Menu

চানমাৰিলৈ গৈছে যদি, জানি লওক এই ১৮টা কথা

গুৱাহাটীৰ চানমাৰিৰ ৰাজপথতেই ১৯৮০ চনৰ ২৩ এপ্ৰিলত ছাত্ৰকৰ্মী দুলাল শৰ্মাই ব্লেডেৰে বুকু ফালি সেই তেজেৰে লিখিছিল ‘তেজ দিম, তেল নিদিওঁ’৷ অসমৰ খাৰুৱা তেল বহি:ৰাজ্যলৈ নিয়া কাৰ্যৰ প্ৰতিবাদ কৰিছিল তেওঁ৷ এই দু:সাহসিক কাৰ্যৰ স্মৃতিত সেই স্থানত স্থাপন হৈছে সুদৃশ্য স্মাৰক৷

 

আমিও জানি নাজানি নলওঁ গম৷ গুৱাহাটীৰ মাজমজিয়াৰ চানমাৰি৷ কিমান ইতিহাস কিমান বৰ্তমানৰ সাক্ষী৷ অসমৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰ৷ এই চানমাৰিৰ বিষয়ে অন্তত: এই ১৮টা কথা জানেনে আপুনিও?

১৷ গুৱাহাটীৰ চানমাৰিৰ ৰাজপথতেই ১৯৮০ চনৰ ২৩ এপ্ৰিলত ছাত্ৰকৰ্মী দুলাল শৰ্মাই ব্লেডেৰে বুকু ফালি সেই তেজেৰে লিখিছিল ‘তেজ দিম, তেল নিদিওঁ’৷ অসমৰ খাৰুৱা তেল বহি:ৰাজ্যলৈ নিয়া কাৰ্যৰ প্ৰতিবাদ কৰিছিল তেওঁ৷ এই দু:সাহসিক কাৰ্যৰ স্মৃতিত সেই স্থানত স্থাপন হৈছে সুদৃশ্য স্মাৰক৷

২৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভড়াল ১৯৪৮ চনত চানমাৰিত স্থাপন হৈছিল৷ বৰ্তমান এই ঠাইখণ্ডক পুৰণি গুৱাহাটী বিশ্ববিদ্যালয় আৱাসিক চৌহদ (অ’ল্ড ইউনিভাৰ্ছিটী কলনী) নামেৰে জনা যায়৷ পিছলৈ এই পুথিভড়াল জালুকবাৰীস্থিত বিশ্ববিদ্যালয় চৌহদলৈ স্থানান্তৰ কৰা হয়৷

৩৷ ১৯৯৬ চনৰ ১৭ মে’ত এই চানমাৰিতেই শেষ নিশ্বাস ত্যাগ কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসে৷ সাংবাদিকগৰাকীক দিন দুপৰতে সেই সময়ত চানমাৰিত থকা অসম জাতীয় বিদ্যালয়ৰ সন্মুখত আততায়ীয়ে নিচেই কাষৰ পৰা গুলিয়াই হত্যা কৰিছিল৷ এই ঠাইত এতিয়া তেওঁৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু প্ৰতি বছৰে তাত আয়োজন কৰা হয় স্মৃতিচাৰণ৷

৪৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ১৯৫৭ চনৰ পৰাই চানমাৰিৰ অন্যতম অংগ৷ এই চৌহদতেই সৃষ্টি হৈ আহিছে অসমৰ অগণন কালজয়ী গীত, নাটক আদি৷

৫৷ এই চানমাৰিৰ অন্যতম আকৰ্ষণ ইংৰাজী ইউ আখৰৰ আৰ্হিৰ আনন্দৰাম বৰুৱা উৰণ সেঁতু৷ এই উৰণ সেঁতু সন্ধিয়াৰ গুৱাহাটীৰ জনপ্ৰিয় আড্ডা পইণ্ট৷

৬৷ চানমাৰি উৰণ সেঁতুৰ তলতে থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান ১৯৪৮চনত প্ৰতিষ্ঠিত আৰু ই উত্তৰ-পূব ভাৰতৰ কাৰিকৰী শিক্ষাৰ অন্যতম পুৰণি কেন্দ্ৰৰূপে জনাজাত৷

