Menu

বিতৰ্ক ১ : সাহিত্যৰ ‘জাতীয় সংগঠন’ নাথাকিলেও অসমীয়া সাহিত্যৰ একো ক্ষতি নহয় নেকি?

অসমীয়া সাহিত্যক ‘জাতীয় সংগঠন’ লাগেনে ? তেনে সংগঠন নাথাকিলে অসমীয়া সাহিত্যৰ ক্ষতি নহয় নেকি? এই বিষয়ত মুকলি বিতৰ্কৰ আহ্বান কৰা হৈছিল ছচিয়েল মিডিয়াত ৷ সঁহাৰিৰ সবিশেষ ইয়াত পঢ়ক আৰু আপুনিও প্ৰকাশ কৰক নিজৰ মতামত ৷

হিৰন্ময় সোণমণি : অসমত সাহিত্যৰো সংগঠন ভালেকেইটা হ’ল৷ কিন্তু এই সংগঠনবিলাকে সাহিত্য আৰু সাহিত্যিকৰ সৃষ্টি কাৰ্যত কিমান কাম কৰিছে সেইটোহে তাৎপৰ্যপূৰ্ণ৷ কেৱল সদস্য ভৰ্তিকৰণ, ব্যাপক প্ৰচাৰেৰে সভা পতা আদি কামতকৈ উৎকৃষ্ট মানৰ সাহিত্য আৰু সাহিত্যিক সৃষ্টিত মনোনিৱেশ কৰিলেহে ইবোৰৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ হ’ব৷ নতুন লেখকক প্ৰেৰণা যোগোৱা (কেৱল বঁটা বাহনেৰে নহয়), কৰ্মশালা পতা, উৎকৃষ্ট অধ্যয়নৰ মাজেদি তালিম লোৱা, প্ৰতিভাবান লেখক আৱিষ্কাৰ কৰা আদিৰ ব্যৱস্থাৰ ক্ষেত্ৰতহে সংগঠনটোৰ প্ৰয়োজন বুলি ভাবোঁ৷

সুশান্ত কৃষ্ণ শৰ্মা :  আমাক সাহিত্যৰ এটা নতুন সংগঠন লাগে, নতুন চিন্তাৰে নতুনৰ দ্বাৰা। ‘অসম সাহিত্য সভা’ক লৈ সৰুতে আছিলোঁ আৱেগিক, ‘নতুন সাহিত্য পৰিষদ’ৰ প্ৰতি আছে আজিও শ্ৰদ্ধা। তথাপি কওঁ সাহিত্যকৰ্মী (সাহিত্যিক নহয়) আৰু ন ন প্ৰতিভাৰ পৰ্যবেক্ষকসকল একত্ৰিত হোৱাটো দৰকাৰ হৈছে।

ধ্ৰুৱাৰ্ক চৌধুৰী : সংগঠনটো শক্তিশালী, প্ৰভাৱশালী, আলোচনাৰ বিষয় হৈ থকালৈকে সংগঠনটো নাথাকিলে কি হ’ব সেয়া কল্পনা কৰিব পাৰি, বাস্তৱতাক অনুধাৱন কৰিব পৰা নাযায়। সমুজ্বল ভট্টাচাৰ্য আছুৰ পৰা যাব লাগে বুলি আমিও কওঁ, কিন্তু তেওঁ এৰি দিলে আছু কি পৰ্যায়ত থাকিব পাৰে তাৰ সামান্য উমান অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কিঞ্চিৎ পাব পৰা হৈছে। ক’তো ভেকুৱাম নাথাকে সমাজত। ভাল বা বেয়া যিয়েই নহওক কিয়, খালী ঠাই পূৰাই পেলায়। যেনে- আপোনালোকে উত্থাপন কৰা প্ৰশ্নবোৰে কিছু লোকক ঠাই উলিয়াই দিছে ‘অসম ইছলামিক সাহিত্য সভা’ নামেৰে সাহিত্য সংগঠনক আত্মপ্ৰকাশ কৰিবলৈ। এনে ঠাই এনেবোৰ সংগঠনক উলিয়াই দিয়াৰ বাবে দায়িত্ব এনে প্ৰশ্ন উত্থাপন কৰা সকলোৱে ল’ব লাগিব।

