Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

জয়ছেং জয় দহোতীয়া : হান্দুক

jd2

‘হান্দুক’ অৰ্থাৎ অতি দুৰ্গম ভিতৰুৱা অঞ্চল বা গাঁৱৰ কেঁচা মাটিৰ ঘৰৰ ভিতৰৰ আন্ধাৰ চুক বা কোণ৷ চিনেমাখনত চিত্ৰায়িত হৈছে তিনি দশকজোৰা অসমীয়া মানুহৰ যাতনাৰ আন্ধাৰ চুকটোৰ৷ জিঅ’ মামি মুম্বাই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা চিনেমাখন সন্দৰ্ভত পৰিচালক জয়ছেং জয় দহোতীয়াই কৈছে, ‘আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু অনুপ্ৰৱেশকাৰীৰ দ্বাৰা বিশ্বৰ বহু দেশ অসমৰ দৰে জৰ্জৰিত৷ এনে পৰিপ্ৰেক্ষিতত সত্তৰৰ দশকত আৰম্ভ হোৱা অসমৰ এই কাহিনীভাগৰ গুৰুত্ব আন্ত:ৰাষ্ট্ৰীয় স্তৰতো অপৰিসীম৷’

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

মোৰ দেউতা এগৰাকী বিশিষ্ট লেখক আৰু বুৰঞ্জীবিদ৷ মাৰ সংগীতত বিশেষ চখ আছিল। মই সৰুৰে পৰাই গল্প, প্ৰৱন্ধ আদি লিখি ভালপোৱাৰ লগতে এটা সৰু ৩৫ এম এমৰ কেমেৰা মোৰ লগত অনবৰতে কঢ়িয়াই ফুৰিছিলোঁ। ফটোগ্ৰাফী আৰু ভ্ৰমণ মোৰ নিচা আছিল। কিন্তু চিনেমা পৰিচালক হ’ম বুলি কেতিয়াও ভবা নাছিলোঁ, কিয়নো সেই সময়ত দেউতাই মোক ডাক্তৰ কৰাৰ সপোন পুহি ৰাখিছিল আৰু মোৰো চলচ্চিত্ৰ মাধ্যম সম্পৰ্কে বিশেষ জ্ঞান নাছিল। কিন্তু দেউতাই মোৰ ফটোগ্ৰাফীৰ প্ৰতি থকা দুৰ্বলতাৰ কথা ভালদৰে জানিছিল৷ মোৰ এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে দেউতাই নিজেও ‘ফুলাম গামোচা’ নামৰ এখন চিনেমা নিৰ্মাণৰ বাবে বহু দূৰ আগ বাঢ়িছিল যিখন পিছৰ পৰ্যায়ত হৈ নুঠিল । আমোদজনক কথাটো হ’ল যে স্নাতক ডিগ্ৰী লোৱাৰ পাছত দেউতাই মোক নিজে জ্যোতি চিত্ৰবনৰ তিনি বছৰীয়া চলচ্চিত্ৰ শিক্ষাগ্ৰহণৰ বাবে আগ বঢ়াই দিছিল আৰু সেয়াই আছিল এই মাধ্যমটোৰ সতে মোৰ প্ৰথম পৰিচয় আৰু আজিৰ এই সামান্য যাত্ৰাৰ এক আৰম্ভণি৷ এয়া বৰ্তমান সময়ৰ মোৰ একমাত্ৰ নিচা আৰু পেচা ।

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

জ্যোতি-চিত্ৰবনৰ ছাত্ৰ থকা অৱস্থাতে অৰ্থাৎ আজিৰ পৰা প্ৰায় ন বছৰমান আগেয়ে সাদিন কাকতত প্ৰকাশিত ‘দুবছৰত দুবাৰ জ্বলিল একেজন পুত্ৰৰ চিতা’ শীৰ্ষক এটা বাতৰিয়ে মোৰ মনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে৷ ময়ো সৰুৰে পৰা এনে ধৰণৰ ঘটনা-পৰিঘটনাৰ সন্মুখীন হৈ আহিছিলোঁ৷ সেয়ে বিষয়টোৰ সতে মোৰ এটা আৱেগিক সম্পৰ্ক নিশ্চয়েই আছিল ।

ইয়াৰ পাছতে ২০০৯ চনত চলচ্চিত্ৰৰ কাৰিকৰী শিক্ষা সমাপ্ত কৰি ব্যাৱহাৰিক অভিজ্ঞতাৰ বাবে নিজাকৈ চুটি ছবি, তথ্যচিত্ৰ আদি নিৰ্মাণ কৰাৰ উপৰি অন্য অসমীয়া চিনেমা আদিৰ কামত জড়িত হৈ পৰোঁ ।

