Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

মঞ্জুল বৰুৱা : অন্তৰীণ

still-of-antareen 

‘অন্তৰীণ’-ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিনেমাৰ সন্মানপ্ৰাপ্ত এইখন পৰিচালক মঞ্জুল বৰুৱাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা৷ ‘ফাউণ্টেইন পেন’ নামৰ চুটি চিনেমাখনেৰে পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিষ্ঠানৰ প্ৰশিক্ষণপ্ৰাপ্ত মঞ্জুল বৰুৱাৰ ‘অন্তৰীণ’ ড: ৰীতা চৌধুৰীৰ গল্প ‘তৰালি’ আধাৰিত৷ চিনেমাখনত পাৰিবাৰিক সংঘাতৰ বলি হৈ মানসিক ৰোগীত পৰিণত হোৱা লোকৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে৷ যিয়ে বিভিন্ন প্ৰদৰ্শনীত সমালোচকৰ পৰা বহুল প্ৰশংসা পাবলৈ সক্ষম হৈছে৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

মই জন্মৰ পৰাই ঘৰত চিনেমাৰ পৰিৱেশ এটা পাইছোঁ৷ জাহ্নু বৰুৱা মোৰ খুৰা৷ সেই সূত্ৰেই সৰুৰে পৰাই মই দেখিছোঁ চিনেমা নিৰ্মাণৰ বিভিন্ন কাৰ্যকলাপ৷ খুৰাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘অপৰূপা’ৰ চিত্ৰগ্ৰহণৰ সময়ত সমগ্ৰ ইউনিটটো আমাৰ ঘৰতেই আছিল৷ এনেদৰেই সৰুৰে পৰাই চিনেমাৰ চিত্ৰগ্ৰহণ দেখি মাধ্যমটোৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু নিজেও চিনেমা নিৰ্মাণত জড়িত হ’লোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

‘অন্তৰীণ’ৰ কাহিনী প্ৰযোজকে নিজে বাচি লৈছিল৷ তাৰ পাছতহে মোক চিনেমাখন নিৰ্মাণ কৰিব দিলে৷ মই সেই মৰ্মে চিত্ৰনাট্য নিৰ্মাণ কৰি চিনেমাখনৰ কাম আৰম্ভ কৰিলোঁ৷ চিনেমাখনৰ চিত্ৰগ্ৰহণ বিভিন্ন ঠাইত হৈছে৷ তাৰ ভিতৰত ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী অন্যতম৷

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

চিনেমাখনৰ বাবে সম্পূৰ্ণ টকা প্ৰযোজকে ব্যয় কৰিছে৷ প্ৰায় ৪৫ লাখ টকা ব্যয় হৈছে৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে চিনেমাখন চিত্ৰগৃহত মুক্তি দিয়া হ’ব৷ লগতে বিভিন্ন ঠাইত (অসমৰ) প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰিছোঁ৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৱৰ্তী চিনেমাখনৰ বাবে চিত্ৰনাট্যৰ কাম কৰি আছোঁ৷ এইখনো প্ৰযোজকৰ সহযোগতে নিৰ্মাণ কৰিম৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

কামবোৰ একক আৰু দলীয় দুয়ো ধৰণেই কৰি আছোঁ৷

মঞ্জুল বৰুৱা

চিনেমাখন বিতৰণ কেনেকৈ কৰিব?

চিত্ৰগৃহত মুক্তি তথা নিজা প্ৰচেষ্টাত প্ৰদৰ্শনী পতা যাব৷

আপোনাৰ অন্যান্য পেছা?

চিনেমা নিৰ্মাণেই মোৰ পেছা৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

শেহতীয়াকৈ ‘কেকটাছ’ নামৰ অসমীয়া চিনেমাখন চালোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমীয়া চিনেমা নচলাৰ আঁৰত বহুতো কাৰক আছে৷ তাৰ ভিতৰত আমি চিনেমা এখন নিৰ্মাণৰ পাছত সেইখনৰ যথাযোগ্য প্ৰচাৰৰ দিহা নকৰাটোও অন্যতম কাৰণ৷ যথাযোগ্য প্ৰচাৰেহে এখন চিনেমা দৰ্শকৰ ওচৰ চপাই নিব পাৰে৷ আমি সেই দিশত সঠিক মনোযোগ দিয়া নাই৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…