সংগীতা বৰুৱা : জাতীয় সংগঠনৰ প্ৰয়োজন আছে আৰু সদায় থাকিব লাগিব৷ ন’হলে নতুন প্ৰজন্মৰ বা অসমীয়াৰ অস্তিত্বই নাথাকিব৷

পৰাগজ্যোতি মহন্ত : সাহিত্যৰ কোনো জাতীয় সংগঠনেই কবি–সাহিত্যিক সৃষ্টি কৰি দিব নোৱাৰে। এখন মঞ্চহে গঢ়ি তুলিব পাৰে। নিজস্ব গভীৰ অধ্যয়ন,  অনুশীলন আৰু অভিজ্ঞতাৰ যোগেদি আত্মপ্ৰতিষ্ঠা সম্ভৱ। সম্প্ৰতি জাতীয় সাহিত্যৰ সংগঠনসমূহৰ চিন্তা-চৰ্চাতকৈ অসমীয়া সাহিত্যৰ ভিন্ন গতিধাৰা বহু আগুৱাই গ’ল। উদাহৰণস্বৰূপে গল্পই কওক বা কবিতাই কওক , উপন্যাসেই কওক বা নাটকেই কওক, বহুদূৰ আগুৱাই গ’ল। আমি বিশ্বাস কৰোঁ, অসমীয়া সাহিত্য বিশ্ব দৰবাৰত ফেৰ মাৰিব পৰা হ’ল। কিন্তু জগত সভালৈ নিয়াৰ প্ৰচেষ্টা বা পৰিকল্পনা সাহিত্য সংগঠনসমূহে কৰা দেখা নগ’ল। অৱশ্য কিছু কৰিছে যদিও সি পৰ্যাপ্ত নহয়। আপুনি নাটকৰ কথাকে চাওক,  নাটকক সাহিত্য সাহিত্য বুলি কৈ থাকোঁতেই গ’ল। বৰ্তমান নাটক বহু দূৰ আগুৱাই গ’ল। কিন্তু জাতীয় সাহিত্য সংগঠনসমূহে নাটক প্ৰকাশ কৰা কমেই দেখা যায়। যদিও কেইখনমান নাটক গ্ৰন্থাকাৰে প্ৰকাশ হৈছে, সেয়া হয় কাৰোবাৰ ব্যক্তিগত প্ৰচেষ্টাতহে প্ৰকাশ হৈছে, নহয় কোনো স্বেচ্ছাসেৱী অনুষ্ঠানে প্ৰকাশ কৰিছে। ইমানৰ পাছতো জাতীয় সংগঠনে নাটকক সাহিত্য সাহিত্য বুলি কৈ থাকিলে কি হ’ব। দ্বিতীয়তে চাওক কবিতালৈ৷ ইমানবোৰ কবিতাৰ ইতিহাস প্ৰণয়ন কৰা হ’ল কিন্তু আজিকোপতি অসমীয়া কবিতাৰ এখন পুৰ্ণাংগ ইতিহাস প্ৰণয়ন নহ’ল। ভাৰতীয় বা বিশ্বকবিতা অনুবাদৰ যোগেদি পঢ়াৰ ব্যৱস্থা এটাও নহ’ল। সমান্তৰালভাৱে অসমীয়া কবিতাক অন্য ভাষালৈ অনুবাদৰ প্ৰচেষ্টাও দেখা নগ’ল। উপন্যাস বা গল্পৰ ক্ষেত্ৰতো একে দশা। আমি ভাবোঁ,  জাতীয় সংগঠনসমূহৰ নেতৃত্বৰ চিন্তাৰ অভাৱ। নতুবা নেতৃত্বৰ খোৱা-কামোৰা বা কোনো নিৰ্দিষ্ট পৰিকল্পনাৰ অভাৱ। কিন্তু সাহিত্য সংগঠনৰ প্ৰয়োজনীয়তা আছে। কাৰণ,  ভাষাৰ সংকটৰ সময়ত এই সংগঠনসমূহে দায়িত্ব ল’ব লাগিব। দ্বিতীয়তে, অসমীয়া জাতি এটা যে জীয়াই আছে তাক প্ৰতিপন্ন কৰিবলৈও সাহিত্য সংগঠনসমূহ লাগিব নহ’লে শতৰুৱে মূৰৰ ওপৰত নাচিব।

