Menu

আশা আৰু বাধাৰ আলিদোমোজাত নতুনৰ অসমীয়া চিনেমা

সম্প্ৰতি অসমত ভালেসংখ্যক চিনেমা নিৰ্মাতাই প্ৰযোজনা প্ৰৰ্দশনৰ তীব্ৰ প্ৰতিকূলতাৰ মাজতো চিনেমা নিৰ্মাণ কৰা বা কৰিবলৈ লোৱাটো বৰ উৎসাহজনক আৰু আশাপ্ৰদ ঘটনা হৈছে৷ যোৱা কিছুদিনত এনে কিছুমান চিনেমা চোৱাৰ অভিজ্ঞতা হৈছে যিবোৰৰ পৰিচালকসকলেই কেৱল নতুন আৰু তৰুণ নহয়, বৰঞ্চ চিনেমাবোৰত পৰিলক্ষিত হৈছে নতুন ভাব-ভাষা-ভংগীৰ প্ৰতিফলন৷ ই অসমীয়া চিনেমাত এক নব্য ধাৰাৰ সূচনা কৰিছে বা কৰিব বোলাটো নি:সন্দেহে অতিৰঞ্জন নহ’ব৷ অলপতে আমি এনে চিনেমা চাৰিখন চালোঁ৷ এই চিনেমাবোৰৰ প্ৰযোজনাৰ ক্ষেত্ৰতো পৰিলক্ষিত এটি নতুন ধাৰাৰ বিষয়ে আৰু লগতে অসমীয়া চিনেমাৰ দৰ্শক সমাজৰ চৰিত্ৰ, চিনেমাবোৰৰ বাণিজ্যিক সম্ভাৱনা অথবা তাৰ অন্তৰায়, চৰকাৰী নীতিগত আনুকুল্য, পৰিকাঠামোগত হীন-ডেঢ়ি আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আদি দিশবোৰৰ আলোচনা কৰিব খুজিছোঁ৷

অসমীয়া চিনেমাৰ প্ৰযোজনা

অসমীয়া চিনেমাৰ প্ৰযোজনাৰ ইতিহাসলৈ চালে আমি প্ৰায় পাঁচ শ্ৰেণীৰ প্ৰযোজক দেখা পাওঁ- তাৰে এভাগ হ’ল বিত্তৱান কিন্তু সংস্কৃতিপ্ৰিয় ব্যৱসায়ী যাৰ ভিতৰত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ অথবা নিৰ্মাতাই গৰিষ্ঠসংখ্যক৷ দ্বিতীয়ভাগ হ’ল চিনেমা মাধ্যমটোৰ প্ৰতি দুৰ্বলতা থকা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক৷ তৃতীয়ভাগ হ’ল চিনেমা প্ৰযোজনা অথবা বিতৰণৰ সৈতে বৃত্তিগতভাৱে জড়িত ব্যৱসায়ী বা গোষ্ঠী আৰু চতুৰ্থভাগ হ’ল চৰকাৰী পৃষ্ঠপোষকতা থকা অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগম বা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিত্তীয় নিগমৰ দৰে সংস্থাৰ প্ৰযোজনা৷ পঞ্চম ভাগত দেখা পাওঁ চিনেমা শিল্পৰ প্ৰতি তীব্ৰ অনুৰাগী পৰিচালক যি নিজৰ গাঁঠিৰ ধন ভাঙি অথবা ব্যক্তিগত উদ্যোগত আত্মীয় বা বন্ধু-বান্ধৱৰ পৰা পুঁজি সংগ্ৰহ কৰি চিনেমা নিৰ্মাণ কৰিছিল বা কৰিছে৷ এই শেষৰ ভাগটোত যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালা, পদুম বৰুৱাৰ দৰে পৰিচালক আছে, সেইদৰে শেহতীয়াকৈ চিনেমা নিৰ্মাণত হাত দিয়া তৰুণ পৰিচালকৰ কেইবাজনো এই ভাগটোৰ অন্তৰ্গত৷ ইয়াৰ বাবে সমবায়ভিত্তিক সংস্থাৰ প্ৰযোজনাটো অসমত চিনেমা নিৰ্মাণৰ অনেক নজিৰ আছে৷