এই সমগ্ৰ সময়ছোৱাত কিন্তু উপৰিউক্ত কাহিনীটো মোৰ মনৰ পৰা এটা ক্ষণৰ বাবেও আঁতৰা নাছিল, মাথোঁ বাট চাইছিলোঁ এটা উপযুক্ত সময়লৈ । অৱশেষত সেই সময় আহিল৷ ২০১২চনত তেতিয়ালৈকে নাম ঠিক নোহোৱা চিনেমা এখনৰ প্ৰাৰম্ভিক চিত্ৰনাট্য প্ৰস্তুত কৰি উলিয়াওঁ।

ইয়াৰ পাছতে লগ হওঁ চিত্ৰনাট্যকাৰ ভাস্কৰজ্যোতি দাসৰ সতে আৰু যুটীয়াভাৱে চিত্ৰনাট্য আৰু গৱেষণাৰ কাম আৰম্ভ কৰোঁ৷ ২০১৫-ত চিত্ৰনাট্যখন সম্পূৰ্ণ হৈ উঠে ।

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

আমি গোটেই কামটোত পৰ্যায়ক্ৰমে আগ বাঢ়িছিলোঁ। এই ক্ষেত্ৰত মোৰ পৰিয়ালৰ অৱদান আছিল মুখ্য। প্ৰডাকশ্যনৰ কামখিনি পৰিয়ালৰ লগতে মোৰ জ্যোতি চিত্ৰবনৰ সহপাঠীসকল (চিদা বৰা, দেৱজিত গায়ন, দিগন্ত বৰা), মোৰ বন্ধুবৰ্গ(জান্তু দত্ত, ভৱেন মহন্ত, পুণ্যজিৎ মৰাণ, জিতু মৰাণ) আৰু শুভাকাংক্ষীসকলৰ(বিশাল অনুৰাগ, সুৰজ দুৱৰা, ববী শৰ্মা) উৎসাহৰ ফচল আছিল । প’ষ্ট-প্ৰডাকশ্যনৰ ক্ষেত্ৰতো ফিল্ম বাজাৰ, সুজিত বৰা, অনিৰ্বাণ বৰঠাকুৰ আদিৰ উৎসাহ আৰু পৰামৰ্শ পাইছিলোঁ। পেছাদাৰীভাৱে চিনেমাখনৰ বাজেট ধৰিলে হ’বগৈ প্ৰায় ত্ৰিছ লাখৰো আধিক।

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

চিনেমাখনে যদি ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ধাৰা অক্ষুণ্ণ ৰাখিব পাৰে, তেন্তে নিশ্চয়কৈ খৰচৰ কিছু ধন উভতি আহিব। তদুপৰি বিক্ৰী, বিতৰণ তথা বিভিন্ন অনলাইন আৰু অফলাইন ব্যৱস্থাৰেও ধন উভতি অহাৰ থল আছে ।

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

এতিয়াও চিনেমাখন চিত্ৰনাট্যৰ পৰ্যায়তে আছে৷ কোনোবাই যদি সঁচাকৈ এখন চিনেমা নিৰ্মাণ কৰিব খোজে, তেন্তে বাজেটৰ কথা কেতিয়াও আগেয়ে ভাবিব নালাগে। অন্যথা নিজে ভবা সেই চিনেমাখন হৈ নুঠিবগৈ৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

চিনেমা এখনৰ চিন্তা অকলে কৰিব পাৰি কিন্তু কামটো অকলে কৰা সম্ভৱ নহয় । মোৰ বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীসকলেই মোৰ সাৰথি ।

চিনেমাখন বিতৰণ কেনেকৈ কৰিব?

বিতৰকৰ সন্ধানৰ কাম আমি আৰম্ভ কৰিছোঁ । কোনোবা সদাশয় প্ৰতিষ্ঠান যদি আগ বাঢ়ি আহে, নিশ্চয়কৈ দায়বদ্ধ হ’ম৷

জয়ছেং জয় দহোতীয়া

জয়ছেং জয় দহোতীয়া

আপোনাৰ অন্যান্য পেচা?

নাই ।

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

‘কথানদী’।

চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

আধুনিক চলচ্চিত্ৰৰ ন-উত্তৰণ আৰু পৰিৱৰ্তনৰ সতে খোজ মিলাব নোৱাৰাটোৱেই মূল সমস্যা। আজিৰ সময়ত আমি প্ৰতিটো ক্ষেত্ৰতে পৰিৱৰ্তন দেখিছোঁ, কিন্তু অসমীয়া আনকি ভাৰতীয় চিনেমায়ো এতিয়াও সেই পুৰণি ধাৰাটোকে অব্যাহত ৰাখিব খোজে। চিনেমাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ন-পৰীক্ষণ দেখা নাযায়। অথচ দৰ্শকৰ মনত ইতিমধ্যে সেই পৰিৱৰ্তনৰ জোঁৱাৰ আহিছে৷ আমাৰ চিনেমা নিৰ্মাতাসকল এই দিশটোৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…