Menu

যিসকলে ‘অসীমত যাৰ হেৰাল সীমা’ পঢ়িছে, কেৱল তেওঁলোকৰ বাবে ১০টা প্ৰশ্ন

asimot-jar-heral-sima-kanchan-baruah

অসমৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’৷ কাঞ্চন বৰুৱাৰ এই সৃষ্টিৰ এবাৰ যি সোৱাদ লৈছে, তেওঁ চাগৈ কাহানিও নাপাহৰে ইয়াৰ চৰিত্ৰসমূহ আৰু ঘটনাৱলীৰ বিৱৰণ ৷ চাওঁচোন কাৰ কিমান মনত আছে..

১৷ উপন্যাসত থকা পাঁচ বন্ধুৱে কিমান বছৰ আগৰ পটভূমিলৈ পাঠকক লৈ যায়?

২৷ সেই পাঁচ বন্ধুৰ চাৰিজন আছিল –ডাক্তৰ, কবি, দুগৰাকী কেৰাণী৷ পঞ্চমগৰাকীৰ বৃত্তি কি আছিল?

৩৷ উপন্যাসখনৰ পটভূমিত থকা মুল নৈখৰ নাম কি আছিল?

৪৷ শ শ বছৰ আগেয়ে সেই নৈখনক কি নামেৰে জনা গৈছিল?

৫৷ উপন্যাসখনৰ দুই মূল চৰিত্ৰ চম্পা আৰু চন্দনৰ সম্বন্ধ কি?

৬৷ উপন্যাসখনৰ মূল চৰিত্ৰই শত্ৰুপক্ষ লুকাই থকা ঘৰটোৰ পৰা গৌৰীক উদ্ধাৰ কৰি তাত অগ্নিসংযোগ কৰিছিল৷ এই ঘৰটোৰ নাম কি আছিল?

৭৷ উপন্যাসখনত কেইটা অধ্যায় আছে?

৮৷ ‘… নাও এৰি দিলোঁ৷ নেজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্ৰথম সোঁতত৷ শেষবাৰলৈ ঘূৰি চালোঁ ওচৰৰ আঁহতজোপালৈ৷ চকুত পৰিল তাৰ গুৰিৰ নিমজ পিঠিত কবিবৰে কটাৰীৰে লিখি অহা কেঁচা আখৰকেইটা: —————-’৷ আখৰকেইটা কি?

৯৷ ‘অসীমত যাৰ হেৰাল সীমা’ৰ ঔপন্যাসিকৰ প্ৰকৃত নামটো কি?

১০৷ ‘… গোটেই নগৰখনৰ মাজত এনে এটা ঘৰ নাছিল যিটোৱে নগৰখনৰ সমৃদ্ধিৰ উজ্জ্বলতাক অলপো ম্লান কৰিব পাৰে৷ প্ৰতিটো ঘৰ, প্ৰতিটো আলি আনকি প্ৰতিজোপা গছো আছিল নিমজ, চিকুণ৷ এই সুন্দৰ ছবিৰ নিচিনা নগৰত এনে এখন মুখো দেখা নগৈছিল যাৰ অন্তৰত এধান মানো বিষাদৰ ছাঁ আছে বুলি কোনোবাই ক’ব পাৰে…৷’ এয়া কোনখন নগৰৰ বৰ্ণনা?

 

উত্তৰ :

১৷ ১৩০০ বছৰ

২৷ প্ৰফেছৰ

৩৷ দিহিং

৪৷ কাঞ্চনমতী

৫৷ চন্দনৰ মাকৰ সখীয়েক দেৱযানীৰ জীয়েক আছিল চম্পা, চন্দনৰ কৈশোৰৰ সংগী

৬৷ ৰঙাটিলা

৭৷ ২২টা

৮৷ অসীমত যাৰ হেৰাল সীমা

৯৷ ভূৱন মোহন বৰুৱা

১০৷ কমল নগৰ

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…