এই কথা আমি আটায়ে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন তথা অসমীয়া ভাষাৰেই প্ৰথমখন চিনেমা ‘জয়মতী’ত লোকচানৰ সন্মুখীন হোৱাৰ বাবে প্ৰথমখনৰ খৰচৰ জোৰা মাৰিবলৈ কলাগত দিশত আপোচেৰে বাণিজ্যিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিছিল ‘ইন্দ্ৰমালতী’৷ তাৰ পাছত অনেক দিন অসমীয়া চিনেমাৰ বাণিজ্যিক সাফল্যৰ পৰিক্ৰমা বৰ চমকপ্ৰদ একো নাছিল যদিও ষাঠি-সত্তৰৰ দশকত অসমীয়া চিনেমাৰ সমাদৰ আৰু জনপ্ৰিয়তা তুংগত উঠাৰ লগে লগে অনেক চিনেমাই অভূতপুৰ্ব বাণিজ্যিক সফলতাও লভিছিল৷ অথচ অসম আন্দোলনৰ পাছৰ সময়ছোৱাত বিশেষকৈ আলফাৰ অভ্যুত্থানৰ পাছত এহাতে ত্ৰাসময় পৰিস্থিতি, অন্যহাতে টিভিৰ আগমনে এই অৱস্থাৰ অৱসান ঘটালে৷ ত্ৰাসময় পৰিস্থিতিটোৱে এনে এক শৃংখল বিক্ৰিয়া ঘটালে যে প্ৰথমে চিনেমাগৃহবোৰলৈ অহা দৰ্শক তাকৰীয়া হ’ল আৰু যিহেতু হিন্দী চিনেমাও নিষিদ্ধ কৰিছিল, গতিকে চিনেমাগৃহৰ ব্যৱসায় সংকটাপন্ন বুলি গণ্য কৰি অনেক চিনেমাগৃহৰ মালিকে সেইবোৰৰ দুৱাৰ চিৰকাললৈ জপাই দিলে৷ এই সংকটাপন্ন কালছোৱাৰ শেষলৈ দেখা গ’ল যে অসমৰ মুঠ চিনেমাগৃহৰ অৰ্ধেকমানহে অৰ্থাৎ প্ৰায় পঞ্চাছটামান চিনেমাগৃহহে মূৰকত জীয়াই থাকিল৷ (মাল্টিপ্লেক্সৰ আগমন আৰু কিছু চিনেমাগৃহৰ পুনৰুজ্জীৱিতকৰণৰ পাছত এতিয়া ৮০টা মান হৈছে৷)যি অসমৰ অতিকৈ জনপ্ৰিয় হোৱা শেহতীয়া অসমীয়া চিনেমাখনৰ মূলৰ কিয়দাংশও প্ৰযোজকক ঘুৰাই দিব নোৱাৰিলে৷ গতিকে অসমত অসমীয়া চিনেমাৰ দৈন্য দশাৰ মূলতে যে আলফাও, সেই কথাটোও গুৰুত্বপূৰ্ণ যদিও সোৰোপা অসমীয়া দৰ্শকৰ টিভি আৰু পাছলৈ আজিৰ সময়ৰ ইণ্টাৰনেট, ছচিয়েল মিডিয়াৰ মায়াত ডুব যোৱাৰ প্ৰৱণতা আৰু তৎজনিত চিনেমাগৃহ-বিৰাগো ইয়াৰ এটা মূল কাৰণ৷

