Menu

আপোনাৰ জীৱনৰ অন্যতম ব্যাধি খঙক নিয়ন্ত্ৰণ কৰাৰ উপায়

খাদ্য আৰু খঙৰ সম্পৰ্ক

আপোনাৰ মনৰ ভাবৰ বহি:প্ৰকাশক বিভিন্ন প্ৰকাৰে প্ৰভাৱান্বিত কৰে আপোনাৰ খাদ্যভ্যাসে৷ আপুনি দিনটোৰ আৰম্ভণিতে কি খাদ্য গ্ৰহণ কৰিলে, তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ মুড৷ মানসিক বিশেষজ্ঞৰ মতে, পুৱা আমিষ আৰু বেছি তেলযুক্ত আহাৰ গ্ৰহণে দিনটোলৈ মনটোক অশান্ত কৰি ৰাখে৷ সেয়েহে দিনটোলৈ খঙক দুৰত ৰখাৰ বাবে নিৰামিষ আহাৰেৰে দিনটো আৰম্ভ কৰাই শ্ৰেয়৷

পৰিপূৰ্ণ নিদ্ৰা খং দমাই ৰখাৰ অন্যতম চাবি-কাঠী

এজন সুস্থ মানুহৰ বাবে এদিনত ৬-৮ ঘণ্টা সময় নিদ্ৰাৰ প্ৰয়োজন৷ যদি এই মাত্ৰাৰ তাৰতম্য হয়, তেন্তে সি খং উদগীৰণ হোৱাত বহু পৰিমাণে অৰিহণা যোগায়৷ আপুনি মন কৰিব যিদিনাই আপুনি নিশা টোপনি ক্ষতি কৰে, তাৰ পিছদিনাই আপোনাৰ সমগ্ৰ দিনটো পাৰ হ’ব খং আৰু অশান্তিৰ ভাবেৰে৷

যোগ সাধনাৰে মহাব্যাধি খঙক দূৰতে বিদূৰ কৰক

ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা খঙক আঁতৰাই ৰখাৰ বাবে নিয়মিত যোগাভ্যাসৰ অনুশীলন কৰক৷ বিভিন্ন ধৰণৰ আসনৰ অনুশীলনে আপোনাৰ মনৰ পৰা খঙক নিলগাই ৰাখিব আৰু আপোনাৰ জীৱন হৈ পৰিব মসৃণ৷

মনক পাৰ্যমানে শান্ত কৰি ৰাখক

খঙৰ অন্য এটা নামেই হৈছে অশান্ত মন৷ দিনটোত পাৰ্যমানে মনটোক শান্ত কৰি ৰাখক আৰু প্ৰতিটো কাম ধীৰে-সুস্থিৰে কৰাৰ বাবে যত্মপৰ হওক৷ মনক শান্ত কৰি ৰখাৰ বাবে প্ৰাণায়াম আপোনাৰ বাবে অন্যতম সাৰথি হ’ব পাৰে৷

খঙৰ মুহূৰ্তবোৰত গভীৰ উশাহ লওক

যি মুহূৰ্ততে আপোনাৰ খং উঠে, তেতিয়া গভীৰ উশাহ লবলৈ যত্ন কৰক৷ চকু বন্ধ কৰি গভীৰ উশাহ লওক আৰু ধীৰে ধীৰে নিশাহ এৰি দিয়ক৷ ই আপোনাৰ মন-মগজু ক্ৰমাৎ শান্ত কৰি তুলিব৷ গভীৰ উশাহ মানসিক চাপ কমোৱাৰো অন্যতম উপায়৷

মেডিটেশ্যনৰ অভ্যাস গঢ়ি তোলক

দৈনিক মাত্ৰ ২০ মিনিটৰ মেডিটেশ্যনৰ অভ্যাসে আপোনাৰ খঙৰ ভাব কমোৱাত বহু পৰিমাণে সহায় কৰিব পাৰে৷ ইয়াৰ অভ্যাস গঢ়ি তোলক৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