Menu

প্ৰথম চিনেমাৰে ৯জন পৰিচালকে সলাইছে অসমীয়া চিনেমাৰ ৰেহ-ৰূপ

নগৰাকী নতুন পৰিচালক৷ নখন চিনেমা৷ ব্যতিক্ৰমী আৰু মনোগ্ৰাহী চিন্তন৷ প্ৰতিকূলতাৰ মাজতো যি অসমৰ চিনেমা জগতলৈ আনিছে উজ্জ্বল সম্ভাৱনাৰ বতৰা৷ পৰিচালকৰ প্ৰথম খোজ হিচাপে চিনেমাকেইখন কেৱল সংবাদ মাধ্যমৰ বাতৰিয়ে হোৱা নাই, ব্যতিক্ৰমী চিনেমা চাবলৈ উদ্বুদ্ধ কৰিছে নতুনচাম দৰ্শকক৷ অসমীয়া চিনেমাত নতুন বাটৰ স্ৰষ্টা এই নগৰাকী পৰিচালকৰ সৈতেজীৱনৰ আছুতীয়া সাক্ষাৎকাৰ৷ 

 

সূৰজ দুৱৰা : অৰং

‘অৰং’ -পেছাত চিত্ৰগ্ৰহণকাৰী সূৰজ দুৱৰাৰ এয়া পৰিচালক হিচাপে প্ৰথম খোজ৷ ৰাভা ভাষাত নিৰ্মিত ‘অৰং’এ এইবেলি লাভ কৰিছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা, লগতে ২০১৫ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাও৷ শিশু শ্ৰমিকৰ সমস্যাক লৈ নিৰ্মাণ কৰা চিনেমাখনে চিত্ৰমোদীৰ সমাদৰ পাবলৈও সক্ষম হৈছে৷ বিভিন্ন বঁটা লাভৰ উপৰি ‘অৰং’ ২০১৫ বৰ্ষত হেবিটেট ফিল্ম ফেষ্টিভেল, ক’লকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈও মনোনীত হৈছে৷

আপুনি কিয় আৰু কেনেকৈ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিল? এয়াই আপোনাৰ কেৰিয়াৰনে?

চিনেমাৰ প্ৰতি আগ্ৰহ সৰুৰে পৰাই আছিল৷ সেই সূত্ৰে চিত্ৰগ্ৰহণৰ প্ৰশিক্ষণো লৈছিলোঁ৷ কেইবাখনো চিনেমাৰ চিত্ৰগ্ৰহণৰ সৈতে জড়িত হ’লোঁ৷ এয়াই মোৰ কেৰিয়াৰ হৈ পৰিল৷ বিভিন্ন চিনেমা তথা তথ্যচিত্ৰৰ কাম কৰাৰ পাছত লাহে লাহে নিজে চিনেমা এখন নিৰ্মাণ কৰাৰ হেঁপাহ জাগিছিল৷ এনেকৈয়ে পৰিচালনাৰ পৃথিৱীত খোজ দিলোঁ৷

আপুনি এই বিষয়টোক লৈ কিয় আৰু কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিলে?        

‘অৰং’ চিনেমাখনৰ কাহিনীটো আছিল কাৰ্বি আংলঙৰ৷ কেইবছৰমান আগেয়ে কাহিনীটো শুনিছিলোঁ৷ চিনেমাখনত দেখুওৱাৰ দৰেই প্ৰকৃত কাহিনীটোও শিশুকেন্দ্ৰিক আছিল৷ চিনেমাখনৰ চিত্ৰনাট্য ৰচনাৰ বাবে যেতিয়া গৱেষণাৰ কাম আৰম্ভ কৰিলোঁ, তেতিয়া আৰু বহু কথাই জানিব পাৰিলোঁ৷ এই কথাবোৰেই চিনেমাখনৰ চিত্ৰনাট্যক সমৃদ্ধ কৰিছে৷

পুঁজি কেনেকৈ গোটালে? কিমান টকাৰ বাজেট আছিল?