তথাপি অসমত আজিৰ সময়ত অনেক তৰুণ-তৰুণীয়ে যে সন্মুখৰ সমূহ প্ৰতিকূলতা জয় কৰি চিনেমা নিৰ্মাণ কৰিবলৈ আগ বাঢ়ি আহিছে, তেওঁলোকৰ সন্মুখত তাৰ মানে বজাৰ বুলিবলৈ আছে এই প্ৰায় ৮০টা চিনেমাগৃহ, তাৰে অসমীয়া চিনেমা চলা চিনেমাগৃহ আকৌ ত্ৰিশটামানহে৷ ইয়াৰ বাদে তেওঁলোকৰ সন্মুখত আছে কিছু পৰিমাণে নিজা বা কোনো সংস্থাৰ উদ্যোগত ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ অৱকাশ আৰু যদি অসামান্য কৃতিত্ব লভে, তেন্তে দেশ-বিদেশৰ বজাৰত বিক্ৰীৰ সম্ভাৱনা৷ দেখাত আৰু এটা পথ আছে, সেইটো হ’ল অসমৰ থলুৱা চেনেলকেইটাত প্ৰদৰ্শন অধিকাৰৰ বিনিময়ত পাব পৰা ধন৷ কিন্তু যিমানখিনি শুনিছোঁ চেনেলে যি ধন প্ৰযোজকলৈ আগ বঢ়ায় সেয়া তেনেই সামান্য, অৰ্থাৎ সেয়া এক ধৰণৰ ব্যাৱহাৰিক কাৰচাজি বা বৌদ্ধিক শোষণৰ নামান্তৰ মাথোঁ৷ তদুপৰি ‘ইণ্ডিয়ান পেনোৰামা’ত অন্তৰ্ভুক্ত হোৱা চিনেমা বা ৰাষ্ট্ৰীয় বঁটা লভা চিনেমায়ো চৰকাৰৰ ঘৰৰ পৰা নিৰ্দিষ্ট ধন পোৱাৰ ব্যৱস্থা আছে৷ কিন্তু শেহতীয়াকৈ সেইটো দিশো পুনৰ অনিশ্চয়তাৰ মাজলৈ পৰ্যবসিত হৈছে বুলি জানিব পাৰিছোঁ৷ দেখা যায় যে অতি কম বাজেটৰ চিনেমা এখনৰ লাভৰ কথা বাদেই দিলোঁ, নিৰ্মাণ ব্যয়ৰ জোৰা মাৰিবলৈকো অসমীয়া চিনেমাৰ বজাৰখন অসমৰ্থ৷ কিন্তু এনে নিৰাশাজনক পৰিস্থিতি সত্ত্বেও অসমীয়া চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়া বন্ধ হৈ যোৱা নাই আৰু বিশেষকৈ তৰুণ চলচ্চিত্ৰকাৰসকল ভাগি পৰা নাই আৰু তেওঁলোকৰ বহুতে নিজা উদ্যোগত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ সহযোগত পুঁজি সংগ্ৰহৰ লগতে বিচাৰি উলিয়াইছে আন এটা পন্থা- ক্ৰাউড ফাণ্ডিং বা সামূহিক পুঁজি নিৰ্মাণ৷ ক্ৰাউড ফাণ্ডিঙৰ ধাৰণাটো বিশষকৈ ছ’চিয়েল মিডিয়াৰ প্ৰাদুৰ্ভাৱৰ লগে লগে জন্ম লোৱা, কিয়নো তাৰ মূল অৱলম্বনেই হৈছে ছ’চিয়েল মিডিয়া যাৰ যোগেদি চিনেমা এখনৰ প্ৰস্তাৱিত প্ৰকল্পটোৰ সম্যক ধাৰণা দি দান-বৰঙণিৰ বাবে আহ্বান জনোৱা হয়৷ মই জনাত এফ টি আই আইৰ ডিপ্ল’মাধাৰী ৰীমা বৰাৰ ‘বকুল’ৰ লগতে হিমজ্যোতি তালুকদাৰে নিৰ্মাণ কৰি উলিওৱা ‘মাৰ্কশ্বীট’ এনে ধৰণৰ চিনেমা৷ অসমৰ দৰে পৰিস্থিতিত এই পন্থাটোৰ কেইবাটাও সুবিধা আছে, যেনে – চিনেমা এখনে লোকচান ভৰিলে কোনো প্ৰযোজক বিশেষ ক্ষতিগ্ৰস্ত নহয় আৰু আনহাতে পৰিচালক এজনে তেওঁৰ চিনেমা নিৰ্মাণৰ কাম কাৰো হস্তক্ষেপ অবিহনে সম্পূৰ্ণ স্বাধীনমনে কৰিব পাৰে৷ এই পন্থাটো অসমত নতুন৷ সেয়ে এহাতে এই পদ্ধতিৰে চিনেমা এখন নিৰ্মাণ কৰিবলৈ পৰ্যাপ্ত ধন সংগ্ৰহ কৰিব পৰা যায় নে বা এই পদ্ধতিটোৰ দীৰ্ঘস্থায়িত্ব সম্ভৱ হ’বনে- এনেবোৰ প্ৰশ্ন নিশ্চয় মনত উদয় হয়৷ আনহাতে অসমীয়া চিনেমাই আজিও ব্যাপক হাৰত সদ্যহতে পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱ অথবা বা ন্যাস বা পুঁজি যোগান সংস্থাই আগ বঢ়োৱা সহ-প্ৰযোজনা বা আংশিক প্ৰযোজনাৰ সুবিধা ল’ব পৰা নাই যদিও নৱ প্ৰজন্মৰ পৰিচালক ভাস্কৰ হাজৰিকাই তেওঁৰ প্ৰথম চিনেমা ‘কথানদী’ৰ বাবে দক্ষিণ কোৰিয়াৰ পুছান চলচ্চিত্ৰ মহোৎসৱৰ পৰা প’ষ্ট প্ৰডাকশ্যনৰ বাবে পুঁজি আদায় কৰিব পৰাটোও কৃতিত্বৰ কথাই আৰু এইটোও অসমীয়া চিনেমা প্ৰযোজনাৰ এটা নতুন আৰু অনুকৰণীয় দিশ৷

