Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ভাস্কৰ হাজৰিকা : কথানদী

‘কথানদী’- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অনন্য সৃষ্টি ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত চাৰিটা সাধুৰ কাহিনীৰে নিৰ্মিত আৰু ভাস্কৰ হাজৰিকা পৰিচালিত প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা৷ তাৱৈৰ সাধু, ঔ কুঁৱৰী, তেজীমলা আৰু চম্পাৱতী – এই চাৰিওটা সাধুৰ কাহিনীৰ আন্ত:সংযোজনেৰে নিৰ্মিত চিনেমাখন বছৰটোৰ অনন্য চিনেমা হিচাপে চৰ্চিত হৈছে৷ নদীদ্বীপ মাজুলীত চিত্ৰগ্ৰহণ কৰা চিনেমাখন ক্ৰাউড ফাণ্ডিং পদ্ধতিৰে প্ৰযোজিত৷ চিনেমাখনে এচিয়ান চিনেমা ফাণ্ডৰ পৰা প’ষ্ট প্ৰডাকশ্যনৰ বাবে আৰ্থিক সহায় পুৰস্কাৰ হিচাপে লাভ কৰিছে ৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

মই যেতিয়া হাইস্কুলৰ দেওনা পাৰ হৈছিলোঁ, ভৱিষ্যতে কি কৰিম বুলি যেতিয়া প্ৰশ্নটো আহিল, তেতিয়াই মই ঠিক কৰিছিলোঁ যে মই কলাৰ জগতখনৰ লগত জড়িত হ’ম৷ মই যে কলাৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰিম সেয়া মনে-প্ৰাণে বিশ্বাস কৰিছিলোঁ৷ কিন্তু কলাৰ জগতখন বুলি ক’বলৈ যাওঁতেই ধন উপাৰ্জনৰ সুগম ক্ষেত্ৰ হিচাপে মই চিনেমা নিৰ্মাণৰ জগতখন ঠিক হ’ব বুলি ভাবিলোঁ৷ সেয়েহে চিনেমা নিৰ্মাণৰ উচ্চ শিক্ষা লাভৰ বাবে বিদেশলৈ গ’লোঁ৷ মোৰ লক্ষ্য আছিল চিনেমাৰ শিক্ষক হোৱা, কিন্তু শেষত নিজেই চিনেমা নিৰ্মাণৰ সৈতে জড়িত হৈ পৰিলোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন কৰিলে?

মই এই কাহিনীবোৰক লৈ এখন চুটি চিনেমা কৰাৰ পৰিকল্পনা কৰিছিলোঁ, সেইমৰ্মে চিত্ৰনাট্যখনো লিখি উলিয়াইছিলোঁ৷ কিন্তু এসময়ত দেখিলোঁ এইখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা হিচাপেহে ভাল হ’ব৷ এনেদৰেই ‘কথানদী’ নিৰ্মাণ হ’ল৷ কাহিনীয়ে দাবী কৰা অনুসৰি মাজুলীত সমগ্ৰ চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে৷ অসমৰ সমাজ জীৱনক এই সাধুকেইটাই বছৰৰ পাছত বছৰ ধৰি প্ৰভাৱান্বিত কৰি আহিছে৷ সেইবাবে সাধুকেইটাৰ মূল কথা একে ৰাখি আন্ত:সংযোজন ঘটোৱা হৈছে৷

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

চিনেমাখনৰ পুঁজি বিভিন্ন প্ৰকাৰে গোটাইছিলোঁ৷ মোৰ পৰিয়াল, বন্ধু-বৰ্গৰ পৰা বহু সহায় পাইছিলোঁ৷ ইয়াৰ উপৰি চিনেমাখনৰ সিংহভাগ ধন আহিছিল ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে৷ চিনেমাখনত মুঠ কিমান টকা খৰচ হ’ল সেয়া বৰ্তমান কোৱা টান হ’ব৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে চিনেমাখন চিত্ৰগৃহত মুক্তি দিয়া হৈছে৷ অনলাইনও বিক্ৰী হৈ আছে চিনেমাখন৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

নতুন চিনেমাৰ বাবে পৰিকল্পনা কৰি থকা হৈছে৷ ইয়াৰ বাবে কেনেকৈ ধন গোটাম, সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই৷

এই কামবোৰ অকলে কৰি আছেনে, গোট হিচাপে কৰি আছে?

কামবোৰ আমি কেইবাজনেও মিলি কৰি আছোঁ৷ বিভিন্ন ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে৷ সেয়েহে গোট হিচাপে কৰি থকা বুলিয়েই কব লাগিব৷

চিনেমাখন বিতৰণ কেনেকৈ কৰিব?

চিনেমাখনৰ অনলাইন বিতৰণৰ বাবে ‘দৃশ্যম ফিল্মছ’এ দায়িত্ব লৈছে৷ নেটফ্লিক্স নামৰ ৱেবছাইটযোগেও চিনেমাখন বিতৰণ কৰা হৈছে৷

আপোনাৰ অন্যান্য পেচা?

মই সম্পূৰ্ণৰূপে এগৰাকী চিনেমা নিৰ্মাতা৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

শেহতীয়াকৈ ৰীমা বৰাৰ ‘বকুল’ চালোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ কি বুলি ভাবে আপুনি?

অসমত চিনেমাৰ লেখকৰ অভাৱ৷ যাৰ বাবে আমাৰ কাহিনী তথা ট্ৰীটমেন্টত বহুত খুঁত থাকি যায়৷ মূলত: আমাৰ যিবোৰ কাহিনী সেইবোৰে অন্য চিনেমাৰ লগত ফেৰ মাৰিব পৰা নাই৷ সেইবাবেই আমি দৰ্শক হেৰুৱাইছোঁ৷

Bhaskar Hazarika

ভাস্কৰ হাজৰিকা

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…