হেমন্ত ৰাজখোৱা : আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ ত্ৰুটীসমূহ দূৰ কৰি যোগাত্মক চিন্তাৰ উদ্ৰেকৰ বাবে কাম কৰাৰ সপোন দেখোঁ। নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখোঁ। নিজৰ চিন্তাধাৰা লেখাৰ জৰিয়তে সমাজক জনাব খোজোঁ।

কৃষ্ণা বৰা ফুকন : সপোনবোৰ, হেঁপাহবোৰ আছে বাবেই আমি আছোঁ, পৃথিৱীখন আছে।সপোনৰ শেষ নাই। মানুহ মাত্ৰেই সপোনৰ ভিন্নতা। কাৰোবাৰ বাবে দুবেলা দুসাঁজ খাবলৈ পোৱাটো যদি সপোন, কাৰোবাৰ আকৌ নতুন মডেলৰ গাড়ীৰে ঘৰ সজোৱাটো সপোন! সকলোচোন নিজৰ নিজৰ সপোনৰ পিছত দৌৰাতেই ব্যস্ত।

নিৰূপমা তাঁতী : বিদেশ ভ্ৰমণৰ সপোন মোৰ সৰুৰ পৰা৷ সেই সুযোগ নাই পোৱা এতিয়ালৈ৷বহুবাৰ দেশ ভ্ৰমণ কৰিলোঁ অৱশ্যে৷

প্ৰফুল্ল দাস : চিনেমা জগতক এখন ব্লকবাষ্টাৰ ছুপাৰ ডুপাৰ হিট চিনেমা দি যাব খোজোঁ৷

ৰুমী দাস : সপোন দেখিআহিছোঁ। শৈশৱৰ পৰা। পিছে সপোনবোৰ সপোন হৈয়ে থাকি গ’ল৷

দীপালী দেৱী চৌধুৰী : এই চমু অথচ ইমান সুন্দৰ জীৱনটো এৰি মোৰ যাবলৈ মন নাই। এটাই সপোন- আকৌ মই হৈ, একে হৃদয়খন লৈ, একে অনুভৱ-অনুভূতিৰে পুনৰ উপজিম এই দেশ, এই মাটিতে।

অঞ্জুমণি চেতিয়া : পৃথিৱী চোৱাৰ সপোন ! অৰঙে-দৰঙে ঘূৰি বিভিন্ন লোকৰ ভিন্ন বৈচিত্ৰ্যৰ মাজত ভুমূকিয়াই চোৱাৰ সপোন ! চৰাই ভাল পাওঁ, প্ৰকৃতি ভাল পাওঁ, আৰণ্যক হৈ জীৱনৰ শেষ কালছোৱা কটোৱাৰ সপোন !

প্ৰাঞ্জল বৰা : সপোন তেনেকৈ নেদেখোঁ। কিন্তু মোৰ জীৱন কালত এটি শিশুক নিজৰ কৰি লৈ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিব খোজোঁ। কথাটো দুই-এক বন্ধুক কোৱাত ইতিকিং কৰিলে। তথাপি ইতিকিং আৰু তুচ্ছ সমালোচনাৰ শিলনি পাৰ হৈ সপোনটো বাস্তৱ কৰিব বিচাৰোঁ।

বিবেক পাটৰ : সকলোৰে থকাৰ দৰে মোৰো আছে অলেখ সপোন। প্ৰধানতঃ মই মানুহ হৈ থাকিব বিচাৰোঁ। মানুহৰ মাজত সমৰ্পণ কৰিব বিচাৰোঁ নিজকেই।‌ ভাল কবিতা লিখিব তথা এখন ভাল কবিতাৰ সংকলন কৰাৰ সপোন পুহি ৰাখিছোঁ যি কবিতাই মানুহক দিব পাৰে শান্তিপূৰ্ণ জীৱন জীয়াৰ কিটিপ!

মনজিত কুমাৰ ৰায় : সপোন বহু থাকে৷পুৱা শুই উঠাৰ পৰাই আৰম্ভ হয় সপোনৰ এখন দুনিয়া … প্ৰকৃতি মাতৃৰ সৈতে একাত্ম হৈ নিজৰ লগতে আন দহজনৰ বাবে যাতে কিবা এটা কৰিব পাৰোঁ, সৰু সৰু বা অনাথ শিশুসকলৰ বাবে কিবা এটা কৰাৰ সপোন ইত্যাদি৷ জানো, সপোনবোৰ ডাঙৰ৷ চাওঁচোন কিমান দূৰ সফল হওঁ৷

বিজিত হাজৰিকা : সপোনবোৰ বাস্তৱত প্ৰাণৱন্ত কৰিব বিচাৰোঁ।‌

বনশ্ৰী চৌধুৰী : হেঙুলীয়া ৰং সানিব বিচাৰোঁ জীৱন আকাশত৷ সুখবোৰ, আনন্দখিনি ভগাই ল’ব খোজোঁ৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…