অসমীয়া চিনেমাৰ দৰ্শক

অসমীয়া চিনেমাৰ দৰ্শক বুলিলে আমাৰ চকুৰ সন্মুখত কেনে এখন ছবি ভাহি উঠে? বস্তুত: আমাৰ দৰ্শকৰ চৰিত্ৰ কেনে অৰ্থাৎ তেওঁলোকৰ চিনেমা ৰসাস্বাদনৰ স্তৰ, ৰুচিবোধ আৰু আগ্ৰহ, অনুৰাগ কেনে পৰ্যায়ৰ সেই বিষয়ে আলোচনা কৰি ল’লেহে আজিৰ সময় আৰু পৰিস্থিতিত অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বা আগ্ৰহহীনতাৰ কাৰ্যকৰণৰ সম্ভেদ ল’ব পৰা যাব৷ অসমত প্ৰাক জ্যোতিপ্ৰসাদ যুগত গঞা বা চহৰীয়া দৰ্শকৰ বাবে এহাতে মূলত: উজনি আৰু উত্তৰপৰীয়া সমাজত ভাওনা আৰু নামনি অসমত বংগীয় বা তাৰ অনুকৰণৰ থলুৱা যাত্ৰাই মনোৰঞ্জনৰ মাধ্যম আছিল যদিও উত্তৰ জ্যোতিপ্ৰসাদ যুগত তাৰ ঠাইত বহু পৰিমাণে থলুৱা নাট, নাটক বা গীতিনাট্য আৰু তাৰ যথেষ্ট পাছলৈ চিনেমা ক্ৰমে মনোৰঞ্জনৰ মাধ্যম হ’বলৈ ধৰিলে৷ যদিও জ্যোতিপ্ৰসাদে তেওঁৰ প্ৰথমখন চিনেমাতে চলচ্চিত্ৰ ভাষাৰ সাৰ্থক প্ৰয়োগ কৰিছিল, সেই সময়ত মুষ্টিমেয় দুই-একৰ বাদে সৰহভাগ লোকৰে ‘জয়মতী’ৰ মোল বুজি উঠাটো সম্ভৱ হৈ উঠা নাছিল৷ এনেকৈ জ্যোতিপ্ৰসাদে কাটি যোৱা বাটেদি খোজ পেলাই পাছলৈ ছেগা-চোৰোকাকৈ যিসকলে চিনেমা নিৰ্মাণ কৰিবলৈ ধৰিছিল সেই নিৰ্মাতাসকলেও চলচ্চিত্ৰ মাধ্যমৰ গুণাগুণৰ বিষয়টো অনুধাৱন কৰাৰ পৰিৱৰ্তে চিনেমাক নাটকৰ সম্প্ৰসাৰিত, চিত্ৰায়িত ৰূপ বুলিহে গণ্য কৰিছিল যেন ভাব হয়৷ তেওঁলোকে জ্যোতিপ্ৰসাদে কথাই-কামে অসমীয়া সমাজক পৰিচয় কৰাই দিয়া নান্দনিক গুণসম্পন্ন চিনেমাৰ ধাৰণাটোক গ্ৰহণ কৰাৰ পৰিৱৰ্তে ইতিমধ্যে কলকাতা, মুম্বাই বা দক্ষিণমূলীয় চিনেমাৰ গৰিষ্ঠসংখ্যকে গ্ৰহণ কৰা সাংগীতিক (operatic) আৰু অতি নাটকীয় (Melodramatic) চিনেমাৰ আৰ্হিটোহে গ্ৰহণ কৰা দেখা গৈছিল৷ এই অৱস্থা বৰ্তি আছিল পদুম বৰুৱাই ১৯৭৬-ত ‘গঙা চিলনীৰ পাখি’, ১৯৭৭-ত ভবেন্দ্ৰ নাথ শইকীয়াই ‘সন্ধ্যাৰাগ’ মুক্তি দিয়ালৈকে৷ ‘গঙা চিলনীৰ পাখি’ এখন অপূৰ্ব নান্দনিক গুণসম্পন্ন চিনেমা হোৱাৰ লগতে চিনেমাখনে তদানীন্তন বৌদ্ধিক সমাজক চমকৃত কৰা সত্ত্বেও দৰ্শকৰ বিশেষ সমাদৰ লভা নাছিল৷ কিন্তু ‘সন্ধ্যাৰাগ’ বা ইয়াৰ পৰৱৰ্তী শইকীয়াৰ চিনেমাবোৰৰ লগতে ১৯৮২-ত ‘অপৰূপা’ৰ যোগেদি আবিৰ্ভাৱ হোৱা জাহ্ণু বৰুৱাৰ চিনেমাবোৰে দৰ্শকৰ মাজত এক ধৰণৰ আলোড়নৰ সৃষ্টি কৰিছিল আৰু আশানুৰূপ সঁহাৰিও লভিছিল৷ উল্লেখ কৰা উচিত হ’ব যে গল্পকাৰ শইকীয়াৰ বিপুল জনপ্ৰিয়তাই তেওঁৰ সাহিত্যগন্ধী চিনেমাবোৰৰ জনপ্ৰিয়তাতো অৰিহণা যোগাইছিল৷ আনহাতে পুনেৰ এফ টি আই আইৰ ডিপ্ল’মাধাৰী জাহ্ণু বৰুৱাই ‘অপৰুপা’ত সুহাসিনী মূলেই, ফাৰুক শ্বেখ, গিৰীশ কাৰ্ণাৰ্ড, ফুলভূষণ খাৰবাণ্ডা, ‘পাপৰি’ত গোপী দেশাই আদি মুম্বাইৰ অভিনেতাৰে দৰ্শক সমাজত এক ধৰণৰ আগ্ৰহ ঔৎসুক্যৰ জন্ম দিছিল আৰু ই চিনেমাবোৰৰ সফলতাতো পৰোক্ষভাৱে অৰিহণা যোগাইছিল৷ কিন্তু পাছলৈ তেওঁলোকে নিজৰ অনুৰাগী দৰ্শক শ্ৰেণী এটাও গঢ় দিব পাৰিছিল৷ অসমত চলচ্চিত্ৰ ভাষাধন্য আৰু গুণসমৃদ্ধ চিনেমাৰ ৰসিক দৰ্শকৰ এটা শ্ৰেণী এনেকৈয়ে এটা মন্থৰ গতিত গঢ় ল’ব ধৰিছিল৷

