Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ৰতন শীল শৰ্মা : মাৰ্কশ্বীট

‘মাৰ্কশ্বীট’-অসমত শিশুকেন্দ্ৰিক চিনেমাৰ মাইলৰ খুঁটিত পৰিণত হোৱা এই চিনেমাখনে ছচিয়েল মিডিয়াৰ মাধ্যমেৰে বহুল প্ৰচাৰ তথা জনপ্ৰিয়তা লভি ক্ৰাউড ফাণ্ডিঙৰ বিষয়টোকো অসমত জনপ্ৰিয় কৰি তুলিলে৷ বহু অসমীয়া চিনেমাৰ সম্পাদনাৰ লগত জড়িত থকা ৰতন শীল শৰ্মাৰ এয়া প্ৰথম পৰিচালনা৷ এই চিনেমাখনৰ বাবেই পৰিচালকে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটাৰ শিতানত প্ৰাগ চিনে এৱাৰ্ডৰ লগতে ‘ডালমিয়া ইয়ং এচিভাৰ বঁটা’ও লাভ কৰিছে৷ চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰৰ তথা প্ৰযোজনা আৰু চিত্ৰগ্ৰহণ কৰিছে দীক্ষিত দাসে৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

চিনেমা নিৰ্মাণৰ প্ৰতি মোৰ পূৰ্বৰে পৰাই আগ্ৰহ আছিল৷ চিনেমাৰ লগত জড়িত হোৱাৰ হেঁপাহেৰেই চলচ্চিত্ৰ সম্পাদনাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিলোঁ৷ বৰ্তমানো মই মূলত: চলচ্চিত্ৰ সম্পাদকহে৷ সম্পাদক হিচাপেই কেইবাখনো চিনেমাৰ নিৰ্মাণৰ লগত জড়িত আছিলোঁ৷ ইয়াৰ পাছত নিজাকৈ চুটি চিনেমা নিৰ্মাণত লাগিলোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

আচলতে ‘মাৰ্কশ্বীট’ নিৰ্মাণৰ পৰিকল্পনা আমি হঠাৎ কৰিলোঁ৷ অৱশ্যে প্ৰথমতে এয়া এখন শিশু চিনেমা বুলি টাৰ্গেট কৰা নাছিলোঁ৷ চিনেমাখনৰ বিষয়ে গৱেষণা কৰি থাকোঁতেই ‘মাৰ্কশ্বীট’ৰ কাহিনীটোৱে ৰূপ পালে৷ আমি প্ৰত্যেক শনিবাৰ আৰু ৰবিবাৰে দৃশ্যগ্ৰহণ কৰিছিলোঁ কাৰণে দৃশ্যগ্ৰহণ সমাপ্ত কৰোঁতে প্ৰায় ৩ মাহ লাগিছিল৷ শনি আৰু ৰবিবাৰে আমাৰ পেছাদাৰী কামবোৰ নাথাকে, সেয়ে আমি এনেদৰেই চিত্ৰগ্ৰহণ কৰিলোঁ যাতে আমাৰ অন্যান্য কামত হেঁচা নপৰে৷ অভিনয় শিল্পীসকলো অপ্ৰশিক্ষণপ্ৰাপ্ত আছিল৷ গতিকে বহু কষ্ট কৰিব লগা হৈছিল যদিও শেষত উন্নত অভিনয়েই পাইছিলোঁ৷ সমগ্ৰ চিনেমাখন গুৱাহাটীতে চিত্ৰগ্ৰহণ কৰিলোঁ৷

পুঁজি কেনেকৈ গোটালে৷ কিমান টকাৰ বাজেট আছিল?

আমি যি কেইজনে চিনেমাখনৰ বাবে উদ্যোগ লৈছিলোঁ, প্ৰথম খৰচৰ প্ৰায়ভাগ সেইকেইজনে নিজেই কৰিছোঁ৷ তাৰ পাছত আমি পৰৱৰ্তী পৰ্যায়ত ক্ৰাউড ফাণ্ডিঙৰ উপায় অৱলম্বন কৰিলোঁ৷ তাৰ বাবে ছচিয়েল মিডিয়াৰ সহায় ল’লোঁ৷ মুঠ ৬ লাখ টকাৰে আমি চিনেমাখন সম্পূৰ্ণ কৰিলোঁ৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে আমি চিনেমাখন অনলাইন মাধ্যমত মুক্তি দিছোঁ৷ ইয়াৰ লগতে ডিজিটেল পদ্ধতিত আৰু চিনেমাগৃহত মুক্তি দিও চিনেমাখনৰ ধনখিনি ওভোতাই অনাৰ বাবে চিন্তা কৰি থকা হৈছে৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৱৰ্তী চিনেমাখনৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে৷ এইখন সামাজিক বিষয়ক লৈ নিৰ্মাণ কৰিম৷ চিনেমাখনৰ বাবে মনে মিলা প্ৰযোজকৰ সহায় ল’ম বুলি ভাবিছোঁ৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

এই কামবোৰ দলীয়ভাৱেই কৰি আছোঁ৷ চিনেমাৰ প্ৰতি আগ্ৰহী আৰু বিভিন্ন দিশত জ্ঞান থকা কেইজনমানে মিলি কামবোৰ কৰি আছোঁ৷

চিনেমাখনৰ বিতৰণ কেনেকৈ কৰিব?

Ratan Shil Sharma

ৰতন শীল শৰ্মা

পূৰ্বতে ক’লোঁৱেই চিনেমাখন অনলাইন পদ্ধতিত ইতিমধ্যে মুক্তি দিয়া হৈছে৷ পৰৱৰ্তী পৰ্যায়ত ডিজিটেল পদ্ধতিত বিতৰণ আৰু চিনেমাগৃহত প্ৰদৰ্শন কৰাৰ বাবেও আমি চিন্তা কৰিছোঁ৷

আপোনাৰ অন্যান্য পেচা?

পেচাত মই এজন চিনেমা সম্পাদক৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

শেহতীয়াকৈ ‘খেল’ নামৰ অসমীয়া চিনেমাখন চালোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

আমাৰ চিনেমাবোৰত বহু দোষ-ত্ৰুটি আছে৷ যাৰ বাবে ৰাইজে আদৰি লোৱা নাই৷ চিনেমাবোৰৰ বিষয়বস্তু ভাল আৰু মনোগ্ৰাহী হ’ব লাগিব৷ চিনেমা চাই দৰ্শকে যি আনন্দ আৰু মনোৰঞ্জন পাব লাগিছিল, সেয়া পোৱা নাই৷ যাৰ বাবে আমাৰ চিনেমা উদ্যোগলৈ বেয়া অৱস্থা আহিছে৷ লগতে অন্যান্য বিভিন্ন কাৰকো অৱশ্যে আছে৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…