কমল কুমাৰ শৰ্মা :  একো একোখন আলোচনীয়েও এনেকৈ ভবা একোটা সংগঠনৰ ভূমিকা পালন কৰিব পাৰে। সভাপতি-সম্পাদকক লৈ ধৰ্ণা, সংবাদমেল পতা নতুন সংগঠনৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। আলোচনীবোৰ ভাষা-সাহিত্য আন্দোলনৰ প্ৰধান চালিকা শক্তি।

দিলীপ কৌশিক : সাহিত্য এটা বিশ্বজনীন কলা। ইয়াক জাতীয়, ৰাষ্ট্ৰীয়, মাণ্ডলিক ইত্যাদি অভিধাৰ পোষকতা নকৰোঁ।

মানৱ জ্যোতি হাজৰিকা : অসম সাহিত্য সভাত নথকা বহু গুণৱন্ত লোকে সাহিত্য ৰচনা কৰি আছে। মেলামুখী সংগঠন নালাগে।

ঘন কৃষ্ণ বৰা : জাতীয় সংগঠনৰ দৰকাৰ। কিন্ত তাৰ আগেয়ে আমি নিজতকৈ আনৰটো বেছি ভাল দেখা স্বভাৱ সলনি কৰিব লাগিব৷

নীলোৎপল শৰ্মা : কেৱল মেলা পতাৰ বাবে সাহিত্য সভা কিয়, অন্য সংগঠনৰো দৰকাৰ নাই | আন্তৰিকতা আৰু হাতে-কামে লগা, এটা দূৰদর্শী দৃষ্টিভংগী থকা সংগঠনেহে কিবা কৰিব পাৰিব ৷

অনুপ মেচ : মই মাথোঁ বিচাৰোঁ সাহিত্যৰ মাজেৰে আমাৰ বৃহৎ অসমীয়া জাতিটো একত্ৰিত হোৱাটো নহ’লে ইয়াৰ শেষ পৰিণাম চকুৰ আগতেই আছে৷ কিন্তু অসমৰ বুদ্ধিজীৱিয়ে তাক দেখিও নেদেখাৰ ভাও ধৰি আছে৷

গুণজিত তালুকদাৰ : জাতীয় সংগঠন নাথাকোঁতেও অসমত সাহিত্য ৰচনা হৈছিল৷ বৰঞ্চ আজিতকৈও ভালকৈ৷

নিজৰা ডেকা : ছলাহী কথা, ভণ্ড সাহিত্যিকৰ নামেৰে আমাৰ সাহিত্যৰ উন্নতি নহয়৷বৰঞ্চ এইবোৰৰ পৰা আমাৰ সাহিত্যৰ ক্ষতিহে হয়৷ কিতাপ ছপা কৰি সাহিত্যিকৰ লেবেল লগোৱা লোক আমাৰ মাজত আছে৷ কিন্তু সাহিত্যৰ বাবে প্ৰয়োজন এটা সুন্দৰ জাতীয় সাহিত্য বোধ থকা মন৷

সত্যেন্দ্ৰ বৰদলৈ : সাহিত্যই সংগঠন নিবিচাৰে৷ কিন্তু সাহিত্যিকসকল সংগঠিত হোৱা ভাল৷

কেশৱ কুমাৰ শইকীয়া : সময়ৰ লগত সকলো সলনি হৈছে ,এয়া সলনি হোৱাটো একো অস্বাভাৱিক নহয়।