এইখিনিতে চিনেমা মাধ্যমৰ তাৎপৰ্য, গুৰুত্ব আৰু তাৰ মাধ্যমগত গুণাগুণ সম্পৰ্কে সজাগতা সৃষ্টি কৰাত অসমত চিনে ছ’চাইটী আন্দোলনৰ অৰিহণা কিমান সেই বিষয়েও আলোকপাত কৰা উচিত হ’ব৷ অসমত প্ৰথম চিনে ক্লাবটো জন্ম হৈছিল অবিভক্ত অসমৰ শ্বিলঙত পদুম বৰুৱা, চৈয়দ চাদুল্লা প্ৰমুখ্যে কেইগৰাকীমান চিনেমাপ্ৰেমী লোকৰ উদ্যোগত ‘শ্বিলং চিনে ক্লাব’ নামেৰে৷ সেয়া ১৯৬২ চনৰ কথা৷ আনহাতে ১৯৬৫-ত ড: ভূপেন হাজৰিকাৰ উদ্যোগত জন্ম হৈছিল ‘গুৱাহাটী চিনে ক্লাব’ৰ৷ মেঘালয়ৰ জন্মৰ পাছত ‘শ্বিলং চিনে ক্লাব’ ক্ৰমে নিশকতীয়া আৰু গুৰুত্বহীন হৈ পৰিল যদিও ‘গুৱাহাটী চিনে ক্লাব’ৰ লগতে ১৯৯৯-ত জন্ম পোৱা ‘চিনে আৰ্ট ছ’চাইটী, অসম’এ গুৱাহাটীত আজিও সক্ৰিয়তা বৰ্তাই ৰাখিছে যদিও আয়োজিত মহোৎসৱসমূহত দৰ্শকৰ তাকৰীয়া সংখ্যা দেখি এক বিপুল চিনেমাৰসিক সমাজৰ জন্মত এই ছ’চাইটীসমূহ আজিও যেন সমৰ্থ হোৱা নাই, তেনে ভাব হয়৷ ইফালে গুৱাহাটী চিনে ক্লাবৰ জন্মৰ লগে লগে আৰু তাৰ বহু পাছলৈ আশীৰ দশকত জন্ম লভা অধুনালপ্ত অসম চিনে আৰ্ট ছ’চাইটীৰ জন্মৰ লগে লগেও অসমৰ বিভিন্ন নগৰে-চহৰে চিনে ক্লাব গঠনৰ ধামখুমীয়া পৰিলক্ষিত হৈছিল যদিও সেইবোৰৰ আয়ুস ধান খেৰৰ জুইৰ দৰে হোৱাত প্ৰভাৱো ক্ষণস্থায়ী হ’ল৷ মুঠৰ ওপৰত অসমত যে নিচেই তাকৰ কেইটামান চিনে ছ’চাইটীয়ে পৰ্যাপ্ত আৰু নিৰলস প্ৰয়াস সত্ত্বেও মানুহৰ মাজত চিনেমাৰ মাধ্যমটো সম্পৰ্কে আৰু মাধ্যমটোৰ শক্তি তথা তাৎপৰ্যৰ বিষয়ে সজাগতা সৃষ্টিত বিশেষ সফল হ’ব পৰা নাই, সেইটো এই ছবিখনৰ পৰাই স্পষ্ট হয়৷ এই অৱস্থাৰ বাবে ছ’চাইটীবোৰ যিমান দায়ী ততোধিক দায়ী আগ্ৰহ-উদ্দীপনাহীন আমাৰ দৰ্শক সমাজ৷ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ অন্যান্য নগৰ-চহৰতো সাত বছৰ ধৰি চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা অভিজ্ঞতাৰ পৰা দেখিছোঁ, আমাৰ সাংস্কৃতিক জগতৰ আৰু বিশেষকৈ চিনেমা জগতৰ সৈতে জড়িত লোকসকল প্ৰমুখ্যে শিক্ষিতচাম যেনে- মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অধ্যাপকসকল, চিকিৎসক-অভিযন্তা-অধিবক্তাসকল, প্ৰশাসনিক বা আন বৃত্তিধাৰী উচ্চপদস্থ বিষয়া, লেখক-সাংবাদিকৰ লগতে সংগীতশিল্পী, চিত্ৰকৰ-ভাস্কৰসকল আদিৰ সমাদৰ জাকত জিলিকা লোকসকলৰ ৯৯ শতাংশই চলচ্চিত্ৰ মহোৎসৱলৈ অহা দেশ-বিদেশৰ শ্ৰেষ্ঠ ছবিৰ সোৱাদ লোৱাৰ ক্ষেত্ৰত পৰাংমুখ হৈয়েই ৰয় আৰু ইও নিশ্চয়কৈ অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ অনুকূল সঁহাৰিৰ অভাৱৰ কাৰণ কিছু পৰিমাণ ব্যাখ্যা কৰে৷ সঁচা কথা ক’বলৈ গ’লে ‘বকুল’ৰ আমন্ত্ৰণমূলক প্ৰদৰ্শনীৰ অন্তত ফেচবুকত নানা আপডেট দিয়া বহুতকে কোনোদিনে চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদৰ্শনীবোৰত দেখা মনত নপৰে৷

