Menu

হোমেন বৰগোহাঞিৰ এই ৯টা কথা আপুনিও জানেনে?

১.ক’লকাতালৈ যাবলৈ হোমেন বৰগোহাঞিয়ে কিছু টকা লৈ গুৱাহাটী পাইছিল৷ কিন্তু বানৰ বাবে যাত্ৰা কিছুদিন স্থগিত ৰাখিব লগীয়া হ’ল৷ সেইকেইটা দিনতেই জুৱা খেলৰ কু-অভ্যাসৰ বাবে তেওঁ ঘৰৰ পৰা অনা সমস্ত ধন হেৰুৱালে আৰু কলকাতা যাত্ৰাৰো ইতি পৰিল৷ তেওঁ ঘৰৰ পৰা কি কামৰ বাবে আহিছিল জানেনে, যি কাম আৰু জীৱনত কোনোদিনে কৰা নহ’ল?

কলকাতা বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে

২.সাংবাদিকতাৰ পূৰ্বে হোমেন বৰগোহাঞি কি বৃত্তিত আছিল জানেনে?

অসম চৰকাৰৰ বিষয়া

৩.হোমেন বৰগোহাঞিয়ে জীৱনৰ প্ৰথম গল্পটো কটন কলেজৰ বছৰেকীয়া কলেজ সপ্তাহৰ গল্প প্ৰতিযোগিতাৰ বাবে জমা দিছিল৷ জানেনে সেই গল্পটোৱে প্ৰতিযোগিতাত কি স্থান লাভ কৰিলে?

একো স্থান নাপালে

৪.‘‘১৯৮১-১৯৯১লৈকে সম্পূৰ্ণ দহটা বছৰ মই এখন বাংলা কাকতত বিশেষ সংবাদদাতাৰ পদত কাম কৰি অৱশেষত অসমীয়া কাকতত কাম কৰিবৰ মনেৰে তাৰ পৰা ইস্তফা দিলোঁ’’ -বাংলা কাকতখনৰ নাম জানেনে?

আজকাল

৫.‘ব্যক্তিগতভাৱে মই তেওঁৰ প্ৰতি নিবিড় আত্মীয়তা অনুভৱ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো আছিল এই যে তেৱোঁ আছিল মোৰ নিচিনাই ৰূপহীন আৰু স্বাস্থ্যহীন৷’ -ইয়াত হোমেন বৰগোহাঞিয়ে কাৰ কথা কৈছে?

ভিনচেণ্ট ভেন গঘ

৬.‘‘মোৰ মনত বিন্দুমাত্ৰও সন্দেহ নাই যে মই যদি সেই হাইস্কুলতে বাকী তিনিটা বছৰ পঢ়ি তাৰ পৰাই প্ৰৱেশিকা পাছ কৰিলোঁহেঁতেন, তেন্তে আজি মই যিটো মানুহ হৈছোঁ সেইটো কেতিয়াও নহ’লোঁহেতেঁন’’- বিদ্যালয়ৰ নামটো জানেনে?

উত্তৰ লক্ষীমপুৰ হাইস্কুল

৭. ‘‘মই ঘৰৰ পৰা ওলাই অহাৰ কিছুদিনৰ আগৰ পৰাই মই শুনাকৈ তেওঁ ভৱিষ্যদ্বাণী কৰি আছিল যে পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ লগে লগে মই সম্পূৰ্ণৰূপে ধ্বংস হৈ যাম৷ মই বিশ্বাস নকৰোঁ যে তেওঁ এই কথা কেৱল ক্ৰোধৰ বশৱৰ্তী হৈ কৈছিল বা মোক অভিশাপ দিবলৈ কৈছিল৷ মই ধ্বংস হৈ যাম বুলি তেওঁ আন্তৰিকভাৱে বিশ্বাস কৰিছিল’’- হোমেন বৰগোহাঞিয়ে ইয়াত কাৰ কথা কৈছিল জানেনে?

নিৰুপমা বৰগোহাঞি

৮.‘‘ইতিমধ্যে মই কেইহাজাৰমান মানুহক বাদ দি বাকী সমগ্ৰ অসমীয়া সমাজৰ দৃষ্টিত জাতিদ্ৰোহী, ঘৰ বিভীষণ আৰু বদনৰূপে চিহ্নিত হৈছোঁ৷ কোনেও মোৰ কিতাপ নপঢ়ে৷ কোনেও মোৰ লগত এষাৰ কথা নাপাতে৷’’ -কোন সময়ৰ কথা কোৱা হৈছে জানেনে?

১৯৭৯-৮০

৯.‘আন্দোলনকাৰীৰ দ্বাৰা প্ৰহৃত হৈ তেওঁ হস্পিতেলত ভৰ্তি হ’বলগীয়া হৈছিল৷ খবৰটো পায়েই মই তেওঁক দেখা কৰিবলৈ গ’লোঁ৷ তেওঁক ক’লোঁ যে তেওঁৰ ‘কলাখাৰ’ৰ দৰেই মোৰ ‘নাগৰিক’ৰ ……. আয়ুসত আৰু বেছিদিন চাউল নাই যেন লাগিছে৷’ -হাস্পতালত কোন ভৰ্তি হৈ আছিল জানেনে?

ড: হীৰেণ গোহাঁই

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