চিনেমাখনৰ বাবে খৰচ হোৱা ধন নিজৰ সাঁচতীয়া পুঁজিৰ পৰাই খৰচ কৰিছিলোঁ৷ সৰ্বমুঠ প্ৰায় ২৫ লাখ টকা খৰচ হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত ৰাজীৱ কলিতাই মোক প্ৰযোজনাত সহায় কৰিলে৷

খৰচ হোৱা ধন কেনেকৈ ওভোতাই আনিব?

খৰচ হোৱা ধন ওভোতাই অনাৰ বাবে আমি বিভিন্ন ঠাইত প্ৰৰ্দশনীৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ৷ ইতিমধ্যে গোৱালপাৰাত প্ৰদৰ্শনী অনুষ্ঠিত হৈ গৈছে, তাৰ পৰা কিছু ধন ওভোতাই পাইছোঁ৷ পুৰস্কাৰ হিচাপেও কিছু টকা পাইছোঁ৷ এতিয়ালৈকে প্ৰায় ৪-৫ লাখ টকা ঘূৰি আহিছে৷

আপোনাৰ পৰৱৰ্তী চিনেমাখনৰ বিষয়ে ক’ব নেকি? এইখনৰ বাবে পুঁজি কেনেকৈ গোটাব?

পৰৰ্ৱতী চিনেমাখনৰ বাবে চিত্ৰনাট্য ৰচনাৰ কাম কৰি আছোঁ৷ এইখন ‘অৰং’ৰ ছিকুৱেল হিচাপে নিৰ্মাণ কৰিম৷ ‘অৰং’ৰ পৰা উভতি অহা ধন পৰৱৰ্তী চিনেমাখনৰ মূল পুঁজি হিচাপে ব্যৱহাৰ কৰিম৷

এই কামবোৰ অকলে কৰি আছে নে গোট হিচাপে কৰি আছে?

কামবোৰ সম্পূৰ্ণ দল হিচাপে কৰি আছোঁ বুলি ক’ম৷ কাৰণ ‘অৰং’ নিৰ্মাণৰ বাবদ যি খৰচ হৈছে তাৰ ভিতৰত কলা-কুশলীৰ মাননি অন্তৰ্ভুক্ত হোৱা নাই৷ সকলোৱে মোক বিভিন্ন ধৰণে সহায় কৰিছে৷ অভিনয় শিল্পীসকলো সম্পূৰ্ণ অপেচাদাৰী আছিল৷ আনকি চিনেমাখনৰ য’ত চিত্ৰগ্ৰহণ কৰিছিলোঁ, গোৱালপাৰাৰ বৰদামূল গাঁৱত, তাৰ ৰাইজেও মোক যথেষ্ট সহযোগ কৰিছিল৷ সকলোৰে ওচৰত মই কৃতজ্ঞ৷

চিনেমাখনৰ বিতৰণ কেনেকৈ কৰিব?

চিনেমাখন নিজাকৈয়ে বিভিন্ন ঠাইত প্ৰদৰ্শন কৰোৱাম৷

সূৰজ দুৱৰা

আপোনাৰ অন্যান্য পেচা?

পেচাত মই এগৰাকী চিত্ৰগ্ৰহণকাৰী৷

আপুনি শেষবাৰৰ বাবে কোনখন অসমীয়া চিনেমা চিত্ৰগৃহত গৈ চাইছিল?

একেবাৰে শেহতীয়াকৈ মই ‘লাভ ইন টাৱাং’ নামৰ চিনেমাখন চিত্ৰগৃহত গৈ চাইছোঁ৷

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ কাৰণ আপোনাৰ মতে কি?

অসমীয়া চিনেমা চিত্ৰগৃহত নচলাৰ বিভিন্ন কাৰণ আছে -আন্ত:গাঁথনিৰ অভাৱ, দৰ্শকৰ অনীহা ইত্যাদি৷ কিন্তু সৰ্বোপৰি মানুহৰ বৰ্তমান ৰসাস্বাদনৰ মান সলনি হৈছে৷ যাৰ লগত তাল মিলাব পাৰিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰবোৰে৷ আকৌ এতিয়া ঘৰত বহিয়েই বিভিন্ন মাধ্যমৰ পৰা মানুহে মনোৰঞ্জন পাব পাৰে৷ সেয়েহে নানা প্ৰত্যাহ্বান আহি পৰিছে৷

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…