এতিয়া প্ৰশ্ন উঠে অসমীয়া দৰ্শকৰ চলচ্চিত্ৰ ৰুচিবোধ কেনে পৰ্যায়ৰ অৰ্থাৎ যাত্ৰা-ভাওনাৰ চমজদাৰ দৰ্শকৰ পৰা কুৰি শতিকাৰ সবাতোকৈ কলা মাধ্যম চিনেমাক তাৰ উৎকৃষ্ট সৃষ্টিশীল ৰূপত ৰসাস্বাদন কৰিব পৰাকৈ আমাৰ দৰ্শকৰ ৰুচিৰ উত্তৰণ ঘটিছিলনে? প্ৰধানকৈ বংগ আৰু কেৰেলা প্ৰমুখ্যে দাক্ষিণাত্যৰ প্ৰায়বোৰ ৰাজ্য আৰু দেশৰ আন কিছু স্থানত চিনে ছ’চাইটী আন্দোলনে বিশ্বৰ বছা বছা উৎকৃষ্ট চিনেমাৰ প্ৰদৰ্শন আৰু আলোচনাৰে চলচ্চিত্ৰ মাধ্যম সম্পৰ্কে সঠিক সজাগতাৰ সৃষ্টি কৰি যি এক বিশাল দৰ্শক সমাজ গঢ়িবলৈ সক্ষম হৈছিল, অসমত নিচেই তাকৰীয়া চিনে ছ’চাইটীৰ বাবেও সম্ভৱ এনে এক দৰ্শক সমাজ মুষ্টিমেয় একাংশ লোকৰ মাজতে সীমাবদ্ধ হৈ ৰৈছে৷ এইটো এটা অন্যতম কাৰণ যাৰ বাবে আমাৰ দৰ্শকৰ ৰুচিৰ উত্তৰণ আশানুৰূপ পৰ্যায়লৈ ন’হল যেন ভাব হয়৷ বহু সময়ত এনে এটা ভাবো হয় যে অসমীয়া দৰ্শকে আজিও চিনেমাতকৈ অধিক উপভোগ কৰিবলৈ ভাল পায় নাটক, বিশেষকৈ ভ্ৰাম্যমাণৰ নাটক৷ ষাঠি সত্তৰৰ দশকত যিবোৰ চিনেমাই দৰ্শকৰ বিপুল সমাদৰ লভিছিল সেইবোৰ হয় আছিল চকুলো নিগৰোৱা কাৰুণ্যভৰ চিনেমা (Tear Jerker) নতুবা লঘু হাস্য ৰসধন্য বা আনন্দদায়ক (Hedonistic) বা উভয় ৰসধন্য চিনেমা৷ চিনেমা মাধ্যমৰ প্ৰতি আন্তৰিক টান বা আকৰ্ষণৰ পৰিৱৰ্তে এই চিনেমাসমূহ উপভোগ কৰিবলৈ দৰ্শক আহিছিল কেৱল বিনোদনৰ টানত, চিনেমাৰ নান্দনিক দিশ বা কলাবস্তুৰ ৰসাস্বাদন তেওঁলোকৰ উদ্দেশ্য নাছিল৷ টিভি আৰু তাৰ যথেষ্ট পাছলৈ ইণ্টাৰনেটেও যে অসমীয়া দৰ্শকক অনায়াসে আঁকোৱালি লৈ চিনেমাগৃহ বিমুখ কৰিবলৈ সক্ষম হ’ল তাৰ মূলতে হ’ল এই সত্য যে আমাৰ দৰ্শকৰ মাজত আচলতে মাধ্যমটোৰ মহিমা বুজা এক আন্তৰিক চিনেমাপ্ৰীতি বা এক উচ্চল চিনেমা সংস্কৃতি (Vibrant Cinema Culture)-ৰ গঢ়েই লোৱা নাছিল৷ তদুপৰি হাতৰ মুঠিতে বা ঘৰতে উপলব্ধ বিনোদনক অসমীয়া দৰ্শকে সাবটি লোৱাৰ মূলতে যে স্বভাৱগত সোৰোপালিও এটা কাৰক তাক অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু এনে এক পৰিস্থিতিৰ মাজতো যিদৰে নতুন পুৰুষৰ ভালেসংখ্যকে অফুৰন্ত হেঁপাহেৰে নান্দনিক গুণসমৃদ্ধ চিনেমা নিৰ্মাণ কৰিবলৈ আগুৱাই আহিছে, তেওঁলোকৰ অনেকৰ মাজত আকৌ চিনেমা মাধ্যমটোৰ গুণ-গৰিমা সম্পৰ্কে যথেষ্ট সচেতনতাও লক্ষ্য কৰিছোঁ আৰু সকলো প্ৰতিকূলতাৰ মাজত ই নিশ্চয়কৈ এক স্বস্তি আৰু আশাৰ বিষয়েই৷