ইব্ৰাহিম আলি : নাথাকিলে ক্ষতি হ’ব৷

কুমাৰ ধীৰেন্দ্ৰ : অকল নামত থাকিলে একোৰে দৰকাৰ নাই, কামত থাকিলে লাগে।

অমৃত কুমাৰ বৰা : জাতীয় সংগঠনৰ প্রয়োজন আছে৷

পল্লৱজ্যোতি মৰাণ নিয়ৰ : ব্যৱস্থা থাকি অৱস্থা হ’ব লাগে অন্যথা খোলাকটিৰ তাল৷

গৌতম বৰুৱা : মই থকাটো বিচাৰোঁ৷

দিলীপ হালৈ : ক্ষতি হ’ব। অৰাজক হ’ব। অন্তত: প্ৰেৰণাৰ বাবে মঞ্চ লাগিবই, নহ’লে প্ৰতিভা ক’ত প্ৰকাশ কৰিব।

অনুপ মেচ : মোৰ মতে আকৌ এবাৰ দৰকাৰ হৈছে৷

লক্ষ্য কুমাৰ : থকাটো বহুত দৰকাৰ৷

বেঞ্জামিন কামান : জাতীয় সংগঠন অত্যাৱশ্যকীয়৷

নাথ উত্তম কুমাৰ : মোক নালাগে৷ কোটি কোটি টকা শৰাধ কৰিবলৈ এইবোৰৰ প্ৰয়োজন নাই৷

শ্যামন্ত দাস : কোটি টকা বাজেটেৰে সাহিত্য মেলা পাতি জাতি গঠনত ভূমিকা ল’ব নোৱাৰে।

এ বি বিদ্যুত গগৈ : ক্ষতি নহয় কিন্তু থকাটো দৰকাৰ বুলি ভাবোঁ৷

অনামিকা দাস : ন চিন্তাৰে সমৃদ্ধ ৰাজনীতি মুক্ত সাহিত্যৰ সংগঠন এটাৰ অতি প্ৰয়োজন।

বিজয় শৰ্মা : বহু ক্ষতি হ’ব৷ জাতীয় সংগঠনটোৱে ছাতিটোৰ
দৰে কাম কৰি আছে বাবেই ভাষাটোৱে উশাহ লৈ আছে, নহ’লে কাহানিবাই ভাষাটোৰ মৃত্যু হ’লেহঁতেন৷

ৰূপজ্যোতি শইকীয়া : সাহিত্যত সংগঠনৰ প্ৰয়োজন নাই। অসমৰ সাহিত্য সংগঠনসমূহে নতুন লেখক বা সাহিত্য অনুৰাগীৰ বাবে বিশেষ কিবা কৰা চকুত পৰা নাই।

পৰাগ জ্যোতি বৰা : থাকোঁতেও যিহে অৱস্থা, নাথাকিলে আৰু কি হ’ব ভাবি চাওক৷

বিদ্যুত বেজবৰুৱা : সাহিত্যৰ নামত কোনো জাতীয় সংগঠনৰ প্ৰয়োজন নাই। মাথোঁ প্ৰয়োজন আছে এটি জাতীয় মন, অলপ জাতীয় চেতনা। জাতীয় দায়বদ্ধতা থাকিলেই ভাল জাতীয় সাহিত্যৰ সৃষ্টি হ’ব, এয়া নিঃসন্দেহে স্বীকাৰ্য।

ইন্দ্ৰজিত বৰা:  সাহিত্য কোনো সাংগঠনিক সৃষ্টি নহয়। ঐতিহাসিকভাৱে ভাষা,  ভাবধাৰা আৰু জাতীয় চেতনাইহে সাহিত্যৰ সাংগঠনিক প্ৰাসংগিকতা আনি দিয়ে। এই পটভূমিত বিতৰ্কৰ বিষয়টো সমৰ্থনযোগ্য।

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