Menu

আত্মপৰীক্ষা কৰি জানক আপুনি কিমান জটিল

আপুনি নিজক চিনি পায়নে? আপুনি সৰল, জটিল নে দুৰ্বোধ্য? এই প্ৰশ্ন কৰিছেনে নিজক কেতিয়াবা? নিজে ভবাৰ দৰে আনে গ্ৰহণ কৰেনে আপোনাক? আনে নিৰ্ণয় কৰাতকৈ নিজেই নিজক পৰীক্ষা কৰক| মূল্যায়ন কৰক আপুনি কিমান জটিল |

প্ৰতিটো ‘ক’ উত্তৰৰ বাবে ১ নম্বৰ, ‘খ’ৰ বাবে ২ আৰু ‘গ’ৰ বাবে ৩ নম্বৰ যোগ কৰক৷

১৷ গোপনীয় কিবা এটা কথাৰ বা ঘটনাৰ বিষযে আপুনি জানে, আৰু সেই ঘটনাটোকে বন্ধুৱে আপোনাক কবলৈ ল’লে৷ তেতিয়া আপুনি-

ক. আপুনি যে কথাটো জানে, সেযা আগেয়ে জনাই দিব।

খ. শুনি ল’ব আৰু শেষত ক’ব যে সেইটো আপুনি জানেই৷

গ. জানিও নজনাৰ ভাও ধৰি সকলো শুনি থাকিব। ইতিমধ্যে কথাটো জানে বুলি আপুনি নকয়।

 

২৷ আপোনাক কোনোবাই কিবা কথা শুনাই আছে আৰু মনে মনে আপোনাৰ খং উঠিছে, তেতিয়া আপুনি-

ক. আপোনাৰ মনৰ প্ৰতিক্ৰিয়া তেওঁৰ সন্মুখতে প্ৰকাশ কৰিব।

খ. আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে কিন্তু আপোনাৰ খং যে উঠিছে সেয়া গম পোৱা যাব।

গ. আপোনাক দেখিলে গম পোৱা নাযায় যে আপোনাৰ মানুহজনৰ প্ৰতি তীব্ৰ খং উঠিছে আৰু আপুনি প্ৰতিশোধ ল’ব পাৰে।

 

৩৷ আপুনি কেনে ধৰণৰ বন্ধু-বান্ধৱ ভাল পায় আৰু নাপায়, সেয়া-

ক. সকলোৱে গম পায়৷

খ। আপোনাৰ ঘনিষ্ঠসকলে গম পায়৷

গ. আনে গম পোৱাটো সহজ নহয়।

 

৪৷ আপোনাৰ লগত কথা পাতিলে চকুৱে-মুখে আপোনাৰ মনৰ ভাব-

ক. সহজতে ধৰা পৰে৷

খ. কেতিয়াবা ধৰা পৰে৷

গ. ধৰা নপৰেই৷

 

৫৷ আপুনি কেনে মতাদৰ্শ বিশ্বাস কৰে আৰু বিভিন্ন বিষয়ত আপোনাৰ মতামত কি, সেয়া আপোনাৰ কথাত-

ক. সহজতে প্ৰকাশ পায়৷

খ. কেতিয়াবাহে প্ৰকাশ পায়৷

গ. প্ৰকাশ নাপায়৷

 

৬৷ আপোনাৰ মনত চলি থকা ক্ষোভবোৰ আনৰ আগত-

ক. ধৰা পৰে। আনৰ লগত আলোচনা কৰে।

খ. নভবাকৈ কেতিয়াবা ক্ষোভবোৰ ওলাই পৰে।

গ. অপ্ৰকাশিত হৈ থাকে। নিজৰ ভিতৰতে গুজৰি-গুমৰি থাকিব, কিন্তু আনৰ লগত ভগাই নলয়।

 

৭৷ আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে যদি আপোনাক কোনোবাই সোধে, তেতিয়া আপুনি-

ক. স্পষ্টভাৱে কৈ পেলাব৷

খ. কিছু কথা ক’ব যদিও খোলাকৈ নকয়৷

গ. ঘূৰাই-পকাই ক’ব, নক’বও পাৰে।

 

৮৷ চিনাকি কোনোবাই আপোনাক বাটত লগ পালে৷ আপুনি-

ক. আন্তৰিকতাৰে মাত দিব।

খ. ব্যস্ত থাকিলে সঁহাৰি নিদিবও পাৰে।

গ. চিনাকি কোনোবা হ’লেও বাটে-ঘাটে কথা পাতি বেয়া পায় আপুনি। কথা থাকিলে ঘৰলৈ আহিব আপোনাক বিচাৰি।

 

৯৷ ঘৰলৈ হঠাতে আলহী আহিব খুজিছে। আপুনি-

ক. উৎসাহিত হব।

খ. আহিলে আহক ভাবত থাকিব৷

গ. বেয়া পাব। আপুনি ভাল পোছাক পিন্ধি থকা নাই, খুৱাবলৈ মিঠাই আনি থোৱা নাই. আগতীয়াকৈ ফোন কৰি ল’ব লাগে আদি।

 

১০৷ আপোনাৰ মনৰ দৃষ্টিত এই পৃথিৱীখন-

ক. সহজ।

খ. সহজো-জটিলো।

গ. সহজ নহয়, বৰ জটিল।

 

ব্যাখ্যা :

২১-৩০: আপোনাৰ মুঠ নম্বৰ যদি ২১-৩০ হয়, তেন্তে আপুনি হয়তো তুলনামুলকভাৱে যথেষ্ট জটিল৷ জীৱনত আপুনি বহু কথাই নিজৰ ভিতৰতে লুকুৱাই থয় আৰু নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পালে আপোনাৰ কিবা ক্ষতি হ’ব বুলি ভয় কৰে৷ সামাজিক পৰিৱেশতো আপুনি নিজৰ মনৰ কথা মুকলি নকৰে৷ নিজৰ মাজতে সীমিত হৈ থাকে৷ ফলত আপুনি বন্ধুবৰ্গ, পৰিয়াল-পৰিজন আদিৰ মাজত সহজ হ’ব নোৱাৰে আৰু বহুতৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হয়৷ জীৱনটোক সহজভাৱে যাপন কৰিবলৈ আপুনি চেষ্টা কৰিব৷ মনটোক সহজ কৰি ল’লেই বাকী কথাবোৰ লাহে লাহে সহজ হৈ যাব৷

১১-২০: যদি আপোনাৰ মুঠ নম্বৰ ১১-২০ হয়, তেন্তে যদিও আপুনি সহজ-সৰল তথাপি বহু ক্ষেত্ৰত জানি বা নাজানি জটিল হৈ পৰে৷ আপোনাৰ বন্ধুবৰ্গই আপোনাক ভালকৈ জানে কিন্তু আন মানুহে আপোনাক ভুল বুজিব পাৰে৷ জটিলতাখিনি আঁতৰাই নিজক সহজ কৰি লওক, দেখিব আপোনাৰ বন্ধ দুৱাৰবোৰ মুকলি হৈ পৰিছে৷

১-১০: যদি আপোনাৰ মুঠ নম্বৰ ১-১০-ৰ ভিতৰত হয় তেন্তে আপুনি জটিল পৃথিৱীৰ পৰা নিজকে মুক্ত কৰি ৰখাত সফল হ’ব পাৰিছে৷ আপুনি সহজতে মানুহৰ লগত মিলিব পাৰে কিয়নো আপোনাৰ বিষয়ে মানুহৰ ধাৰণা ভাল৷ আপোনাক বিশ্বাসত ল’ব পাৰি৷ আপোনালৈ অভিনন্দন৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…