চৰকাৰী নীতি আৰু পৰিকাঠামোগত হীন-ডেঢ়ি

অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ অনীহাই চিনেমাসমূহৰ বাণিজ্যিক সফলতাৰ প্ৰধান অন্তৰায়৷ যদিও শেহতীয়াকৈ নতুন চৰকাৰে ৰাজ্যিক চলচ্চিত্ৰ নীতিখন প্ৰযোজক-পৰিচালকৰ অনুকূল কৰি তুলিছে, দৰ্শক চিনেমাঘৰলৈ নগ’লে কিন্তু এই নীতিৰেও ফল ধৰাব পৰা নাযাব৷ পিছে অসমীয়া চিনেমা চলাবলৈ অসমত এতিয়া চিনেমাগৃহনো আছে কেইটা? এসময়ত প্ৰায় ১৫০টা চিনেমাগৃহ থকা অসমত এতিয়া আছে প্ৰায় ৮০টা চিনেমাগৃহ, তাৰে অসমীয়া চিনেমা চলা চিনেমাগৃহ আকৌ ত্ৰিশটামানহে৷

গতিকে অনুমেয় যে অমমীয়া চিনেমাৰ বাণিজ্যিক সফলতাৰ বাটত কেনে নিয়তি থিয় হৈ ৰৈছে৷ অসমত এতিয়া সেয়ে চৰকাৰী নীতিৰ উপৰুৱা সংশোধনৰ পৰিৱৰ্তে প্ৰয়োজন হৈছে সমস্যাটোৰ গভীৰলৈ গৈ এই পৰিৱেশৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ, যাৰ মূল অগ্ৰাধিকাৰ হ’ব লাগিব অসমৰ নগৰ-চহৰ-গ্ৰাম্যাঞ্চলৰ ক্ষুদ্ৰ চিনেমাগৃহ নিৰ্মাণত উদগনি যোগোৱা৷ এই ব্যৱস্থাই অন্তত: অসমীয়া চিনেমাক অধিকসংখ্যক দৰ্শকৰ ওচৰ চপাই নিব আৰু এনেকৈয়ে বৰ্তমানতকৈ অধিক দৰ্শকৰ সঁহাৰি লভাটো সম্ভৱ হ’ব৷ মোৰ বোধেৰে নগৰাঞ্চলতকৈ অসমৰ গ্ৰাম্যাঞ্চলত অসমীয়া চিনেমাৰ বাবে আগ্ৰহী দৰ্শক অলপ হ’লেও বেছি আছে৷ কিন্তু এনে পৰিৱৰ্তনৰ বাবে চৰকাৰে ৰাজসাহায্য প্ৰদানেৰে, কৰৰ সকাহ দি বিনিয়োগকাৰীক আকৰ্ষণৰ প্ৰয়াস কৰিব পাৰিব লাগিব আৰু সম্ভৱপৰ ক্ষেত্ৰত চৰকাৰী ভূমিত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ(PPP)-ৰ আৰ্হিত চিনেমাগৃহ নিৰ্মাণৰ পদক্ষেপ আগ বঢ়াব লাগিব৷ ই অন্তত: অসমীয়া চিনেমাৰ বাবে বিপণনৰ ক্ষেত্ৰ এখন গঢ়ি দিব পাৰিব আৰু এনেকৈয়ে দৰ্শকৰ ৰুচিৰ উত্তৰণ আৰু সংখ্যা বৃদ্ধিত অৰিহণা যোগোৱাটোও সম্ভৱপৰ হ’ব৷ আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যেতিয়ালৈকে অসমীয়া চিনেমাৰ বিতৰণৰ অধিকাৰ মুম্বাই-ক’লকাতাৰ বণিকৰ হাতত থাকিব তেতিয়ালৈকে অসমীয়া চিনেমা চলা আৰু চলোৱাৰ সমস্যা থাকিবই৷ আমাৰ বোধেৰে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ কথা ভাবি এই বিতৰণ ব্যৱস্থাটোও নিজৰ হাতলৈ চৰকাৰীভাৱে বা পিপিপি-ৰ আৰ্হিত আনিব পাৰি নেকি সেই বিষয়েও চৰকাৰে চিন্তা কৰাটো সময়োচিত হ’ব৷

