Menu

মনৰ অৱসাদ দূৰ কৰাৰ উপায়

সঠিক সময়ত টোপনি যাওক

আপোনাৰ দিনটোৰ সকলো ভাগৰ আৰু অৱসাদ দূৰ হ’ব পাৰে একমাত্ৰ সঠিক সময়ত  সঠিক মাত্ৰাৰ টোপনিৰ দ্বাৰাহে৷ সেয়েহে সদায় সঠিক সময়ত শুৱাৰ অভ্যাস গঢ়ি তোলক৷ লগতে দেহে সুস্থিৰ আৰু সজীৱ অনুভৱ কৰিব পৰাকৈ পৰ্যাপ্ত সময় টোপনি যাওক৷

হাঁহিৰে জীৱন সুন্দৰ কৰক

হাজাৰ কৰ্মব্যস্ততা আৰু চাপৰ মাজতো আপোনাৰ হাঁহিটো হেৰুৱাই নেপেলাব৷ হাঁহি হৈছে সুখৰ মাপক৷ মনৰ অৱসাদক দুৰত ৰাখিবলৈ সেয়েহে সদায় হাঁহি থাকক৷ প্ৰতিটো মুহূৰ্ত উদযাপন কৰাৰ বাবে যত্নপৰ হওক৷

আপোনাৰ খাদ্যাভ্যাসক গুৰুত্ব দিয়ক

দিনটোত খোৱা খাদ্যসমুহে আমাৰ দেহ আৰু মন দুয়োটাকে বিভিন্ন প্ৰকাৰে প্ৰভাবান্বিত কৰে৷ পৰাপক্ষত ফাষ্টফুড জাতীয় খাদ্য গুৰু আহাৰ খোৱাৰ সময়ত পৰিহাৰ কৰক৷ আপোনাৰ পৰম্পৰাগত খাদ্যাভ্যাস বৰ্তাই ৰখাৰ বাবে যত্নপৰ হওক৷

মুক্তমনে উশাহ লওক

যদিহে আপোনাৰ কৰ্মক্ষেত্ৰত মুক্ত বায়ু চলাচলৰ বাবে সঠিক ব্যৱস্থা নাথাকে, তেন্তে প্ৰতিদিনে মুকলি বায়ু সেৱন কৰাৰ বাবে নিৰ্দিষ্ট সময় উলিয়াই লওক৷ আপোনাৰ শৰীৰ তথা মনৰ বাবে মুক্ত আৰু পৰিস্কাৰ বায়ু নিত্য প্ৰয়োজনীয়৷ ইয়াৰ বাবে মুকলি ঠাইত দৈনিক নিৰ্দিষ্ট সময় খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক৷

মেডিটেশ্যন : মনৰ মহৌষধ

মনক শান্ত আৰু সুস্থিৰ কৰি ৰখাৰ বাবে অন্যতম উপায় হৈছে মেডিটেশ্যন৷ মেডিটেশ্যনৰ দ্বাৰা আপুনি আপোনাৰ মনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব৷ যাৰ দ্বাৰা সম্ভৱ হৈ উঠিব অৱসাদক দূৰতে বিদূৰ কৰাটো৷

মৌনতাক উপভোগ কৰক

দিনটোৰ যি সময়তে আপোনাক অৱসাদে আগুৰি ধৰে, তেতিয়াই কিছু সময়ৰ বাবে মৌন হৈ অকলশৰে থাকক৷ মনটোক জিৰণি দিয়ক৷ কিছু সময়ৰ মৌনতাই আপোনাৰ মনলৈ পুনৰ আগৰ সজীৱতা কঢ়িয়াই আনিব৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…