Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ধ্ৰুৱ জে বৰদলৈ : দূৰণিৰ নিৰলা পঁজা

‘দূৰণিৰ নিৰলা পঁজা -মধ্যবিত্তীয় সমাজখনৰ কাহিনী চিত্ৰায়িত এই চিনেমাখন পৰিচালকৰ প্ৰথম পদক্ষেপ৷ পৰিচালকৰ ভাষাত আত্মজীৱনীমূলক এই চিনেমাখনে ইতিমধ্যে অসম তথা বাহিৰৰ চলচ্চিত্ৰ মহোৎসৱসমূহত প্ৰদৰ্শিত হৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এটি সহজ-সৰল কাহিনীৰ বলিষ্ঠ চিত্ৰায়ণ এই চিনেমাখন ইতিমধ্যে অনলাইন মাধ্যমত দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চলিছে৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

১৯৯৭ চনৰ কথা৷ সেই বছৰটোতে মই হলীউডৰ ‘টাইটানিক’ নামৰ চিনেমাখন চাইছিলোঁ৷ তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰ৷ চিনেমাখন চাই মই চিনেমা মাধ্যমটোৰ প্ৰতি বৰকৈ আকৃষ্ট হলোঁ৷ ইয়াৰ পাছত
গণ মাধ্যমৰ ডিগ্ৰী ল’লোঁ, মাল্টিমিডিয়া শিকিলোঁ আৰু এদিন মুম্বাইত উপস্থিত হলোঁগৈ৷ মুম্বাইত ছিৰিয়েল, বিজ্ঞাপন আদিৰ বিভিন্ন কাম কৰিলোঁ৷ বিভিন্ন ধৰণৰ অভিজ্ঞতা হ’ল৷ এই অভিজ্ঞতাবোৰকে মূলধন কৰি লৈ পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰ বাবে আগ বাঢ়িলোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন কৰিলে?

‘দুৰণিৰ নিৰলা পজাঁ’ মোৰ সৰুকালত দেখা কিছুমান ঘটনাৰ সমষ্টি৷ কাহিনীটোত মই নিজকে আৱিষ্কাৰ কৰিছিলোঁ৷ চিনেমাখনৰ চিত্ৰনাট্য ২০১১ চনৰ পৰা লিখা আৰম্ভ কৰিছিলোঁ যদিও ২০১০-তে কাহিনীটো ঠিক কৰিছিলোঁ৷ কাহিনীটো ঢেকিয়াজুলি চহৰখনক কেন্দ্ৰ কৰি ভাবিছিলোঁ কাৰণে চিত্ৰগ্ৰহণ তাতেই হৈছে৷ চিনেমাখন মই পৰিচালনাৰ লগতে সম্পাদনাও কৰিছোঁ৷

 

পুঁজি কেনেকৈ গোটালে৷ কিমান টকাৰ বাজেট আছিল?

মোৰ জমা টকা, পৰিয়ালৰ লোকৰ সহায় মিলাই চিনেমাখনৰ বাবে পুঁজি গঠন কৰিছোঁ৷ প্ৰায় ৮-৯ লাখ টকা খৰচ হৈছে৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

বৰ্তমান চিনেমাখন অনলাইন মাধ্যমত মুক্তি দিয়া হ’ব৷ তাৰ পাছত চিনেমাগৃহতো মুক্তি দিয়াৰ বাবে চেষ্টা কৰিম৷ খৰ
চ হোৱা ধন এনেকৈয়ে ওভোতাই আনিব পৰা যাব৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৱৰ্তী চিনেমাৰ বাবে চিন্তা কৰিছোঁ৷ কিন্তু এতিয়াও খাটাং হোৱা নাই৷ পৰৱৰ্তী চিনেমাৰ বাবে প্ৰযোজক বিচাৰিম৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

কামবোৰত মোক বহুতেই বিভিন্ন ধৰণে সহায়-সহযোগ কৰিছে৷ গতিকে কামবোৰ দলীয় বুলিয়েই ক’ব লাগিব৷

চিনেমাখন বিতৰণ কেনেকৈ কৰিব?

পূৰ্বতে ক’লোঁৱেই৷ অনলাইন আৰু চিনেমাগৃহযোগে বিতৰণ কৰিম৷

আপোনাৰ অন্যান্য পেচা?

মই চিনেমা নিৰ্মাণৰ লগতেই জড়িত, অন্য পেছা নাই৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

শেহতীয়াকৈ ‘শৃংখল’ আৰু ‘ৰ’দৰ চিঠি’ চাইছিলোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমীয়া চিনেমাৰ গুণগত মান আৰু কাহিনীৰ কথনত বহু ভুল-ভ্ৰান্তি আছে৷ বহু অসমীয়া চিনেমা নিৰ্মাতাই ভবাৰ দৰে চিনেমা নিৰ্মাণ ইমান সহজ বিষয় নহয়৷ আকৌ অসমত চিনেমাগৃহৰ অসুবিধাও আছে৷ লগতে টিভিযোগে লাভ কৰা মনোৰঞ্জনেও দৰ্শকক চিনেমাগৃহৰ পৰা আঁতৰাই আনিছে৷

dnp-official-poster

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…