পাদটীকা

অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আপাত: বিৰাগ সম্পৰ্কে আলোচনা কৰোঁতে ভাব হ’ল এই সন্দৰ্ভত অসমীয়া কিতাপ বা আলোচনী-বাতৰি কাকতৰ চাহিদা বা ‘জনপ্ৰিয়তা’ৰ প্ৰতিও দৃষ্টিপাত কৰাটো নিশ্চয় অপ্ৰাসংগিক নহ’ব৷ অসমৰ এটা অগ্ৰণী প্ৰকাশন গোষ্ঠীৰ গৰাকীয়ে কোৱা কথা, তেওঁৰ মতে প্ৰথম প্ৰকাশৰ কালত এখন অসমীয়া কিতাপ ৫০০খন ছপোৱা হয় আৰু কাচিৎহে লেখকৰ যদি সাংঘাতিক জনপ্ৰিয়তা থাকে তেন্তে ১০০০খন ছপোৱা হয়৷ কিন্তু এই ৫০০খন কিতাপ বিক্ৰী হ’বলৈ সময় লাগিব পাৰে পাঁচৰ পৰা ১০বছৰ পৰ্যন্ত যদিহে চৰকাৰী বা আন পুথিভড়ালে পুথিখন ক্ৰয় নকৰে৷ অসমীয়া বেষ্ট চেলাৰ এখন বাৰু কিমান বিক্ৰী হ’ব পাৰে৷ তেওঁৰ মতে সাধাৰণভাৱে জনপ্ৰিয় কিতাপ এখনৰ তিনি-চাৰিটা সংস্কৰণ (প্ৰায় ২০০০খন) প্ৰকাশ হয় কিন্তু কাচিৎহে ১০টা সংস্কৰণ (প্ৰায় ৫০০০খন) প্ৰকাশ হয়৷ একে অৱস্থা আলোচনী, বাতৰি কাকতৰ ক্ষেত্ৰতো৷ সাম্প্ৰতিক সাহিত্য বা ভিন্ন ৰুচিৰ আলোচনীৰ প্ৰচলন সংখ্যা বেছিভাগ ক্ষেত্ৰতে পাঁচ হাজাৰতকৈ তাকৰ বা সামান্য বেছি কিন্তু ১০ হাজাৰো নহয়, ‘বিস্ময়’ৰ দৰে আলোচনীৰ অৱস্থা সামান্যহে ভাল৷ আনহাতে ‘অসমীয়া মানুহে কেবল বাতৰি কাকতহে পঢ়ে’ বুলি সততে বহুজনে মন্তব্য কৰে যদিও অসমৰ সমূহ বাতৰিকাকতৰ প্ৰচলন সংখ্যা পাঁচ লাখতকৈ খুব বেছি নহয়৷ তিনি কোটিৰো অধিক জনসংখ্যাৰ ৰাজ্য এখনৰ এক কোটি মানুহ শিক্ষিত, পাঁচ লাখ মানুহ উচ্চ শিক্ষিত বুলি ধৰিলেও এই পৰিসংখ্যা বৰ পুতৌজনক নহয়নে? যিখন ৰাজ্যত শিক্ষাৰ পোহৰ পৰা অতদিনৰ পাছতো শিক্ষিত লোকৰ মাজত এক নিশ্চিত সাহিত্যানুৰাগ বা জ্ঞানপিপাসু মনে জন্ম লোৱা নাই, এক সন্তোষজনক পঠন অভ্যাস গঢ় লোৱা নাই তাত এক উজ্জ্বল চলচ্চিত্ৰ সংস্কৃতি বা মানুহৰ মনত এক আকুল চলচ্চিত্ৰানুৰাগ জন্ম নোলোৱাটো স্বাভাৱিকেই নেকি বাৰু?

বিতোপন বৰবৰা

(লেখক জ্যেষ্ঠ সাংবাদিক, কৃতি চিনেমা সমালোচক, চিনে ছ’চাইটী আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা)

Hi! This is Bg Gogoi, site administrator at JeevanMagzine.com. Please leave me a message for any technical assistance at admin@jeevanmagazine.com. Thanks a lot.

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