Menu

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা আৰু অৰ্থৰ অভাৱত সেয়া সম্ভৱ হোৱা নাছিল, এই অসম্ভৱ কিছু হ’লেও সম্ভৱ কৰাৰ আশাৰে আমি কেইজনমান বন্ধুৱে বাইক লৈ শ্বিলং আৰু চেৰাপুঞ্জীলৈ যোৱা কথা ভাবিলোঁ |

পুৱতি নিশা ৩.৩০ বজাত আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰোঁ | মনত দুৰ্বাৰ হেঁপাহ আৰু আনন্দৰে ভাগৰ বোলা শব্দটোক অনুভৱ নকৰাকৈ আবেলি ৩.৪৫ বজাত গুৱাহাটী পালোঁগৈ | সেই ৰাতিটো তাতে কটাই পুৱা ৫.৩০ বজাত শ্বিলঙলৈ বুলি ওলাই গ’লোঁ | একা-বেঁকা বাটেদি জিৰ জিৰকৈ বলি থকা বতাহজাক ফালি আমাৰ বাইকখন যিমানেই আগুৱাই গৈ থাকিল সিমানেই মোৰ মনটো চঞ্চল ফাগুণৰ দৰে হ’ব ধৰিলে | স্ফূৰ্তিবোৰ সজীৱ হৈ থাকিবৰ বাবে বাটৰ কাষৰ কোনো কোনো ঠাইত ৰৈ ফটো উঠিলোঁ | এইদৰে প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি শ্বিলঙৰ মাজমজিয়া পাওঁতে ঘন্টাৰ কাঁটাই ৯ চুলেগৈ | প্ৰথমতে শ্বিলং পীক চাবলৈ বুলি ওপৰলৈ উঠি গ’লোঁ| কিন্তু সেইদিনা বতৰ ডাৱৰীয়া হোৱা বাবে কুঁৱলীয়ে চাৰিওফালৰ সৌন্দৰ্যক আৱৰি ধৰি আছিল | তাতে ডেৰ ঘন্টামান যোৱাৰ পাছত ৰঙাকৈ বেলিটো ওলাই আহিল | তেতিয়াহে শ্বিলং পীকৰ পৰা শ্বিলঙৰ বেলেগ চাবলৈ ওলাই আহিলোঁ ৷

একা-বেঁকা পথেৰে লাহে লাহে তললৈ (স্থলপথলৈ) নামি আহিলোঁ| কেঁকুৰি এটা ঘূৰোঁহে, ঠিক তেনেতে নিয়ন্ত্ৰণ হেৰুৱাই বাইকেৰে সৈতে বাগৰি পৰোঁ | কেৱল  বাগৰি পৰাই নহয় ২০ ফুটমান বাইকখনৰ সৈতে চুঁচৰি গৈ এটা শিলত ঠেকা খাই ৰ’লোঁগৈ | মই লগে লগে উঠি বন্ধু হোমেনক দাঙি ধৰোঁ আৰু ওচৰতে থকা সৰু সৰু শিলটোক তাক বহুৱাই দিলোঁ | দুৰ্ঘটনাটো যি ধৰণে সংঘটিত হৈছিল সেই অনুপাতে আমাৰ আঘাত একেবাৰে কম আছিল যদিও হোমেনে বাউসীত অলপ বেছিকৈ দুখ পাইছিল | সি পিন্ধি থকা হেলমেটো শিলত লাগি ফাটি গৈছিল | হোমেনে বহি থকা শিলটোত গৈ ময়ো বহিলোঁ| বহু সময় মাত-বোল নকৰাকৈ আমি বহি আছিলোঁ | হয়তো হোমেনে বিষত আৰু মোৰ ওপৰত খং উঠিও তেনেদৰে আছিল | মোৰো তাত বহি থাকোঁতে দুৰ্ঘটনাটোৰ কথা ভাবি লাহে লাহে ভয়টো বাঢ়ি আহিব ধৰিলে আৰু মনটো বিভিন্ন চিন্তাই বেৰি ধৰে | আমি যিটো শিলত ঠেকা খাই ৰ’লোঁ | সেই শিলটো যদি তাত নাথাকিলে হয়, তেন্তে আমি ইমান তলত পৰিলোঁহেঁতেন যে বহু দিনলৈ আমাৰ নিঠৰ দেহকেইটা বিচাৰি নাপালেহেঁতেন | কাৰণ ইমান ওপৰৰ পৰা গছ-গছনি বা শিলৰ ওপৰত পৰাৰ পাছত জীয়াই থকাৰ প্ৰশ্নই নুঠে | এইবিলাক কথা ভাবিলে ভয়তকৈ বেছি দুখ লাগে |

গৌৰাংগ প্ৰসাদ

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…