Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

ৰীমা দাস : অন্তৰ্দৃষ্টি

 

‘অন্তৰ্দৃষ্টি’ -পৰিচালক ৰীমা দাসে প্ৰযোজনা তথা চিত্ৰনাট্য ৰচনা কৰা এই চিনেমাখনৰ ২০১৬ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়৷ পৰিচালকগৰাকীৰ এয়া প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা৷ প্ৰথমখন চিনেমাই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰিমিয়াৰ হোৱা ৰীমা দাসৰ চুটি চিনেমা ‘প্ৰথা’ ২০০৯-ত চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ বাছনি হৈছিল৷ চিনেমাখনত পৰিচালক তথা চিত্ৰনাট্যকাৰে বৰ্ণনা কৰিছে এগৰাকী বৃদ্ধই নিজৰ জীৱনটোক পুনৰ যুকিয়াই চোৱাৰ কাহিনী৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

মই অভিনয়ৰ লগত জড়িত হোৱাৰ হেঁপাহেৰে মুম্বাইলৈ আহিছিলোঁ৷ সৰুৰে পৰা নিজক অভিনয় শিল্পী হিচাপে চোৱাৰ হেঁপাহ আছিল৷ পৰিচালনাৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে চিনেমা সন্দৰ্ভত কোনো ধৰণৰ দিহা-পৰামৰ্শ পোৱা নাছিলোঁ৷ ভাল চিনেমা চোৱাৰ সুযোগো পোৱা নাছিলোঁ৷ কিন্তু মুম্বাইলৈ অহাৰ পাছত মোৰ বাবে এখন নতুন দুৱাৰ মুকলি হ’ল৷ ইয়াতেই মই বিশ্বৰ বিখ্যাত চিনেমাবোৰ চোৱাৰ সুযোগ পালোঁ৷ এই চিনেমাবোৰ চোৱাৰ পাছতেই মই চিনেমা নিৰ্মাণৰ প্ৰতি আকৃষ্ট হ’লোঁ৷ নতুন সম্পৰীক্ষাৰে নিৰ্মাণ কৰিলোঁ ‘প্ৰথা’ নামেৰে এখন চুটি ছবি৷ এনেদৰেই মোৰ চিনেমা নিৰ্মাণৰ কেৰিয়াৰ আৰম্ভ হ’ল৷ বৰ্তমান মই এইক্ষেত্ৰখনত ১০০ শতাংশই জড়িত হৈ আছোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?

মানুহৰ জীৱনলৈ কিছুমান বিপদ নিজে নিজে আহে আৰু আন কিছুমান মানুহে নিজে চপাই লয়৷ এই ধাৰণাটোক ভিত্তি কৰিয়েই ‘অন্তৰ্দৃষ্টি’ৰ চিত্ৰনাট্য ৰচনাৰ কাম আৰম্ভ কৰিছিলোঁ৷ সেই সময়ত মই ডিজিটেল চিনেমা নিৰ্মাণৰ পদ্ধতিবোৰৰ বিষয়েও অধ্যয়ন কৰি আছিলোঁ৷ নিজেও এটা কেননৰ ফাইফ ডি মাৰ্ক টু কেমেৰা কিনি বিভিন্ন পৰীক্ষা-নিৰীক্ষাও চলাইছিলোঁ৷ ইয়াৰ পাছত ‘অন্তৰ্দৃষ্টি’ৰ চিত্ৰগ্ৰহণো মই এই কেমেৰাটোৰেই সম্পন্ন কৰোঁ৷ চিনেমাখনৰ চিত্ৰগ্ৰহণ মোৰ গৃহ ঠাই ছয়গাঁওৰ কালদিয়াত কৰিছোঁ৷

পুঁজি কেনেকৈ গোটালে৷ কিমান টকাৰ বাজেট আছিল?

চিনেমাখন মোৰ জমা ধন আৰু পৰিয়ালৰ লোকৰ আৰ্থিক সহযোগত নিৰ্মাণ কৰিছোঁ৷ সম্পূৰ্ণ চিনেমাখনত ৩০ লাখ টকা ব্যয় হৈছে৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিম সেই বিষয়ে প্ৰথমাৱস্থাত একো চিন্তা কৰা নাছিলোঁ৷ কিন্তু এতিয়া ইণ্ডিয়ান পেনোৰামা আৰু বিভিন্ন মহোৎসৱলৈ চিনেমাখন প্ৰেৰণ কৰিম বুলি ভাবিছোঁ৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৱৰ্তী চিনেমাখন শিশুক লৈ নিৰ্মাণ কৰিম৷ নাম হ’ব ‘ভিলেজ ৰকষ্টাৰ’৷ এই চিনেমাখনো সম্পূৰ্ণ নিজা খৰচেৰেই কৰিম৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

ক’বলৈ গ’লে সম্পূৰ্ণ একক প্ৰচেষ্টাৰেই চিনেমা নিৰ্মাণৰ কামবোৰ কৰি আছোঁ৷

চিনেমাখনৰ বিতৰণ কেনেকৈ কৰিব?

মহোৎসৱবোৰলৈ পঠিয়াম৷ লগতে অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনৰ বাবে চিন্তা কৰিছোঁ৷

আপোনাৰ অন্যান্য পেচা?

মোৰ অন্যান্য পেচা নাই৷ চিনেমা নিৰ্মাণেই মোৰ পেচা৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

চিত্ৰগৃহলৈ গৈ অসমীয়া চিনেমা শেহতীয়াকৈ এখনো চোৱা নাই৷ কিন্তু ‘বকুল’ চিনেমাখনৰ প্ৰদৰ্শন চালোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমীয়া চিনেমা কিয় নচলে এই বিষয়ত ঘপহকৈ মন্তব্য কৰাটো টান৷ চিনেমা দুই প্ৰকাৰৰ আছে -এবিধ ফৰ্মূলা চিনেমা, আনবিধ নন-ফৰ্মূলা চিনেমা৷ অসমত দুয়োবিধ চিনেমাই নচলে৷ সেয়েহে কথাটো অত্যন্ত জটিল৷ এই বিষয়ত অধ্যয়নৰ প্ৰয়োজনীয়তা আছে৷

reema-das

ৰীমা দাস

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…