৭৷ এই প্ৰতিষ্ঠানৰ খেলপথাৰত ১৯৬১ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে পূব গুৱাহাটী বিহু সন্মিলন৷

৮৷ ইয়াতেই বিগত কেইবাবছৰো ধৰি অনুষ্ঠিত হৈ আহিছে উত্তৰ পূব গ্ৰন্থমেলা আৰু অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা৷

৯৷ অসমৰ আইন শিক্ষাৰ অন্যতম কেন্দ্ৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয় এই চানমাৰিতেই ১৯৬৯ চনত স্থাপন হৈছিল৷

১০৷ পুৰণি চানমাৰিৰ প্ৰাক আহোম যুগৰ ৰাম ৰায় দিঘী নামৰ বিলখনৰ ঠাইতে বৰ্তমান জিলিকি আছে উত্তৰ পূব ভাৰতৰ বাণিজ্য শিক্ষাৰ প্ৰধান কেন্দ্ৰ গুৱাহাটী কমাৰ্চ কলেজ৷

১১৷ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা, শিল্পী জয়ন্ত হাজৰিকা আৰু পণ্ডিত আনন্দৰাম বৰুৱাৰ আবক্ষ মূৰ্তিয়ে চানমাৰিক অসমৰ বৌদ্ধিক মানচিত্ৰত সুকীয়া বৈশিষ্ট্যৰে উদ্ভাসিত কৰিছে৷

১২৷ ১৯৮৮ চনৰ পৰা সাদিন গোষ্ঠী সগৌৰৱেৰে মূৰ-দাঙি আছে চানমাৰিত৷ এই গোষ্ঠীৰ পৰা প্ৰকাশিত ‘অসমীয়া প্ৰতিদিন’ অসমৰ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা দৈনিক কাকত৷

১৩৷ ১৯৩৯ চনৰ পৰাই চানমাৰিৰ চিনাকি আসাম ট্ৰিবিউন গোষ্ঠী৷ সংবাদ জগতত বিভিন্ন দিশেৰে এই গোষ্ঠী ব্যতিক্ৰম৷ তাৰে এটা হৈছে ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথমে সাংবাদিক আৰু সংবাদকৰ্মীৰ বাবে মাজিথিয়া দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ৷

১৪৷ এই অঞ্চলতে আছে তীৰ্থনাথ শৰ্মা সভাগৃহ, পেঞ্চনাৰ ভৱন, শিক্ষক ভৱন আদিৰ দৰে অনুষ্ঠান৷

১৫৷ ড: ভূপেন হাজৰিকাৰ ঘৰ তথা সৃষ্টিৰ কঠিয়াতলী এই চানমাৰিৰে নিজৰাপাৰত অৱস্থিত৷

১৬৷ অসমৰ জনসমাজক বৌদ্ধিকভাৱে আলোড়িত কৰি ৰখা ‘প্ৰান্তিক’ আলোচনীখন ১৯৮১ চনৰ পৰাই প্ৰকাশিত হৈ আছে চানমাৰিৰ পৰা৷

১৭৷ গুৱাহাটীত বছৰি শ শ দুৰ্গা পুজা অনুষ্ঠিত হ’লেও মাত্ৰ কেইখনমান ঠাইতহে স্থায়ী দুৰ্গা মন্দিৰত পূজা অনুষ্ঠিত হয়৷ সেই সমূহৰ ভিতৰত অন্যতম চানমাৰি উৰণ সেঁতুৰ তলত অৱস্থিত দুৰ্গা মন্দিৰটো৷

১৮৷ ১৯৭৪ চনৰে পৰা অসমৰ শিল্পকলাৰ আগৰণুৱা সংস্থা হিচাপে সক্ৰিয় হৈ আছে গুৱাহাটী আৰ্টিষ্ট গীল্ড৷ ইয়াৰ মূল চৌহদ অৱস্থিত চানমাৰি উৰণ সেঁতুৰ দাঁতিতে৷

ফটো বনজিৎ বৰ্মন

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