Menu

বাৰেচহৰীয়া ভাওনালৈ যায় যদি…

বাৰেচহৰীয়া শব্দৰ অৰ্থ হৈছে ‘বাৰে’ মানে অনেক আৰু ‘চহৰীয়া মানে’ ‘ৰাইজ’৷ অৰ্থাৎ কেইবাখনো গাঁৱৰ ৰাইজ একগোট হৈ অনুষ্ঠিত কৰা ভাওনা৷

১৭৯৫-৯৭ চন মানৰ পৰা এই ভাওনা অনুষ্ঠিত হৈ আহিছে৷

এই অনুষ্ঠানক দেশৰ ৰাইজৰ আগত চিনাকি কৰাই দিয়া মানুহজন আছিল শোণিত কোঁৱৰ গজেন বৰুৱা৷ তেওঁ বহু কাকত-আলোচনীত এই অনুষ্ঠানটোৰ বিষয়ে লিখি  জনাজাত কৰি তোলে৷

এই সমাৰোহত একেলগে ২১-২৫ খন অভিনয় মঞ্চ বা খলাত ভাওনা মঞ্চস্থ হয়৷

প্ৰতিবাৰে পাঁচ লাখ বা তাতোকৈ অধিক লোকে এই সমাৰোহত ভাওনা উপভোগ কৰে৷

প্ৰতি পাঁচ বছৰৰ মূৰত চ’ত মাহৰ পূৰ্ণিমাত এই ভাওনা সমাৰোহ অনুষ্ঠিত হয়৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…