Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ৰীমা বৰা : বকুল
reema-2

‘বকুল’- অসমৰ সাধাৰণ দৰ্শক তথা সমালোচকৰ মাজত বহুল চৰ্চা লাভ কৰা এই চিনেমাখনেৰে পৰিচালক ৰীমা বৰাই পূৰ্ণ দৈৰ্ঘ্য চিনেমা নিৰ্মাণৰ আৰম্ভণি ঘটালে৷ এফ টি আই আইৰ স্নাতক ৰীমা বৰাই ইতিমধ্যে চুটি চিনেমা নিৰ্মাণৰ দ্বাৰা নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল৷ ক্ৰাউড ফাণ্ডিঙৰ দ্বাৰা নিৰ্মাণ হোৱা অসমীয়া চিনেমাৰ ধাৰাবাহক ‘বকুল’ অন্যতম পৰীক্ষণীয় পদক্ষেপ৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ পুথিভড়ালটোৱেই ল’ৰালিত মোৰ আজৰি সময় কটোৱাৰ স্থল আছিল৷ অন্য এক মাধ্যম আছিল দূৰদৰ্শন যোগে প্ৰচাৰিত হিন্দী চিনেমাকেইখন৷ খুব ভাল ভাল চিনেমা কিছুমান সেই সময়ত দূৰদৰ্শন যোগে চোৱাৰ সুবিধা পাইছিলোঁ৷ প্ৰকৃতাৰ্থত এই চিনেমাবোৰেই মোক চিনেমা নিৰ্মাণৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু এনেদৰেই এদিন পুনেৰ এফ টি আই আই পালোঁগৈ৷ ইয়াৰ পৰাই চিনেমাৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ পৰিলোঁ৷ এইখিনিতে আকৌ এটা কাহিনী আছে -দূৰদৰ্শন যোগে চোৱা চিনেমাবোৰৰ পৰিচালকৰ নামৰ পিছত প্ৰায়ে দেখিছিলোঁ এফ টি আই আইৰ পৰা উত্তীৰ্ণ বুলি৷ সেই কথাষাৰে মোক এফ টি আই আই নামটোৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

‘বকুল’ মূলত: আত্মজীৱনীমূলক চিনেমা৷ বহুদিনৰ মূৰত যেতিয়া মুম্বাইৰ পৰা ঘৰলৈ আহোঁ, তেতিয়াই পৰিৱৰ্তনসমূহ চকুত পৰে৷ এই পৰিৱৰ্তনসমূহেই মোক ‘বকুল’ নিৰ্মাণৰ বাটটো দেখুৱাই দিলে৷ সেই মৰ্মে চিত্ৰনাট্য প্ৰস্তুত কৰি ‘বকুল’ৰ কাম আগ বঢ়ালোঁ৷ চৰিত্ৰবোৰ যিহেতু বিশ্বনাথ চাৰিআলি কেন্দ্ৰিক, সেয়েহে চিনেমাখনৰ চিত্ৰগ্ৰহণো তাতেই কৰিলোঁ৷

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

বন্ধুমহলৰ পৰা প্ৰায়েই মোক চিনেমা নিৰ্মাণৰ বাবে উৎসাহ দি আছিল৷ ‘বকুল’ৰ কাম হাতত লৈ আৰ্থিক সহযোগ বিচাৰি মই ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে আহ্বান জনালোঁ৷ বহুতেই আগ বাঢ়ি আহিল সহযোগ কৰাৰ বাবে৷ এনেদৰে ক্ৰাউড ফাণ্ডিঙৰ দ্বাৰা ‘বকুল’ নিৰ্মাণ কৰিলোঁ৷ মুঠ ২৬ লাখ টকা চিনেমাখনৰ নামত ব্যয় হ’ল৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

ক্ৰাউড ফাণ্ডিঙত ধন ঘূৰাই দিয়া নহয়, ধন দিওঁতাক উপহাৰহে দিয়া হয়৷ কিন্তু ‘বকুল’ৰ খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে প্লেনিং কৰি থকা হৈছে৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৱৰ্তী চিনেমাখন ‘বকুল’ৰ ছিকুৱেল হিচাপে নিৰ্মাণ কৰিম, নাম হ’ব ‘বিষ্ণু’৷ এইখন চিনেমাত মূল কথক চৰিত্ৰটো বিশ্বনাথ চাৰিআলিৰ পৰা ওলাই আহিব৷ চিনেমাখন নিৰ্মাণৰ বাবে সহ-প্ৰযোজক বিচৰা হৈছে৷ লগতে ক্ৰাউড ফাণ্ডিঙৰো সহায় লোৱা হ’ব৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

চিনেমা নিৰ্মাণৰ কামবোৰ সম্পূৰ্ণ দলীয়ভাৱে কৰি আছোঁ৷ এককভাৱে এখন চিনেমা নিৰ্মাণ কৰাটো অসম্ভৱ কথা৷

চিনেমাখনৰ বিতৰণ কেনেকৈ কৰিব?

চিনেমাখনৰ বিতৰণ হিচাপে বিভিন্ন ঠাইত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷

আপোনাৰ অন্যান্য পেচা?

চিনেমা নিৰ্মাণেই মোৰ একমাত্ৰ পেচা৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

অসমত নাথাকোঁ যেতিয়া চিনেমাগৃহত গৈ অসমীয়া চিনেমাও চোৱা নহয়৷ কিন্তু শেহতীয়াকৈ ‘কথানদী’ আৰু ‘দিকচৌ বনত পলাশ’ নামৰ চিনেমা দুখন চালোঁ৷ 

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমীয়া চিনেমা চাবলৈ অসমীয়া হিচাপে বহু কম মানুহহে আছে৷ আকৌ পাইৰেচীৰ কথাটোও আছে৷ আনহাতে চিনেমা এখন চাবলৈ দৰ্শকক দিবলৈ ঠাইৰো অভাৱ৷ এনে বিভিন্ন কাৰণৰ বাবেই অসমত অসমীয়া চিনেমাৰ অৱস্থা বেয়াৰ দিশে গৈছে৷

ৰীমা বৰা

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…